Logo
image

লক্ষ্য মুখ্যমন্ত্ৰীৰ জন্মদিন! শীঘ্ৰে ‘ককাদেউতা-নাতি’ৰ ছিকুৱেল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ অক্টোবৰঃ জন্মদিন উপলক্ষে অহা ১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত তুলি দিয়া হ’ব এক অভিনৱ উপহাৰ৷ ইয়াৰ বাবে চলিছে যুদ্ধকালীন তৎপৰতা৷ উল্লেখ্য যে চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনাখন বৰ্ষাপাৰাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এ আৰ ৰহমানৰ বিশেষ সংগীতানুষ্ঠান৷ প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত এ আৰ ৰহমানৰ সংগীতানুষ্ঠানৰ আয়োজন আছিল অতি ব্যাপক আৰু বৰ্ণাঢ্য৷ মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ উদ্যোগত আয়োজিত হৈছিল এই ব্যয়-বহুল সংগতানুষ্ঠান৷ এই পৰম্পৰা অক্ষুণ্ণ ৰাখি আগন্তুক বৰ্ষৰ জন্মদিনৰ দিনাখন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত তুলি দিয়া হ’ব ককাদেউতা নাতি আৰু হাতীৰ চিকুৱেল৷ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ হ’ব এই চলচ্ছিত্ৰখন৷ প্ৰাইড ইষ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই ইতিমধ্যে এই সিদ্ধান্ত ঘোষণা কৰিছে৷ উল্লেখ্য যে ১৯৮৩ চনত মুক্তি লাভ কৰিছিল প্ৰয়াত নিপন গোস্বামী অভিনীত ককাদেউতা নাতি আৰু হাতী নামৰ জনপ্ৰিয় চলচ্ছিত্ৰখন৷ এই চিনেমাখনত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শিশু নাতি ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল৷ নিপন গোস্বামী ককাদেউতাৰ ভূমিকাত বলিষ্ঠ অভিনয় কৰিছিল৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই হাতীৰ পিঠিত উঠি গোৱা ‘এক দুই তিনি চাৰি যুতি দিয়া গৰু গাড়ী’ বিখ্যাত গানটো আজিও সমানে জনপ্ৰিয়৷ যোৰহাটৰ গায়িকা কুকিলা গোস্বামী আৰু অন্যান্যসকলৰ কণ্ঠত প্ৰাণ পাই উঠিছিল এই গীতটো৷ গীতিকাৰ আছিল কেশৱ মহন্ত৷ চলচ্ছিত্ৰখনৰ পৰিচালক আছিল নিপ বৰুৱা৷ চিত্ৰনাট্য লিখিছিল নিপ বৰুৱা আৰু মহেন্দ্ৰ বৰঠাকুৰে৷ কাহিনীও তেওঁলোক দুজনৰে আছিল৷ সংগীত পৰিচালনাৰ দায়িত্বত আছিল ৰমেন বৰুৱা৷ এই কালজয়ী অসমীয়া চলচ্ছিত্ৰখনৰ চিকুৱেল মুকলি কৰা হ’ব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ লগত সংগতি ৰাখি৷ এইবাৰ চলচ্ছিত্ৰখনৰ নিৰ্দেশনাৰ দায়িত্বত থাকিব স্বয়ং মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা৷ অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই এই চলচ্ছিত্ৰখনত অতিথি শিল্পীৰ ভূমিকাত অভিনয় কৰিব নে নাই এই পৰ্যন্ত নিশ্চিত হোৱা নাই৷ চলচ্ছিত্ৰখনৰ বাজেট ৩ ৰ পৰা ৫কোটি টকা নিৰ্ধাৰণ কৰা হৈছে যদিও এই পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ চলচ্ছিত্ৰখনত বিভিন্ন দিশত অভিনয় কৰিব যতীন বৰা, পদ্মৰাগ গোস্বামী, আইমী বৰুৱা আদিয়ে৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনকো অভিনয়ৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও পূৰ্ব নিৰ্ধাৰিত শ্বুটিঙৰ তাৰিখৰ বাবে তেওঁ এই প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰিলে৷ চলচ্ছিত্ৰখনৰ চাউণ্ড আৰু অন্যান্য কাৰিকৰী দিশসমূহ চোৱাচিতা কৰিব মুম্বাই আৰু দক্ষিণ ভাৰতৰ চলচ্ছিত্ৰ জগতৰ অভিজ্ঞ বিশেষজ্ঞই৷ চলচ্ছিত্ৰখনৰ কাহিন ৰাজদ্বীপৰ৷ লক্ষণীয়ভাৱে জুবিন গাৰ্গ বা অসমৰ অন্য কোনো জনপ্ৰিয় গায়কৰ পৰিৱৰ্তে সংগীতৰ দায়িত্বত থাকিব বলীউডৰ কেইবাজনো বিশিষ্ট গায়ক৷ চলচ্ছিত্ৰখনৰ বহু শ্বুটিং বিদেশৰ মনোমোহা লোকেশ্বনত কৰা হ’ব৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত ককাদেউতা নাতি আৰু হাতীৰ চিকুৱেলৰ সকলো কাম সম্পূৰ্ণ কৰি ১ ফেব্ৰুৱাৰীৰ দিনাখন মুখ্যমন্ত্ৰীক জন্মদিনৰ উপহাৰ হিচাপে যাতে দিব পৰা যায় তাৰ বাবে আৰম্ভ হৈছে যুদ্ধকালীন তৎপৰতা৷ বিভিন্ন দায়িত্বত থকা সকলে ইতিমধ্যে পূৰ্ণগতিত অব্যাহত ৰাখিছে নিজৰ কাম-কাজ৷ মুখ্যমন্ত্ৰীৰ জন্মদিনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰিবলগীয়া ককাদেউতা নাতি আৰু হাতীৰ চিকুৱেলখনৰ নাম হ’ব ককাদেউতা-নাতি৷