Logo
image

মুখ্যমন্ত্ৰী হিমন্তবিশ্বক নিৰ্বাচন আয়োগৰ শ্ব’কজ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ অক্টোবৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাত জাননী জাৰি কৰিছে দেশৰ নিৰ্বাচন আয়োগে৷ ছত্তীশগড়ত এখন জনসভাত সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে আয়োগে৷ ছত্তীশগড়ৰ কোৱাৰ্দ্ধাত ১৮ অক্টোবৰত এখন জনসভাত মুছলমান সন্দৰ্ভত অপমানসূচক মন্তব্য কৰাৰ উপৰি মহম্মদ আকবৰক অপমানিত কৰি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী  শৰ্মাই৷ এই সন্দৰ্ভত কংগ্ৰেছে দাখিল কৰা অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰী শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাই ছত্তীশগড়ৰ জনসভাত কৈছিল এজন আকবৰ আহিলে আৰু শ শ আকবৰ লৈ আহে৷ এই আকবৰক যিমান পাৰি সিমান সোনকালে দেশৰ পৰা বিদায় দিব লাগে৷ অন্যথা মাতৃ কৌশল্যাৰ ভূমি অপবিত্ৰ হৈ পৰিব৷ নিৰ্বাচনী সভাত এনেধৰণৰ মন্তব্যৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধিও উলংঘা কৰা বুলি নিৰ্বাচন আয়োগে জাননীখনত উল্লেখ কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে নিৰ্বাচন আচৰণ বিধি উলংঘা কৰা কাৰণে কিয় বিহীত ব্যৱস্থা গ্ৰহণ কৰা নহ’ব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে৷ ইফালে, ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অবাঞ্ছিত মন্তব্য কৰাৰ বাবে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীলৈও কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে দেশৰ নিৰ্বাচন আয়োগে৷