Logo
image

তিতা কেৰেলাৰ সৈতে এইবোৰ নাখাব

 নিয়মিতভাৱে তিতা কেৰেলা খালে স্বাস্থ্যৰ বাবে ভাল যদিও কিছুমান বস্তুৰ লগত তিতা কেৰেলা খাব নালাগে৷ 

কেৰেলা আৰু আম একেলগে খাব নালাগে

কেৰেলা আৰু আম দুয়োটাৰে সোৱাদ বেলেগ৷ তিতা আৰু আম একেলগে খালে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ ইয়াৰ ফলত এচিডিটি, বদ হজম, বমি আদি হ’ব পাৰে৷ 

তিতা আৰু মূলা 

কেৰেলা আৰু মূলা একেলগে খাব নালাগে৷ দুয়োটা একে সময়তে খালে পেটৰ বিষৰ লগতে কোষ্ঠকাঠিন্য, ডায়েৰিয়া, পেটৰ বিষ আদিত আক্ৰান্ত হ’ব পাৰে৷ 

তিতা আৰু দৈ 

তিতা আৰু দৈ একেলগে খালে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ তিতা আৰু দৈ দুয়োবিধেই হজম হ’বলৈ সময় লাগে৷ একেলগে এই দুইবিধ খালে পেটৰ বিষ, কোষ্ঠকাঠিন্য, ডায়েৰিয়া, আদি সমস্যা হ’ব পাৰে৷ সেয়েহে তিতা কেৰেলাৰ সৈতে এইকেইটা বস্তু এৰাই চলিব লাগে৷