Logo
image

মুকেশ আম্বানিক মৃত্যুৰ ভাবুকিঃ জীৱন ৰক্ষাৰ বাবে ২০ কোটি টকা দাবী

ডিজিটেল ডেস্কঃ "যদি আপুনি ২০ কোটি টকা নিদিয়ে, আমি আপোনাক হত্যা কৰিম। আমাৰ লগত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ শ্বুতাৰ আছে।"- ই-মেইলযোগে ভাৰতৰ প্ৰখ্যাত ব্যৱসায়ী মুকেশ আম্বানিক এনেদৰে মৃত্যুৰ ভাবুকি দিছে কোনো অচিনাক্ত ব্যক্তিয়ে। 

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানিক ই-মেইলযোগে মৃত্যুৰ ভাবুকি দিয়া হৈছে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, ২৭ অক্টোবৰত ছাদাব খান নামৰ এটা ই-মেইল আইডিৰ পৰা এই ভাবুকি প্ৰেৰণ কৰাৰ লগতে আম্বানিক ২০ কোটি টকা দাবী কৰিছে। 

ই-মেইলত ভাবুকি দি কৈছে যে যদি  ২০ কোটি টকা মুকেশ আম্বানিয়ে পৰিশোধ নকৰে, তেন্তে তেওঁক গুলিয়াই হত্যা কৰা হ'ব। ইতিমধ্যে এই ধন দাবী আৰু মৃত্যুৰ ভাবুকিৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৮৭ আৰু ৫০৬ (২) ধাৰাৰ অধীনত মুম্বাইৰ গামদেৱী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।