Logo
image

দ্বিতীয় বিবাহ কৰিবলৈ কৰ্মচাৰীয়ে চৰকাৰৰ অনুমতি ল’ব লাগিব

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ অক্টোবৰঃ দ্বিতীয় বিবাহৰ সপোন দেখা চৰকাৰী কৰ্মচাৰী বাবে এটা বেয়া খবৰ! এতিয়াৰে পৰা ইচ্ছা কৰিলেই পুৰুষ বা মহিলা চৰকাৰী চাকৰিয়ালে দ্বিতীয় বিবাহ কৰোৱাব নোৱাৰিব৷ চৰকাৰী কৰ্মচাৰীয়ে দ্বিতীয় বিবাহৰ বাবে বাধ্যতামূলকভাৱে ৰাজ্য চৰকাৰৰ প্ৰয়োজনীয় অনুমতি ল’ব লাগিব৷ নীতিবৰ্হিভূতভাৱে দ্বিতীয় বিবাহ কৰিব খোজা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ দিছপুৰে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ এই নিৰ্দেশনা জাৰি কৰিছে পাৰ্চনেল বিভাগে৷ চৰকাৰৰ অনুমতি অবিহনে চৰকাৰী কৰ্মচাৰী পুৰুষেই হওক বা মহিলাই হওক কৰিব নোৱাৰিব দ্বিতীয় বিবাহ৷ এই সন্দৰ্ভত ইতিমধ্যে সকলো বিভাগ, সকলো জিলাৰ আয়ুক্তলৈ জাননী প্ৰেৰণ কৰা হৈছে৷ দ্যা আছাম চিভিল চাৰ্ভিছ (কনডাক্ট) ৰুল্‌চ ১৯৬৫ ৰ ২৬ৰ বিধান অনুসৰি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব নীৰজ বাৰ্মাৰ স্বাক্ষৰিত এখন কাৰ্যালয় স্মাৰকত এইসমূহ কঠোৰ নিৰ্দেশনা দিয়া হৈছে৷ প্ৰথমটো নিৰ্দেশনাত কোৱা হৈছে– পত্নী জীয়াই থকা অৱস্থাত কোনো চৰকাৰী চাকৰিয়ালে চৰকাৰৰ অনুমতি নোলোৱাকৈ আন বিবাহৰ চুক্তি কৰিব নোৱাৰিব যদিও তেওঁৰ বাবে প্ৰযোজ্য ব্যক্তিগত আইন অনুসৰি এনে পৰৱৰ্তী বিবাহ অনুমোদিত৷ দ্বিতীয়তে কোনো মহিলা চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰৰ অনুমতি নোলোৱাকৈ পত্নী জীয়াই থকা কোনো ব্যক্তিক বিয়া কৰাব নোৱাৰিব৷’ এই নিৰ্দেশনা ভংগ কৰিলে বিভাগীয় অনুশাসন কতৃৰ্পক্ষই অসম সেৱা (অনুশাসন আৰু আপীল) নিয়মাৱলী ১৯৬৪ ৰ বিধানৰ অধীনত তাৎক্ষণিকভাৱে বিভাগীয় কাৰ্যবিধি বলৱৎ কৰিব পাৰিব বুলিও দিছপুৰৰ নিৰ্দেশনাটোত উল্লেখ আছে৷ এই নিৰ্দেশনা উলংঘা কৰিলে চৰকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধে বাধ্যতামূলক অৱসৰকে ধৰি কঠোৰ জৰিমনা পৰ্যন্ত শাস্তি আৰোপ কৰিব পাৰিব কতৃৰ্পক্ষই৷ উক্ত চৰকাৰী বিধি অনুসৰি সমাজৰ ওপৰত বৃহৎ প্ৰভাৱ পেলোৱা বুলি অভিহিত কৰি চৰকাৰী কৰ্মচাৰীসকলৰ এনে কাৰ্যক এক গুৰুতৰ অসৎ আচৰণ বুলিও বিবেচনা কৰা হ’ব৷ অৱশ্যে অসম চৰকাৰে হঠাতে কি কাৰণত  এই কঠোৰ নীতি কাৰ্যকৰী কৰাত গুৰুত্ব আৰোপ কৰিলে সেয়া স্পষ্ট নহয় যদিও  শেহতীয়াকৈ  চৰকাৰী চাকৰি লাভৰ পাছতেই সামাজিক স্বীকৃত পত্নী নাইবা স্বামীক পৰিত্যাগ কৰি বহু চৰকাৰী কৰ্মচাৰীয়ে দ্বিতীয় বিবাহ কৰোৱা ঘটনা পোহৰলৈ আহিছে৷ যিবোৰ ঘটনাত প্ৰথমা পত্নী বা স্বামীক ত্যাগ কৰি দ্বিতীয় বিবাহ কৰা প্ৰসংগত ভুক্তভোগীয়ে মুখ্যমন্ত্ৰীকো ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনোৱা দেখা গৈছে৷ যাৰ পৰিপ্ৰেক্ষিততে পাৰ্চনেল  বিভাগে উক্ত কাৰ্যালয় স্মাৰকৰ জৰিয়তে কঠোৰ নিৰ্দেশনা দিবলৈ বাধ্য হোৱা বুলি ধাৰণা কৰা হৈছে৷ এতিয়া এনে ঘটনা ধৰা পৰিলেই আইনৰ বিধান অনুসৰি কতৃৰ্পক্ষই বিভাগীয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব৷ লক্ষণীয়ভাৱে অতিৰিক্ত মুখ্য সচিবৰ এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ সকলো সংশ্লিষ্ট কতৃৰ্পক্ষক নিৰ্দেশ দিয়া হৈছে৷ অৰ্থাৎ এতিয়াৰে পৰা যিকোনো চৰকাৰী চাকৰিয়ালে দ্বিতীয় বিবাহ কৰোৱাৰ আগত বিভাগীয় অনুমতি লোৱাটো বাধ্যতামূলক হৈ পৰিল৷