Logo
image

অসমৰ ৫খনকৈ ছবি ইণ্ডিয়ান পেনোৰামালৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ নৱমীৰ দিনাই কেন্দ্ৰীয় চৰকাৰৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰণালয়ে ঘোষণা কৰিলে ৫৪সংখ্যক আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্ছিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ইণ্ডিয়ান পেনোৰামাৰ চলচ্ছিত্ৰ-তথ্যচিত্ৰৰ নাম৷ ৰাজ্যৰ সাংস্কৃতিক জগতখন জীপাল কৰি ৪খনকৈ অসমীয়া ভাষাৰ অ-কাহিনী ছবি [তথ্যচিত্ৰ]সহ অসমৰ মুঠ পাঁচজন পৰিচালকৰ তথ্যচিত্ৰই [অ-কাহিনী ছবি] ইণ্ডিয়ান  পেনোৰামাত স্থান লাভ কৰে৷ কাহিনী ছবি বা মূল চলচ্ছিত্ৰ শিতানত যোৱাবাৰৰ দৰে এইবাৰো কোনো অসমীয়া চলচ্ছিত্ৰই স্থান লাভ নকৰিলেও মৃদুল গুপ্তাৰ কাৰ্বি ভাষাৰ ছবি ‘মীৰবিনে’ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ চলচ্ছিত্ৰ হিচাপে ইণ্ডিয়ান পেনোৰামাত স্থান লাভ কৰে৷ আনহাতে, তথ্যচিত্ৰ শিতানত স্থান লাভ কৰা উত্তৰ-পূবৰ ৬খন ছবিৰ ৪খনেই অসমীয়া ভাষাৰ তথ্যচিত্ৰ৷ সেইকেইখন হ’ল ক্ৰমে– উৎপল বৰপূজাৰী পৰিচালিত তথ্যচিত্ৰ ‘বৰুৱাৰ সংসাৰ’, কেশৰজ্যোতি দাসৰ পৰিচালিত তথ্যচিত্ৰ ‘কথাবৰ’, পাৰ্থ সাৰথি মহন্তৰ দ্বাৰা পৰিচালিত তথ্যচিত্ৰ ‘লাচিত [দ্যা ৱাৰিঅ’ৰ]’ আৰু এডমাউণ্ড ৰেচমেৰ দ্বাৰা পৰিচালিত তথ্যচিত্ৰ ‘লাইফ ইন লুম’৷ উল্লেখ্য, ‘লাইফ ইন লুম’ চলচ্ছিত্ৰখন অসমীয়াৰ লগতে তামিল, বাংলা, ইংৰাজী আৰু হিন্দী ভাষাতো প্ৰস্তুত কৰা হৈছে৷ আনহাতে, অসমৰ শিল্পীকা বৰদলৈয়ে মিজো ভাষাত পৰিচালনা কৰা আন এখন তথ্যচিত্ৰও ইণ্ডিয়ান পেনোৰামাৰ বাবে নিৰ্বাচিত হয়৷ সেই হিচাপে অসমৰ মুঠ ৫জন পৰিচালকৰ তথ্যচিত্ৰই ইণ্ডিয়ান পেনোৰামাত স্থান লাভ কৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে উৎপল বৰপূজাৰী পৰিচালিত তথ্যচিত্ৰ ‘বৰুৱাৰ সংসাৰ’ৰ প্ৰযোজনা কৰিছে বিশিষ্ট নাট্যকৰ্মী, অভিনেতা-পৰিচালক নয়ন প্ৰসাদৰ লগতে দীপজ্যোতি চহৰীয়া আৰু কামিনী ফুকনে৷ এইবাৰ ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত হৈছে আইপিএছ বিষয়া, কবি, লেখক ড॰ পাৰ্থসাৰথি মহন্তৰ মহাবীৰ লাচিত বৰফুকনৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ ‘লাচিত [দ্য ৱাৰিঅ’ৰ]’৷ ড॰ মহন্তৰ এই তথ্যচিত্ৰখনে ইতিমধ্যে ৰাষ্ট্ৰ জুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ এই সন্দৰ্ভত ড॰ মহন্তই কয়– ‘ইণ্ডিয়ান পেনোৰামালৈ এইবাৰ অসমৰ কেইবাখনো তথ্যচিত্ৰ নিৰ্বাচিত হোৱাটো নিঃসন্দেহে গৌৰৱৰ বিষয়৷ মহাবীৰ লাচিতক অসমৰ বাহিৰত বহুতেই নাজানে৷ আনকি অসমৰো বহুতে লাচিতৰ বিষয়ে ভালকৈ নাজানে৷ লাচিতে কেৱল এখন যুদ্ধই কৰা নাছিল৷ মহাপুৰুষ শংকৰদেৱে যেনেকৈ আমাক এটা আধ্যাত্মিক সত্তা দিলে, তেনেকৈ লাচিত বৰফুকনে আমাক দিলে এটা ৰাজনৈতিক সত্তা– অসমীয়া জাতীয় সত্তা৷ ‘লাচিত [দ্য ৱাৰিঅ’ৰ]’ৰ সমগ্ৰ দলটোলৈ মই আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ৷’ উল্লেখ্য, অহা ২০ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্ছিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰসমূহ প্ৰদৰ্শিত হ’ব৷ সমগ্ৰ দেশৰ চিনেমা জগতৰ বিশিষ্ট ব্যক্তিৰে গঠিত জুৰী ব’ৰ্ডে সংশ্লিষ্ট চলচ্ছিত্ৰ তথা তথ্যচিত্ৰসমূহক নিৰ্বাচিত কৰিছে৷ কাৰ্যতঃ গোৱাৰ চলচ্ছিত্ৰ মহোৎসৱত ছবিসমূহ প্ৰদৰ্শিত হোৱাৰ পাছতে বিশ্বমুখী যাত্ৰাৰ বাট মুকলি হ’ব৷