Logo
image

ডিব্ৰুগড়ৰ যুৱকৰ মেছেজিং এপ্‌ ৪১৬ কোটি টকাত বিক্ৰী

ডিব্ৰুগড়ৰ পৰা জ্যোতিষ কুমাৰ পাতিৰ [‘আমাৰ অসম’] ঃ বিশ্বৰ প্ৰখ্যাত ৱেব প্ৰতিষ্ঠান অট’মেটিক কোম্পানীয়ে ক্ৰয় কৰিলে ‘টেক্সট্‌ছ ডট কম’৷ ডিব্ৰুগড়ৰ সন্তান কিষাণ বাগাৰিয়াই নিৰ্মাণ কৰা ‘টেক্সট্‌ছ ডট কম’ ক্ৰয় কৰিলে ৫০মিলিয়ন মাৰ্কিন ডলাৰত৷ যাৰ ভাৰতীয় মূল্য ৪১৬ কোটি টকা৷ ডিব্ৰুগড় চহৰৰ থানা চাৰিআলি নিৱাসী চাৰ্টাৰ্ড একাউনটেণ্ট মহেন্দ্ৰ বাগাৰিয়া আৰু নবীতা বাগাৰিয়াৰ পুত্ৰ কিষাণ বাগাৰিয়াই অট’মেটিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া [চি ই অ’] মেটৱেলেংগেৰ সৈতে ইতিমধ্যে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে৷ ৱ’ৰ্ডপ্ৰেছ ডট কম, টাম্বলৰ, পকেট কাষ্ট, ডে’ ৱান এপ, ৱো কমাৰ্চ আদিৰ দৰে জনপ্ৰিয় ৱেবচাইট পৰিচালনা কৰা অট’মেটিক কোম্পানীয়ে টেক্সট্‌ছ ডট কম ক্ৰয় কৰাৰ পাছতে কিষাণ বাগাৰিয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে৷ কিষাণ বাগাৰিয়া প্ৰসংগত মেটৱেলেংগে কয়– ‘মই ভাবোঁ টেক্সট্‌ছ ডট কমৰ প্ৰতিষ্ঠাপক কিষাণ বাগাৰিয়া কাৰিকৰী দিশত অসাধাৰণ প্ৰতিভাশালী যুৱক৷ যাৰ বিষয়ে আমি দশক দশক ধৰি কৈও শেষ কৰিব নোৱাৰিম৷ মেছেজিং এপ্‌ টেক্সট্‌ছ ডট কমত মেছেজসমূহৰ সম্পূৰ্ণ সুৰক্ষা থাকিব৷ আপোনাৰ সকলো মেছেজ এটা ক’পী ক্লাউডত সংৰক্ষণ কৰাৰ সলনি অন ডিভাইচ এনক্ৰিপচনৰ ব্যৱস্থা থাকিব৷’ মন কৰিবলগীয়া যে দ্বাদশ শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা কিষাণ বাগাৰিয়াৰ এই সফলতা বিশ্বজুৰি চৰ্চিত হৈ পৰিছে৷ অত্যন্ত প্ৰতিভাসম্পন্ন যুৱকজনে ১২ বছৰ বয়সতে ৱেব ডিজাইনিং কৰি মাহে ১০হাজাৰ টকাকৈ উপাৰ্জন কৰিছিল৷ ডিব্ৰুগড়ৰ ডন বস্ক’ স্কুলত সপ্তম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পাছত অগ্ৰসেন একাডেমীত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰি কিষাণে আনুষ্ঠানিক শিক্ষা সাং কৰে যদিও পৰিয়ালৰ হেঁচাত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়৷ সম্প্ৰতি কনিষ্ঠ ভাতৃৰ সৈতে নিউয়ৰ্কত থকা কিষাণে অট’মেটিক কোম্পানীৰ ৱেবছাইটটো পৰিচালনা কৰিবৰ বাবে মাহে ৫০ কোটি টকাত চুক্তিবদ্ধ হৈছে৷ আন কেইবাটাও এপ্‌ নিৰ্মাণত ব্যস্ত হৈ থকা কিষাণৰ সাফল্যত গৌৰৱান্বিত তেওঁৰ পিতৃ-মাতৃ আৰু পৰিয়াল৷ পিতৃ মহেন্দ্ৰ বাগাৰিয়াই কয়– ‘কিষাণ আমাতকৈ বহু পৃথক৷ আমাৰ চিন্তাধাৰা আৰু তাৰ চিন্তাধাৰা বেলেগ৷ আমি যেতিয়া শুই থাকোঁ তেতিয়া সি নিজৰ কামত ব্যস্ত হৈ থাকে৷ আমি যেতিয়া শুই উঠোঁ, তেতিয়া সি শোৱে৷ কিষাণৰ জীৱনশৈলী সাধাৰণ৷ আনতকৈ বহুগুণে পৃথক৷ সি যথেষ্ট কষ্ট কৰে৷ কষ্টৰ মূল্য সি আজি পাইছে৷’ কিষাণৰ মাতৃ নৱীতাই কয়– ‘সি আমাৰ পৰা স্বাধীনতা পাইছিল৷ কোনো কামতে বাধা দিয়া নাছিলোঁ৷ সি কিন্তু অলপ পঢ়াত বেয়া আছিল৷ পঢ়াত গুৰুত্ব নিদিলে যদিও আজি সি সফল হৈছে৷ পিতৃ-মাতৃ হিচাপে ইয়াতকৈ সুখ কি থাকিব পাৰে?’ উল্লেখ্য, কিষাণ বাগাৰিয়াই ডেভেলপ কৰা টেক্সট্‌ছ ডট কমত ইনষ্টাগ্ৰাম, টুইটাৰ, মেছেঞ্জাৰ, হোৱাট্‌ছএপ, লিং ইন আদিৰ দৰে জনপ্ৰিয় সামাজিক মাধ্যমৰ এপ্‌সমূহ একেখন প্লেটফৰ্মতে উপলব্ধ৷ এই এপ্‌সমূহত অহা মেছেজৰ সহজে ৰিপ্লাই দিয়াৰো ব্যৱস্থা আছে টেক্সট্‌ছ ডট কমত৷ কিষাণ বাগাৰিয়াই নিৰ্মাণ কৰা এই এপ্‌টো অট’মেটিক কোম্পানীয়ে ক্ৰয় কৰাৰ পাছত কিষাণক বিশেষভাৱে শুভেচ্ছা জনাইছে টুইটাৰৰ প্ৰাক্তন চি ই অ’ পৰাগ আগৰৱালাই৷