Logo
image

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অস্থায়ী বনকৰ্মীৰ পৰা কাঢ়ি ল'লে অস্ত্ৰঃ নিৰাপত্তাহীনতাত সুৰক্ষাকৰ্মী

ডিজিটেল সংবাদ, কাজিৰঙাঃ বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গঁড়ৰ বাসস্থান তথা সৰ্বাধিক এচিয় ম'হ, দল হৰিণা, হাতী, বাঘকে আদি কৰি বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীয়ে গিজগিজাই থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ফ্ৰন্টলাইন সুৰক্ষাকৰ্মী হিচাপে নিষ্ঠা সহকাৰে কৰ্তব্য কৰি থকা অস্থায়ী কৰ্মীৰ আগ্নেয়াস্ত্ৰসমূহ উদ্যান কৰ্তৃপক্ষই কাঢ়ি লোৱাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ৰাজ্যখনৰ অতিৰিক্ত মুখ্য বন সংৰক্ষক পি জে বিজয়াকৰে দিয়া  ৪০০০৪৫ নং এক নিৰ্দেশ মৰ্মে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্য কৰি থকা সকলো অস্থায়ী বনকৰ্মীৰ আগ্নেয়াস্ত্ৰসমূহ উদ্যান কৰ্তৃপক্ষই জমা লয়। নিৰ্দেশনাত উল্লেখ কৰা মতে, যি সকল চৰকাৰী চাকৰিয়াল তথা চৰকাৰী নীতি নিৰ্দেশনাত (গভৰ্নমেন্ট ৰ'ল)ত পৰে তেওঁলোকেহে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া অৰুণ বিগনেশে জানিবলৈ দিয়া মতে, এই নিৰ্দেশনা ৰাজ্যখনৰ সকলো অস্থায়ী বনকৰ্মীৰ কাৰণে জাৰি কৰা হৈছে। কিন্তু ৰাজ্যখনৰ আন বনাঞ্চলৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান একে নহয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আন বনাঞ্চলৰ তুলনাত সম্পূৰ্ণ পৃথক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী, গঁড়, বাঘ, ম'হ তথা বিভিন্ন প্ৰজাতিৰ সৰীসৃপকে ধৰি বন্যপ্ৰাণীয়ে ভৰি থকা অৰণ্যত পদে পদে বিপদ,শংকা, প্ৰত্যাহ্বান। ইয়াৰ উপৰি প্ৰতিটো মুহূৰ্ততে চোৰাং চিকাৰীৰ সৈতে সংঘৰ্ষৰ আশংকা। তেনে পৰিস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সুৰক্ষাকৰ্মীয়ে খালী হাতে অৰ্থাৎ অস্ত্ৰ অবিহনে অটব্য অৰণ্যৰ মাজত কৰ্তব্য কৰাটো অসম্ভৱ বুলিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোনালী ঘোষে জানিবলৈ দিয়ে৷

উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান প্ৰায় ২৪০ জন অস্থায়ী বনকৰ্মী উদ্যান সুৰক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত নিয়োজিত হৈ আছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ স্থায়ী সুৰক্ষাকৰ্মী  সীমিত। যাৰ ফলত অস্থায়ী সুৰক্ষাকৰ্মীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ সুৰক্ষাৰ পৰা আৰম্ভ কৰি উদ্যান সুৰক্ষা, চোৰাং চিকাৰীৰ সৈতে মুখামুখি সংঘৰ্ষ, বন বিভাগৰ পোহনীয়া হাতীৰ মাউত-ঘাঁহি ,গাড়ী চালকৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে জড়িত হৈ নিষ্ঠা আৰু সততাৰে কৰ্তব্য কৰি থকাৰ বাবেই  ৰাষ্ট্ৰীয় উদ্যানখন সুন্দৰকৈ এক শৃংখলাবদ্ধভাৱে পৰিচালিত হৈ আছে। অতি গুৰুত্বপূৰ্ণ কথা যে সামান্য কেইটামান টকাৰ বিনিময়ত হাতত আগ্নেয়াস্ত্ৰ থকাৰ পিছতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষা দিবলৈ যাওঁতে ইতিমধ্যে কেইবাজনো অস্থায়ী বনকৰ্মী চোৰাং চিকাৰী আৰু বন্যপ্ৰাণীৰ আক্ৰমণত নিহত হৈছে আৰু কিছু অস্থায়ী বনকৰ্মী আহত হৈ চিৰদিনৰ বাবে ঘূণীয়া হ'বলগা হৈছে। তেনে পৰিস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অটব্য অৰণ্যৰ মাজত কৰ্তব্য কৰি থকা অস্থায়ী সুৰক্ষাকৰ্মীৰ হাতৰ পৰা বন্দুক কাঢ়ি লোৱাটো কিমান যুক্তি সংগত বুলি সচেতন মহলে মত প্ৰকাশ কৰে। 

উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত স্থায়ী বনকৰ্মী পৰ্যাপ্ত পৰিমাণে নথকাত অস্থায়ী অৰ্থাৎ কেজুৱেল সুৰক্ষাকৰ্মীয়ে বহু কেইটা বন শিবিৰৰ দ্বায়িত্ব পালন কৰি আছে। কাজিৰঙাৰ অস্থায়ী বনকৰ্মীৰ হাতৰ পৰা বন্দুক কাঢ়ি লোৱাৰ ফলত অৰণ্যৰ মাজত খালী হাতে টহল দিবলৈ যোৱাটো নিৰাপত্তাহীন হৈ পৰিছে। ফলত বহু অস্থায়ী বনকৰ্মী নিৰাপত্তা নোহোৱাকৈ কৰ্তব্য কৰিবলৈ যোৱাত অমান্তি হৈ পৰিছে। ঢাল নাই তৰোৱল নিধিৰাম চৰদাৰৰ দৰে চৰকাৰে এতিয়া বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অস্থায়ী বনকৰ্মীক একপ্ৰকাৰ বন্যপ্ৰাণী আৰু চোৰাং চিকাৰীৰ সন্মুখত অৰ্থাৎ মৃত্যুৰ সৈতে যুঁজিবলৈ আগবঢ়াই দিছে বুলি কাজিৰঙাৰ অস্থায়ী বনকৰ্মীয়ে আক্ষেপৰে মত প্ৰকাশ কৰিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ কাৰণে চৰকাৰক এই আইন প্ৰত্যাহাৰ কৰিবলৈ অস্থায়ী বনকৰ্মীয়ে আহ্বান জনাইছে।