Logo
image

গেৰুকামুখ খহিছে শ্ৰমিক হতাহত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ অক্টোবৰঃ মাত্ৰ এটা নিশা৷ এটা নিশাৰ ভিতৰতে চিৰ প্ৰৱাহিত এখন নদী মৰুভূমিলৈ  পৰিণত হ’ল৷ এক কথাত যেন অকাল মৃত্যু ঘটিল এখন বোঁৱতী নৈৰ৷ জৈৱ বৈচিত্ৰলৈ ভাবুকি নমাই নৈৰ বক্ষ শুকাই গ’ল৷ বিশেষজ্ঞই কৰা ভৱিষ্যদ্বাণী যেন আখৰে আখৰে পালন হ’ল সোৱণশিৰিত৷ গেৰুকামুখৰ এনএইচপিচিৰ সোৱণশিৰি নদীবান্ধ প্ৰকল্পত পাহাৰ খহি ডাইভাৰ্ছন টালেন বন্ধ হৈ পৰাত সোৱণশিৰিত এতিয়া এক প্ৰকাৰ মহাপ্ৰলয়ৰ সৃষ্টি হৈছে৷ এনএইচপিচি কতৃৰ্পক্ষই স্বীকাৰ কৰা অনুসৰি বান্ধটোত থকা পাঁচটা ডাইভাৰ্ছন টালেনৰ ভিতৰত সক্ৰিয় হৈ থকা অন্তিমটো টানেল পাহাৰৰ মাটি খহি পুতি পোলোৱাত নামনিলৈ স্বাভাৱিকভাৱে পানী বৈ অহাত বাধাগ্ৰস্ত হৈ পৰিছে৷ ফলত বান্ধটোৰ ওপৰত প্ৰতিমুহূৰ্ততে জলধাৰা বৃদ্ধি পাবলৈ  ধৰাত সোৱণশিৰি বান্ধে জলবোমা সদৃশ ৰূপ লৈছে৷ যদিহে কিবা কাৰণত বান্ধ ভাঙি পানী বৈ আহিবলৈ হয়, তেনেহ’লে উত্তৰ অসমবাসী যেন ভয়ংকৰ অঘটনৰ মুখামুখি হ’ব সেয়া স্পষ্ট হৈ পৰিছে৷ এনে আশাংকাত লখিমপুৰ জিলা প্ৰশাসনে সোৱণশিৰিৰ নৈ পৰীয়া ৰাইজলৈ সতৰ্কতা জাৰি কৰিবলৈ বাধ্য হৈছে৷ অভিযোগ অনুসৰি বিগত দুদিন ধৰি গেৰুকামুখৰ বান্ধৰ ওপৰ ভাগত পাহাৰ খহা অব্যাহত আছে৷ থুনুকা পাহাৰৰ বৃহৎ অংশ খহি পৰাৰ ফলতেই বান্ধটোৰ পৰা পানী নামি অহা সকলো পথেই বন্ধ হৈ পৰিছে৷ এনএইচপিচি প্ৰকল্পত সংঘটিত এনে ভূমিস্খলনত দুজন শ্ৰমিক আহত হৈছে৷ আহত এজন শ্ৰমিকৰ মৃত্যু হোৱা বুলিও খবৰ লাভ কৰা হৈছে৷ আনজন শ্ৰমিকৰ এখন ভৰি ভগা বুলিও জানিব পৰা গৈছে৷ অৱশ্যে এই দুৰ্ঘটনা তথা হতাহত শ্ৰমিকৰ কোনো তথ্য এনএইচপিচি কতৃৰ্পক্ষই আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা নাই৷ মাত্ৰ কেইদিন মানৰ পূৰ্বে পানীৰে উপচি থকা ভৰুণ সোৱণশিৰি নদীখনৰ বান্ধৰ সমীপৰ বিশাল অংশ শুকান আৰু মৰু সদৃশ অৱস্থাই চানি ধৰিছে৷ ভৰুণ নদীখনৰ পৃষ্ঠভাগ শুকাই নদীৰ বুকুৰ শিল পৰ্যন্ত ওলাই পৰা এই বিস্ময়কৰ পৰিস্থিতি দেখি স্তম্ভিত হৈছে নৈ পৰীয়া ৰাইজ৷ কোনো কালেও নদীখনৰ এনে শুষ্ক ৰূপ প্ৰত্যক্ষ নকৰা ৰাইজে এতিয়া নদীৰ বুকুত খোজ কাঢ়ি মাছৰ সন্ধান চলোৱা এক অবিস্মৰণীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ স্বাভাৱিকতেই এই ঘটনাই নৈখনৰ দুষ্প্ৰাপ্য মাছ আৰু জলজীৱকুলৰ অস্তিত্বৰ প্ৰতি প্ৰচণ্ড ভাবুকি নমাই আনিছে৷ লক্ষণীয়ভাৱে   চলিত বৰ্ষত ২০০০ হাজাৰ মেগাৱাট ক্ষমতাসম্পন্ন জলবিদ্যুৎ প্ৰকল্পটোৰ উৎপাদনৰ কাম আৰম্ভ কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল৷ অৱশ্যে চলিত বৰ্ষত উৎপাদন আৰম্ভ নহ’লেও ২০২৪ বৰ্ষৰ আৰম্ভণিতে প্ৰকল্পটোৰ উৎপাদন আৰম্ভ কৰাৰ লক্ষ্যৰে এনএইচপিচিয়ে দিনে ৰাতিয়ে কাম অব্যাহত ৰাখিছে৷  ইফালে প্ৰকল্পটো বন্ধ কৰাৰ দাবীত সময়ে সময়ে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্পটো নিৰ্মাণ সম্পূৰ্ণ কৰি উৎপাদন আৰম্ভ কৰাৰ হকে নাচোৰ বান্দা স্থিতি গ্ৰহণ কৰিছে৷ এনে প্ৰেক্ষাপটত প্ৰকল্পটোত শুকুৰবাৰে সংঘটিত  অঘটনৰ পাছতেই দলসংগঠনসমূহে এনএচপিচি কতৃৰ্পক্ষ আৰু কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে৷

নামনিৰ বাসিন্দাক সতৰ্ক হৈ থকাৰ আহ্বান প্ৰশাসনৰ 

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰঃ লখিমপুৰ-ধেমাজিবাসীৰ বাবে এক ভয়ংকৰ খবৰ৷ আজি হঠাৎ অস্বাভাৱিকভাৱে শুকাই গৈছে সোঁৱনশিৰি৷ নামনিত নৈৰ তৰাং বুকুত মাছ ধৰিছে ৰাইজে৷ ৰেড এলাৰ্ট জাৰি কৰি নামনিত জয়প্ৰলয়ৰ আশংকা, কৰিছে প্ৰশাসনে৷ প্ৰাপ্ত খবৰ মতে, ডাইভাৰছনেল টানেলৰ সন্মুখত পাহাৰ খহি বন্ধ হৈ পৰাত বৃহৎ বান্ধটো অতিক্ৰম কৰি পানী আহিব পৰা নাই৷ ফলত শুকাই গ’ল নামনিত সোৱণশিৰি৷ ৰাইজৰ শংকা-বান্ধৰ উজনিত সাগৰসদৃশ পানী জমা হোৱাৰ বাবে সেই পানীয়ে বান্ধ ভাঙে নে পাহাৰ খহাই মহটিয়াই আহে তাৰ একো ঠিক নাই৷ উল্লেখ্য, ১৯৫০ চনৰ বৰ ভুঁইকঁপত এনেদৰে ৰাক্ষসমুখত পাহৰ খহি সাদিন সোৱণশিৰি বন্ধ হৈ থকাৰ অন্তত পাহাৰ ভাঙি বৈ অহা পৰ্বতসমান পানীয়ে গোগামুখ নিশ্চিহ্ন কৰি থৈ গৈছিল৷ সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্পৰ নামনিলৈ সোৱণশিৰি নদীৰ প্ৰবাহ হ্ৰাস হোৱাৰ সন্দৰ্ভত আজি এন এইচ পি চিৰ পৰামৰ্শদাতা এ এন মহম্মদে এক বিবৃত্তিত কয়- নামনি সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্পৰ ৫টা ৯.৫ মিটাৰ ব্যাসৰ ডাইভাৰছন টানেলৰ ভিতৰত ব্যৱহাৰ হৈ থকা একমাত্ৰ ১নং নম্বৰ ডাইভাৰছন টানেলটো, কালি পুৱা প্ৰায় ১১.৩০ বজাত ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে৷ বাকী ৪টা ডাইভাৰছন টানেল ইতিমধ্যে বন্ধ কৰা হৈছিল৷ ফলস্বৰূপে নদীৰ প্ৰবাহ নামনিলৈ যথেষ্ট হ্ৰাস পায়৷ বান্ধ স্পিলৱেৰ স্তৰ ১৪৫ মিটাৰ [সমুদ্ৰপৃষ্ঠৰ পৰা]৷ বৰ্তমানৰ ৯৯৭ ঘন মিটাৰযছেকেণ্ডৰ নদীৰ প্ৰবাহ জলাশয়ত সঞ্চিত হৈ আছে আৰু জলাশয়টোৰ পানীৰ স্তৰ বৃদ্ধি পাই আছে৷ দুপৰীয়া ১ বজাত, পানীৰ স্তৰ ১৩৯ মিটাৰত উপনীত হৈছিল৷ এইটো আশা কৰা হৈছে যে সন্ধিয়ালৈ পানীৰ স্তৰ ১৪৫ মিটাৰ হ’ব আৰু নদীখন পুনৰ বান্ধৰ স্পিলৱেৰ মাজেৰে সাধাৰণভাৱে নামনিলৈ প্ৰবাহিত হ’ব৷ এই সমগ্ৰ বিষয়ৰ ওপৰত লখিমপুৰ জিলা প্ৰশাসন সষ্টম হৈ আছে৷ ৰাইজক উৰা বাতৰি বিশ্বাস নকৰিবলৈ প্ৰশাসন তৰফৰ পৰা আহ্বান জনোৱাৰ লগতে সোৱণশিৰি নদীৰ নামনি অংশত বাস কৰা জনতাক তেওঁলোকৰ লগতে পোহনীয়া জীৱ-জন্তু নৈ কাষৰ পৰা আঁতৰাই সতৰ্ক হৈ থকাৰ পৰামৰ্শ দিয়ে৷