Logo
image

প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী গুৰুতৰ অসুস্থ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৬ অক্টোবৰঃ প্ৰবীণ কংগ্ৰেছ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ আমোলত কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্বত থকা শৰৎ বৰকটকী সম্প্ৰতি বিভিন্ন জটিল ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে৷ আনহাতে ৰাজ্যৰ এসময়ৰ প্ৰাক্তন মন্ত্ৰী আৰু প্ৰভাৱশালী ৰাজনীতিক গৰাকী চিকিৎসাধীন হৈ থকা বিষয়টোৱে শাসক বিৰোধী উভয়কে উদ্বিগ্ন কৰি তুলিছে৷ মঙলবাৰে নিশা ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজতো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জি এমচিএইছত গৈ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁক চিকিৎসা প্ৰদান কৰা চিকিৎসক আৰু পৰিয়ালৰ লোকৰ সৈতে মত বিনিময় কৰে৷ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ বাহিৰলৈ ওলাই অহাৰ পাছত উপস্থিত সাংবাদিকৰ সৈতে হোৱা চমু বাৰ্তালাপত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়–আজি শৰৎ বৰকটকী ডাঙৰীয়াৰ স্বাস্থ্যৰ অবনতি হোৱা বিষয়টোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে৷ মই তেওঁৰ চিকিৎসাৰ ব্যৱস্থাটো তদাৰক কৰাৰ লগতে চিকিৎসা প্ৰদান কৰি থকা চিকিৎসক সকলৰ সৈতেও অহৰহ যোগাযোগ ৰাখিছো৷ তেওঁৰ পৰিয়ালৰ লোকে মোক জনোৱা অনুসৰি কিছুদিন পূৰ্বে দিল্লীৰ সমীপৰ গুৰগাঁৱত মেডান্ত মেডিছিটিত ব্ৰেইন ষ্টোক হোৱা বাবে এটা অস্ত্ৰোপচাৰ কৰা হৈছিল৷ তাৰ পৰা উভতি অহাৰ পাছত  পুনৰ অসুস্থ হোৱাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি জিএমচি এইচত তেওঁক ভৰ্তি কৰোৱা হয়৷ সম্প্ৰতি তেওঁ মাজে মাজে চেতনা ঘুৰাই পাই আৰু মাজে মাজে অচেতন হৈ যায়৷ চেমি কনচিয়াচ অৱস্থাত থকা বাবে তেওঁৰ কনজাৰভেটিক চিকিৎসা চলি আছে৷ জিএমচি এইচৰ আৰু বাহিৰৰ নিউৰো ছাৰ্জনৰ সৈতে আলোচনা কৰি তেওঁৰ শেহতীয়া স্বাস্থ্য সন্দৰ্ভত তেওঁক অস্ত্ৰোপ্ৰচাৰৰ কৰা মেডান্ত মেডিচিটিৰ চিকিৎসকলৈ ইয়াৰ প্ৰতিবেদন প্ৰেৰণ কৰি পৰামৰ্শলৈ অপেক্ষা কৰা হৈছে৷ মুঠৰ ওপৰত তেওঁৰ চিকিৎসাৰ বিষয়টোত কোনো ধৰণৰ আপোচ কৰা নহ’ব৷ ইফালে হাতীগড়ত পানীৰ প্ৰাইপ ফুটা সন্দৰ্ভত ড॰ হিমন্ত বিশ্ব শৰ্মাই কত পানীৰ পাইপ ফুটা-নুফুটা সন্দৰ্ভত কোনেও গেৰাণ্টি দিব নোৱাৰে৷ কিন্তু পানীৰ পাইপ ফুটাৰ পাছত সংঘটিত দুঘটনা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ দ্বাৰা হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ কম কৰিব পাৰি পৰাহে আলোচনা কৰা হৈছে৷