Logo
image

মুক্তি পালে 'ৰাঘৱ': ছবিগৃহত দৰ্শকৰ উপস্থিতি সেৰেঙা

ডিজিটেল সংবাদ,মৰিগাঁওঃ বহু প্ৰতীক্ষাৰ অন্তত মুক্তি লাভ কৰিলে যতীন বৰাৰ 'ৰাঘৱ'-এ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহৰ লগতে মৰিগাঁৱৰ ৰয়েল চিনেছতো প্ৰদৰ্শনী কৰা হৈছে 'ৰাঘৱ'। ৰয়েল চিনেছত প্ৰথম দৰ্শনীত মাত্ৰ ২৫-৩০জন দৰ্শক উপস্থিতি থাকে। যতীন বৰাৰ বহু চৰ্চিত চিনেমা 'ৰাঘৱ' প্ৰথম দৰ্শনীত দৰ্শকৰ উৎসাহ-উদ্দীপনাৰ কম হোৱা পৰিলক্ষিত হয় ।অভিনেতা যতীন বৰাই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো দিনে নিশাই 'ৰাঘৱ'ৰ প্ৰচাৰ চলোৱাৰ পিছতো দৰ্শকৰ সঁহাৰি লাভ নকৰাত মৰিগাঁৱৰ সাংস্কৃতিক মহলত চৰ্চা চলিছে। মৰিগাঁও ৰয়েল চিনেছত 'ৰাঘৱ'ৰ প্ৰথম দৰ্শনীত ২৫-৩০জন দৰ্শক, দ্বিতীয় দৰ্শনীত ৪০-৫০ জন আৰু তৃতীয় দৰ্শনীতো দৰ্শকৰ উপস্থিতি সেৰেঙা হোৱা পৰিলক্ষিত হয়।