Logo
image

আজমলে পানী জাৰিছে, ৰাইজৰ হেতা-ওপৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ অক্টোবৰঃ যি সময়ত চন্দ্ৰলৈ ভাৰতে চন্দ্ৰযান প্ৰেৰণ কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে সেই সময়ত অসম মুলুকত বদৰুদ্দিন আজমলৰ জৰাপানী বিচাৰি ভিৰ কৰিছে শ শ পুৰুষ-মহিলাই৷ দক্ষিণ শালমাৰাৰ বন্দীহানাত অনুষ্ঠিত এখন ৰাজহুৱা সভালৈ যোৱা আজমলৰ ওচৰত হৈছে জৰাপানী বিচৰা লোকৰ দীঘলীয়া শাৰী৷ দক্ষিণ শালমাৰা, মানকাচৰৰ পাশ্বৰ্ৱৰ্তী এলেকাৰ পৰা বন্দীহানালৈ সোমবাৰে আকস্মিকভাৱে বৈছে জনতাৰ সোঁত৷ সকলোৰে এটাই বাসনা– আজমলৰ জৰাপানী লৈ নিজৰ অভিষ্ঠ সাধন কৰা৷ উল্লেখ্য, অনুৰাগীৰ ভিৰ দেখি আজমলে জাৰিছে পানী৷ জৰাপানীৰ বাবে লাগিছে ৰাইজৰ হেতা-ওপৰা৷ দক্ষিণ শালমাৰাৰ বন্দীহানাত অনুষ্ঠিত এখন দলীয় সভাত উপস্থিত আছিল বদৰুদ্দিন আজমল৷ আজমল সভাখনলৈ অহাৰ খবৰ বিয়পি পৰাৰ পাছতে তেওঁৰ জৰা পানী ল’বলৈ ভিৰ কৰে অগনন পুৰুষ-মহিলাই৷ আজমলৰ জৰা পানী ল’বলৈ কোনোবা যদি আহিছে হাতত পানীৰ বটল লৈ আন কোনোৱে আনিছে পানীৰ জাৰ, মগ, ঘটি আদি৷ সভা চলি থকাৰ সময়তে আজমলে জৰা ফুকা কৰি দিছে বটল, জাৰ, মগ, ঘটিত অনা পানী৷

‘আমাৰ অসম’ৰ দঃ শালমাৰাৰ প্ৰতিবেদকঃ অসমত লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিৰ দলৰ তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে৷ সোমবাৰে বন্দীহানাত অনুষ্ঠিত হয় এ আই ইউ ডি এফ দলৰ এখন কৰ্মী সভা৷ তেনেধৰণৰ প্ৰচাৰ নকৰাকৈ অনুষ্ঠিত হয় এই সভাখন৷ তথাপিও অগণন ৰাইজ সভাখনত উপস্থিত হোৱা দেখা যায়৷ সভাখনত শ শ পুৰষ মহিলাই হাতে-হাতে পানীৰ বটল লৈ সভাস্থলীত ভিৰ কৰা দেখা যায়৷ আনকি আজমলৰ সম্মুখত শাৰী শাৰী পানীৰ বটল৷ আজমলে ফুক দিয়া পানী খালেই দুৰাৰোগ্য বেমাৰ তথা বিভিন্ন অসুভ শক্তিৰ বিনাশ ঘটিব বুলি একাংশই বিশ্বাস কৰে৷ যাৰ বাবেই হয়তো পানীজৰা লোৱাৰ বাবে আজমলৰ ওচৰত মানুহৰ ভিৰ৷ আধুনিক চিকিৎসাৰ যুগত আজমলেও অসমত বহু শিক্ষা প্ৰতিষ্ঠানৰ লগতে আজমল ছুপাৰ ৪০ মুকলি কৰি প্ৰতি বছৰে শ শ ছাত্ৰ ছাত্ৰীক চিকিৎসক হিচাপে গঢ়ি তুলিছে, সেই সময়তে চৰাঞ্চলৰ বহু লোকে পানী পঢ়া সেৱন কৰি ৰোগ মুক্তিৰ চেষ্টা কৰাত সচেতন মহলে ইয়াক লৈ তীব্ৰ সমালোচনা কৰাও দেখা গৈছে৷