Logo
image

৪জি-৫জি অতীত, এইবাৰ আহিছে ৬জি

নতুন দিল্লী, ২৮ অক্টোবৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপত সপ্তম ইণ্ডিয়ান ম’বাইল কংগ্ৰেছ ২০২৩ উদ্বোধন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মোদীয়ে সমগ্ৰ দেশৰ শিক্ষা প্ৰতিষ্ঠানসমূহক ১০০টা ‘৫-জি ইউজ কেছ লেব’ প্ৰদান কৰা বুলি ঘোষণা কৰে৷ এই সন্দৰ্ভত মোদীয়ে  ভাষণ প্ৰসংগত কয়– ‘১০০ ৫-জি লেবছ ইনিছিয়েটিভ’ৰ আওতাত এই লেবসমূহ গঢ়ি তোলা হৈছে৷ ১০০ ৫-জি লেবছ ইনিছিয়েটিভ হৈছে ৫-জি প্ৰযুক্তিৰ সৈতে জড়িত হৈ থকা সুবিধাসমূহ কামত খটুওৱাৰ এটা প্ৰচেষ্টা৷ এই ব্যৱস্থাই ভাৰতৰ  সু-নিৰ্দিষ্ট চাহিদাৰ লগতে বৈশ্বিক চাহিদাও পূৰণ কৰিব৷ ইয়াৰ জৰিয়তে শিক্ষা, কৃষি, স্বাস্থ্য, বিদ্যুৎ, পৰিবহন ব্যৱস্থাসহ বিভিন্ন আৰ্থ-সামাজিক ক্ষেত্ৰৰ উদ্ভাৱনত সহায় কৰাৰ লগতে ৫-জি প্ৰযুক্তিৰ ব্যৱহাৰেৰে দেশক আগবঢ়াই নিব পৰা যাব৷’ 

প্ৰধানমন্ত্ৰীয়ে এই বুলিও কয় যে ‘দেশৰ মুঠ ১০,০০০ অটল টিংকাৰিং লেবৰ জৰিয়তে আমি প্ৰায় ৭৫ লাখ শিক্ষাৰ্থীক অত্যাধুনিক প্ৰযুক্তিৰ সৈতে জড়িত কৰিবলৈ সক্ষম হৈছোঁ৷ আমি নিশ্চিত যে দেশৰ শিক্ষা প্ৰতিষ্ঠানসমূহে এই ১০০ টা ৫-জি ইউজ কেছ লেব কামত খটুৱাব৷ এই ব্যৱস্থা নতুন প্ৰজন্মৰ বাবে উৎসাহজনক হ’ব৷’ ইপিনে ভাৰতত স্মাৰ্টফোন প্ৰস্তুতৰ বিষয় উল্লেখ কৰি প্ৰধানমন্ত্ৰীজনে কয় যে গুগলে এতিয়াৰে পৰা পিক্সেল ডিভাইডসমূহ ভাৰতত প্ৰস্তুত কৰিব৷  ভাৰতত ইতিমধ্যে ছেমছাং গেলেক্সী জেদ  ফোল্ড-৫ আৰু আইফোন ১৫-জি উৎপাদন হৈ আছে৷ অচিৰেই সমগ্ৰ বিশ্বই মেইড ইন ইণ্ডিয়া স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব৷ 

একেদৰে ভাৰতৰ ষ্টাৰ্টআপ ইক’ছিষ্টেম সম্পৰ্কে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ তৰুণসকলে নিজৰ উদ্যোগত গতি আৰু শক্তি ব্যৱহাৰ কৰি ন ন উদ্ভাৱনেৰে বিশ্ববাসীক অবাক কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ বিশ্বাস কৰে৷ তেওঁ লগতে কয় যে সম্প্ৰতি ভাৰতত ষ্টাৰ্টআপ ইক’ছিষ্টেমৰ গুৰুত্ব বৃদ্ধি পাইছে৷ ভাৰত এতিয়া বিশ্বৰ শীৰ্ষ তিনিটা ষ্টাৰ্টআপ ইক’ছিষ্টেমৰ মাজত আছে৷ আই এম চি ২০২৩ অৰ্থাৎ ইণ্ডিয়ান ম’বাইল কংগ্ৰেছ ২০২৩-এ ভাৰতীয় ষ্টাৰ্টআপ সমূহৰ সম্প্ৰসাৰণত সহায় কৰাৰ বাবে আম্পেয়াৰ প্ৰগ্ৰাম আৰম্ভ কৰা  বুলি উল্লেখ কৰি তেওঁ  ২০১৪ চনৰ পূৰ্বে ভাৰতত কেইশমানহে ষ্টাৰ্টআপ আছিল বুলি কয়৷ এতিয়া ইয়াৰ সংখ্যা লাখ লাখ হৈছে৷ ২-জিৰ সময়ত ভাৰতত কি হৈছিল সেয়া আজিৰ প্ৰজন্মই নাজানে৷ আজিৰ যুগত ৪-জি প্ৰসাৰিত হৈছে৷ এনেক্ষেত্ৰত অহা দিনসমূহত ভাৰতে যে ৬ জিক সমগ্ৰ বিশ্বত নেতৃত্ব প্ৰদান কৰিব সেই বিষয়ে তেওঁ আশাবাদী বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে৷

ইপিনে ছেমি কণ্ডাক্টৰ ছাপ্লাই ছেইনৰ অংশীদাৰিত্বক লৈ ভাৰত আৰু জাপানৰ মাজত বুজাবুজি হোৱা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ সূত্ৰটোৱে উল্লেখ কৰা মতে এই সন্দৰ্ভত আনকি শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদনো জনাইছে৷ ইয়াৰ জৰিয়তে কৰ্মসংস্থানৰ পথ প্ৰশস্ত হ’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে৷