Logo
image

সেপ ঢুকিলে ডিঙি বিষায়? এইদৰে উপশম লওক

কেতিয়াবা হঠাৎ সেপ ঢুকিলে ডিঙিত বিষ অনুভৱ হ’ব পাৰে৷ তেতিয়া ঘৰুৱা উপায়েৰে তাৎক্ষণিকভাৱে এই বিষৰ পৰা উপশম পাব পাৰি৷ 

◾মৌঃ ডিঙিত হঠাৎ বিষ অনুভৱ হ’লে এচামুচ মৌ খালেও উপশম পাব পাৰি৷ মৌত আছে এণ্টি ইনফ্লেমেটৰি আৰু এণ্টি বেকটেৰিয়াল উপাদান৷ যি শ্বাস নলীত বেক্টেৰিয়া ধবংসত সহায় কৰে৷ যাৰ ফলত ডিঙিৰ বিষত আক্ৰান্ত হ’লে মৌ খালে উপশম পাব পাৰি৷ 

◾নহৰুঃ নহৰুত প্ৰচুৰ পৰিমাণে এলিছিন নামৰ এক বিশেষ উপাদান থাকে যি উপাদানে সংক্ৰমণজনিত জ্বৰ আদি ৰোধ কৰাত সহায় কৰে৷ সেয়েহে ডিঙিৰ বিষত আক্ৰান্ত হ’লে নহৰু খালেও সুফল পাব পাৰি৷ 

◾ দালচেনিঃ দালচেনিত আছে কেইবাটাও ঔষধি গুণ৷ বিভিন্ন ভাইৰাছৰ বিৰুদ্ধে দালচেনিত থকা উপাদানে যঁুজ  দিয়ে৷ যাৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ পৰা হ’ব পৰা ডিঙিৰ বিষ উপশম কৰাত সহায় কৰে৷ 

◾ হালধিঃ ডিঙিৰ বিষত আক্ৰান্ত হ’লে একাপ গাখীৰৰ সৈতে কেঁচা হালধি মিহলাই খালেও বিষৰ পৰা উপশম পাব পাৰি৷ 

◾ লংঃ কাহ-চৰ্দি আদিৰ পৰা যদি ডিঙিৰ বিষ অনুভৱ হয় তেতিয়া দুই এটা লং খালেও ডিঙিৰ বিষত উপশম পাব পাৰি৷