Logo
image

এইবোৰ বদঅভ্যাসে ব্ৰেইন ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে

বৰ্তমান সময়ত মানুহৰ জীৱনত ব্ৰেইন ষ্ট্ৰোকৰ প্ৰৱণতা দিনকদিনে বৃদ্ধি পাইছে৷ নিজৰ ভুলৰ কাৰণেই বহু সময়ত ব্ৰেইন ষ্ট্ৰোকৰ দৰে ভয়ংকৰ বিপদ আহে৷ মানুহৰ নিজৰ ভুলৰ কাৰণে মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ আহকচোন কোনবোৰ বদঅভ্যাস ত্যাগ কৰি জীৱন পৱিৰ্তন কৰিব লাগে তাৰে গ’ম লও৷

ব্ৰেইন ষ্ট্ৰোকৰ আশংকাৰ কাৰণঃ ব্ৰেইন ষ্ট্ৰোক এটি বিপজ্জনক স্বাস্থ্যজনিত আশংকা যি কেতিয়া জীৱনলৈ বিপদ মাতি আনে তাৰ সঠিক নাই৷ বিখ্যাত নিউৰ’চাৰ্জন ডাঃ গৌৰৱ বাঞ্চালৰ মতে কোনো কোনো বিষয়ত আমি সতৰ্ক হৈ থাকিব লাগে৷ খাদ্য প্ৰণালীৰ পৰা ধৰি জীৱনধাৰাৰ অভ্যাসৰ কাৰণে মানুহে ব্ৰেইন ষ্ট্ৰোকক আমন্ত্ৰণ জনায়৷ ব্ৰেইন ষ্ট্ৰোকৰ কাৰণ– 

ধুমপানঃ ধূমপান ব্ৰেইন ষ্ট্ৰোকৰ অন্যতম প্ৰধান কাৰণ৷ ইয়াৰ কাৰণে ৰক্তনলী সৰু আৰু শক্তিহীন হৈ যায়৷ যাৰ ফলত ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি হয়৷ ধূমপানৰ দৰে বদঅভ্যাস থাকিলে মানুহে  শীঘ্ৰে চিগাৰেট, বিড়ি, হোকা, গাঞ্জা আদি ত্যাগ কৰা উচিত৷

এলকহল সেৱনঃ যি অতিৰিক্তভাৱে এলকহল পান কৰে তেওঁৰ ৰক্তচাপ উল্লেখনীয়ভাৱে বৃদ্ধি পায় আৰু হৃদস্পন্দন অনিয়মীয়া হয়৷ ইয়াৰ কাৰণে ব্ৰেইন ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পায়৷ সেয়ে এলকহলৰ আসক্তি ত্যাগ কৰা উচিত৷ 

ব্যায়ামৰ অভাৱঃ ব্যায়াম বা শৰীৰচৰ্চা নকৰি আৰামত বহি থকাসকলৰ  ষ্ট্ৰোকৰ আশংকা বৃদ্ধি হোৱা দেখা যায়৷ ব্যায়াম নকৰাৰ ফলত ওজন বাঢ়ি যায়, ৰক্তচাপ বাঢ়ি যায়৷ ফলত ব্ৰেইন ষ্ট্ৰোকৰ মাত্ৰা বৃদ্ধি পায়৷

মানসিক চাপঃ  অতিৰিক্ত মানসিক চাপৰ ফলত উচ্ছ ৰক্তচাপ সৃষ্টি হয় আৰু ষ্ট্ৰোকৰ মাত্ৰা বৃদ্ধি পায়৷ সেয়ে যিমান পাৰে মানসিক চাপৰ পৰা নিজকে মুক্ত কৰি ৰাখক৷ 

টোপনিৰ অভাবঃ টোপনিৰ অভাৱত শৰীৰত নেতিবাচক প্ৰভাৱ পৰে৷ যাৰ বাবে ষ্ট্ৰোকৰ আশংকা দেখা যায়৷ এজন সুস্থ প্ৰাপ্ত বয়স্কৰ ব্যক্তিয়ে প্ৰতিদিনে ৭-৯ঘণ্টা শুব লাগে৷