Logo
image

অখিলে নেখেলে, জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীক বিৰোধী মঞ্চৰ টিকট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ অক্টোবৰঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে৷ কাজেই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ বৃহস্পতিবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাত গ্ৰহণ কৰা হয় উক্ত সিদ্ধান্ত৷ বিজেপিক পৰাভূত কৰাৰ লক্ষ্য লৈ আঞ্চলিক দলটোৱে লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ১২ দলীয় বিৰোধী ৰাজনৈতিক ঐক্যমঞ্চলৈ প্ৰেৰণ কৰা প্ৰস্তাৱত কোৱা হয়– ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনটো দেশৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ জটিল আৰু স্পৰ্শকাতৰ নিৰ্বাচন৷ এই নিৰ্বাচনে আমাৰ দেশৰ গণতন্ত্ৰ, দেশৰ সংবিধান, দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু দেশৰ সম্পদ তথা বজাৰৰ অধিকাৰ দেশবাসীৰ হৈ থাকিবনে নাই এই মৌলিক বিষয়সমূহ নিৰ্ণয় কৰিব৷ ২০২৪ চনৰ এই সাধাৰণ  নিৰ্বাচনত বিজেপি দল পুনৰবাৰ ক্ষমতাসীন হ’লে আমাৰ দেশখন একনায়কত্ববাদী আৰু ধৰ্মীয় মৌলবাদী ৰাষ্ট্ৰলৈ পৰ্যৱসিত হোৱাৰ প্ৰৱল আশংকা থাকিব৷ এনেস্থলত সকলো গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু দেশৰ বিচিত্ৰতাৰ মাজত ঐক্যত বিশ্বাসী ৰাজনৈতিক দলে আগন্তুক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনটোত সৰ্বোচ্ছ ত্যাগ কৰি হ’লেও বিজেপি নেতৃত্বাধীন চৰকাৰখনক ক্ষমতাচ্যুৎ কৰাটো সময়ৰ আহ্বান বুলি গণ্য কৰিব লাগিব৷ সেয়েহে  ২৫ অক্টোবৰত ৰাইজৰ দলৰ কৰ্ণধাৰ সভাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে যে আগন্তুক ২০২৪ চনৰ ভাৰতবৰ্ষৰ সাধাৰণ নিৰ্বাচনত ৰাইজৰ দলে অসমৰ কোনো এটা সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰা বিৰত থাকি অসমৰ ১৪খন লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া অসমৰ ১২ দলীয় বিৰোধী ঐখ্যমঞ্চৰ প্ৰাৰ্থীৰ বিজয় সু-নিশ্চিত কৰিবলৈ সৰ্বতোপ্ৰকাৰে জঁপিয়াই পৰিব৷ ৰাইজৰ দলৰ এই সিদ্ধান্তই অসমৰ বিজেপিবিৰোধী ৰাজনৈতিক দলসমূহক দলীয় স্বাৰ্থৰ উধবৰ্ত গৈ ঐক্যবদ্ধভাৱে দেশ, জাতি আৰু জনগণৰ হকে সৰ্বোচ্ছ ত্যাগৰ বাবে উদ্বুদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে৷’ বৃহস্পতিবাৰে গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত ১২ দলীয় বিৰোধী ঐক্যমঞ্চত কাৰ্বি আংলঙৰ এটা আঞ্চলিক দল আৰু শিৱসেনা অসম শাখায়ো যোগদান কৰে৷ বৈঠকত বিৰোধী ঐক্যমঞ্চৰ অধীনৰ কোনো দলৰে আসন বুজাবুজিক লৈ আপত্তি নাই বুলি মত প্ৰকাশ কৰাৰ উপৰি বিজয়ৰ সম্ভাৱনা থকা দলক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই সন্দৰ্ভত নৱেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত সবিশেষ আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ বৃহস্পতিবাৰে গুৰুত্বপূৰ্ণ সভাত ২০২৪ চনৰ লোকসভা নিৰ্বাচন জয় হোৱাৰ লক্ষ্য আগত ৰাখি ১৩ ৰাজনৈতিক দল উমৈহতীয়া ন্য়ূনতম কাৰ্যসূচীৰ জৰিয়তে আগবাঢ়ি যোৱাৰ উপৰি বিজেপিৰ বিৰুদ্ধে এখন অভিযোগনামা প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ গুৱাহাটীৰ এখন হোটেলত বৃহস্পতিবাৰে অনুষ্ঠিত দীঘলীয়া বৈঠকৰ অন্তত সংবাদমেলত এই কথা সদৰি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ কেউটা দলৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– অসমৰ ১৩টা ৰাজনৈতিক দলৰ উমৈহতীয়া ন্য়ূনতম  কাৰ্যসূচী প্ৰস্তুত কৰিবৰ বাবে এখন খচৰা প্ৰস্তুত কৰিবলৈ আজিৰ সভাই ৰিপুন বৰাক দায়িত্ব অৰ্পণ কৰে৷ বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অসমৰ ৰাইজৰ যিবোৰ অভিযোগ আছে, ভিজন ডকুমেণ্টত উল্লেখ্য কৰাৰ পাছতো চৰকাৰখনে ৰূপায়ন কৰাত ব্যথতাৰ অভিযোগ, বিভিন্ন দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অভিযোগসমূহক লৈ এখন অভিযোগনামা প্ৰস্তুত কৰিবলৈ সভাই সাংসদ অজিত কুমাৰ ভূঞা আৰু কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনক দায়িত্ব প্ৰদান কৰে৷ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া সভাত বিজেপিৰ বিৰুদ্ধে অভিযোগনামাৰ খচৰা প্ৰকাশ কৰিব৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক বিষয়ৰ প্ৰাথমিক কথাবোৰ মুকলিভাৱে আলোচনা কৰা হয়৷ পৰৱৰ্তী সময়ত আৰু আলোচনা কৰাৰ অৱকাশ ওলাইছে৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক বিষয়সমূহ পৰৱৰ্তী সময়ত আগুৱাই নিব পাৰিম বুলি বিশ্বাস হৈছে৷ সংবাদমেলত ভাগ লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়–স্বৈৰতন্ত্ৰী বিজেপিক ৰোধ কৰিবৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিবলৈ আজি ১৩টা ৰাজনৈতিক দলৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে৷ যিটো বিষয়কলৈ সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিবলৈ বিজেপি আৰু তেওঁলোকক এজেণ্টে যিধৰণৰ অপপ্ৰচাৰ চলাইছে তাৰ বিৰুদ্ধে এটা স্পষ্ট সিদ্ধান্ত কৰা হৈছে৷ দলীয় স্বাৰ্থ বা ব্যক্তিগত সকলো স্বাৰ্থৰ উদ্ধৰ্লৈ গৈ আমি সকলোৱে ঐক্যবদ্ধ হৈ যুঁজিম৷ সমগ্ৰ দেশত যিটো সহমত হৈছে সেই সহমতৰ প্ৰতি শ্ৰদ্ধাশীল হৈ গণতন্ত্ৰৰ সুৰক্ষাৰ স্বাৰ্থ, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ আমাৰ শত্ৰু কোন সকলোৱে জানো৷ কোনো ধৰণৰ ষড়যন্ত্ৰই বিৰোধী ঐক্যমঞ্চক বিচলিত কৰিব নোৱাৰে৷ বিজেপিৰ এজন প্ৰাৰ্থীৰ বিৰুদ্ধে বিৰোধীৰ এজন উমৈহতীয়া প্ৰাৰ্থী থাকিব৷ ইয়াৰ বিৰুদ্ধে চলা অপপ্ৰচাৰে আমাক তিলমানো বিচলিত কৰিব নোৱাৰে৷ ১৩ বিৰোধী দলৰ ঐক্যমঞ্চই মিছন মুডত কাম কৰিব৷ ৰাজ্যৰ সকলো প্ৰান্তত বিৰোধী শিবিৰৰ এটাও ভোট যাতে নষ্ট নহয় তাৰ বাবে সকলো ধৰণৰ পৰিকল্পনা কৰিব বিৰোধী ঐক্যমঞ্চই৷ ৩৮ শতাংশ ভোটৰ বিৰুদ্ধে ৬২ শতাংশ ভোট ঐক্যবদ্ধ কৰিবলৈ সকলো পদক্ষেপ ল’বলৈ সাজু বিৰোধী ঐক্য মঞ্চ৷