Logo
image

মহানগৰৰ সমস্যা নাগৰিকসৃষ্ট

... কৃত্ৰিম বান সৃষ্টিতো একাংশ গুৱাহাটীবাসীৰ অৰিহণা কম নহয়৷ গুৱাহাটীৰ নলা-নৰ্দমাবোৰ পৰিষ্কাৰ কৰিলেই প্ৰকৃত ছবিখন স্পষ্ট ৰূপত জিলিকি পৰে৷ নলা-নৰ্দমা পৰিষ্কাৰ কালত দেখা পোৱা জাবৰ-জোঁথৰৰ অধিকাংশই প্লাষ্টিকৰ পলিথিনত মেৰিওৱা শাক-পাচলি তথা ঘৰৰ আগদিনা ৰৈ যোৱা উচিষ্টৰ একাংশ ...

অন্তহীন সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ হৃদযন্ত্ৰস্বৰূপ গুৱাহাটী মহানগৰী৷ বৰ্ধিত জনসংখ্যাৰে মহানগৰীখন দিনক দিনে প্ৰসাৰিত হৈ অহাৰ সমান্তৰালভাৱে প্ৰতিদিনে সীমাহীন সমস্যাৰ সাক্ষী হৈ পৰিছে মহানাগৰিক জীৱন৷ মহানগৰীৰ সমস্যা বুলিলে সাধাৰণতে আমাৰ মনলৈ আহে গুৱাহাটীৰ তীব্ৰ যানজঁটৰ সমস্যা, কৃত্ৰিম বান, পাহাৰৰ অবৈধ খনন ইত্যাদি৷ বহুতে এনে সমস্যাসমূহৰ বাবে প্ৰশাসনকে পোনপটীয়াকৈ জগৰীয়া কৰে৷ কিন্তু, আমি কেতিয়াবা ভাবি চাইছোঁনে যে এনে সমস্যা বৃদ্ধিত আমাৰ কিমান ভূমিকা আছে৷ মহানগৰীৰ বিভিন্ন সমস্যা বৃদ্ধিৰ ক্ষেত্ৰত একাংশ গুৱাহাটীবাসীৰো যথেষ্ট অৰিহণা আছে৷ যানজঁটৰ সমস্যালৈয়ে যদি চোৱা যায়, তাতেই ওলাই পৰে কিদৰে এচাম গুৱাহাটীবাসীৰ অবিবেচক কাণ্ডই যানজঁটৰ সমস্যাক তীব্ৰতৰ কৰি তুলিছে৷ একাংশ দুচকীয়া তথা চাৰিচকীয়া বাহনৰ চালকে যধে-মধে কৰা পাৰ্কিঙৰ বাবেই মহানগৰীত যানজঁটে তীব্ৰ ৰূপ ধাৰণ কৰে৷ কোনো কোনো ক্ষেত্ৰত দেখা যায় পাৰ্ক নকৰিবলগীয়া ঠাইত পাৰ্ক কৰাৰ পাছত এনে লোকক আৰক্ষীয়ে বাধা দিলে ওলোটাই আৰক্ষীলৈহে চোঁচা লয়৷

উদণ্ড এচাম যুৱকতো বাদেই, আনকি কিছু সম্ভ্ৰান্ত ঘৰৰ লোকেও এনে আৰক্ষীক উদ্দেশ্যি গালি-গালাজ কৰাৰ দৃশ্য তেনেই সুলভ৷ নিজৰ ক্ষমতা দেখুৱাবলৈ গৈ এনে লোকে যান-বাহন আৰক্ষীৰ গাত হাতপৰ্যন্ত তোলাৰ দৰে ঘটনাও সংঘটিত হোৱা দেখা যায়৷ তদুপৰি গুৱাহাটীৰ ৰাজপথত দেখা যায় এচাম উদণ্ড বাইকাৰ্ছৰ বাইক ষ্টাণ্ট৷ এনে ষ্টাণ্টৰ পৰাও বহু সময়ত দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়৷  দুৰ্ঘটনাই পুনৰ আৰক্ষী-প্ৰশাসনৰে কাম বৃদ্ধি কৰে৷ তদুপৰি সুৰাপান কৰি বাহন চলোৱা একাংশ লোকৰ কথা নক’লোঁৱেইবা৷ 

ইপিনে, বাৰিষা অহাৰ লগে লগে মহানগৰবাসীৰ দুশ্চিন্তা দুগুণে বৃদ্ধি পায়৷ বাৰিষাই কঢ়িয়াই অনা এই দুশ্চিন্তাৰ কাৰণ মহানগৰত প্ৰতিবছৰে দেখা দিয়া কৃত্ৰিম বান৷ এই কৃত্ৰিম বান সৃষ্টিতো একাংশ গুৱাহাটীবাসীৰ অৰিহণা কম নহয়৷ গুৱাহাটীৰ নলা-নৰ্দমাবোৰ পৰিষ্কাৰ কৰিলেই প্ৰকৃত ছবিখন স্পষ্ট ৰূপত জিলিকি পৰে৷ নলা-নৰ্দমা পৰিষ্কাৰ কালত দেখা পোৱা জাবৰ-জোঁথৰৰ অধিকাংশই প্লাষ্টিকৰ পলিথিনত মেৰিওৱা শাক-পাচলি তথা ঘৰৰ আগদিনা ৰৈ যোৱা উচিষ্টৰ একাংশ৷ এই লেখক কামৰূপ জিলা প্ৰশাসন তথা গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন দায়িত্বত থকাৰ সময়ত নিজেই এনে বহু চাক্ষুষ অভিজ্ঞতাৰ সাক্ষী, য’ত নৰ্দমা পৰিষ্কাৰৰ সময়ত উদ্ধাৰ হয় জাবৰৰ শ শ টোপোলা, যিবোৰৰ স্থান প্ৰকৃততে ডাষ্টবিনতহে হোৱা উচিত৷ পৌৰ নিগমৰ বাহনে দৈনিক এনে পেলনীয়া জাবৰ-জোঁথৰ ঘৰৰ পৰাই লৈ যোৱাৰ ব্যৱস্থা আছে যদিও কিয় এচাম লোকে সেইবোৰ পেলাবলৈ নলা-নৰ্দমাকে বাছি লয়, সেয়া এক নুবুজা সাঁথৰ৷ ইয়াৰ উপৰি দেখা যায় যে এচাম লোকে পেলনীয়া জাবৰবোৰ গে’টৰ পৰা পৌৰ নিগমৰ গাড়ীয়ে কঢ়িয়াই নিবলৈ গে’টৰ বাহিৰত মুকলিকৈ ৰাখে৷ ফলত গৰাকীবিহীন কুকুৰ আৰু চৰাই-চিৰিকতিয়ে সেইবোৰ  ফঁহিয়াই পথতে নষ্ট কৰে অথবা সেইবোৰৰ শেষ আশ্ৰয় পুনৰ নৰ্দমাবোৰেই হৈ পৰে৷ জাবৰ-জোঁথৰে নলা-নৰ্দমাবোৰ এনেদৰে আবদ্ধ কৰাৰ বাবেই  পানীৰ স্বাভাৱিক চলাচল ব্যাঘাত হৈ মহানগৰীত সৃষ্টি কৰি আহিছে কৃত্ৰিম বানৰ দৰে সমস্যাৰ৷ এইক্ষেত্ৰত নাগৰিক সচেতনতাৰ পৰিচয় দি সকলোৱে এনে দুষ্কাৰ্যৰ পৰা আঁতৰি থাকিলে এই সমস্যা বহুলাংশে হ্ৰাস পাব বুলি আশা কৰিব পাৰি৷

এখন সুস্থ, সৌন্দৰ্যশালী চহৰৰ বাসিন্দা হোৱাৰ ইচ্ছানো কাৰ নাথাকে৷ কিন্তু নিজৰ চহৰখনক সুস্থ তথা সৌন্দৰ্যশালী কৰি ৰখাৰ ক্ষেত্ৰত নাগৰিকসকলেও পৰিচয় দিবলগীয়া হয় সুস্থ মানসিকতাৰ৷ পুৱাৰ গুৱাহাটীখনৰ সৈতে যাৰ পৰিচয় আছে, তেওঁলোকে নিশ্চয় এটা কথা মন কৰিছে কেনেদৰে একাংশ সম্ভ্ৰান্ত লোকৰ ঘৰৰ পোহনীয়া বিলাতী কুকুৰৰ মল-মূত্ৰ ত্যাগৰ স্থান হৈ পৰে পৌৰ নিগমৰ চাফাইকৰ্মীয়ে সাৰি-পুচি নিকা কৰি ৰখা ফুটপাথটো৷ এচাম তথাকথিত শিক্ষিত, জনা-বুজা লোকেই এনে কাম কৰিলে বাকীসকলৰ কথা নক’লোঁৱেইবা৷ তদুপৰি, সময়ে সময়ে বিভিন্ন কাৰণত চৰকাৰে পথৰ ডিভাইডাৰবোৰৰ লগতে পথৰ কাষৰ বিভিন্ন উদ্যানসমূহ ৰং-তুলিকাৰে শুৱনি কৰি তোলে৷ কিন্তু দেখা যায়, দিনচেৰেক নৌহওঁতেই ৰং-তুলিকাৰে সজাই-পৰাই তোলা তেনে পথৰ ডিভাইডাৰবোৰ তামোল, গুটখাৰ পিকেৰে ভৰাই তোলে আমাৰ মাজৰে একাংশই৷ দুদিন আগতে গুৱাহাটীৰ জি এছ ৰোডত দুখনকৈ অত্যাধুনিক ফুটব্ৰিজ মুকলি কৰা হ’ল৷ ফুলৰ টাব আদিৰে সুশোভিত কৰি তোলা ফুটব্ৰিজ দুখনৰ মুকলিৰ পিছদিনাই দেখা গ’ল এচাম দায়িত্বজ্ঞানহীন লোকে পিক পেলাই পুনৰ ৰাঙলী কৰি তুলিলে নৱনিৰ্মিত ফুটব্ৰিজৰ দেৱাল৷ এনে দায়িত্বজ্ঞানহীনতা আচলতে এখন সুসভ্য, শিক্ষিত সমাজৰ পৰা আশা কৰা নাযায়৷ চৰকাৰে সৌন্দৰ্যবৰ্ধনৰ বিভিন্ন পদক্ষেপ ভৱিষ্যতলৈও লৈ থাকিব৷ কিন্তু তেনে সৌন্দৰ্যক ধৰি ৰাখি মহানগৰখনক ধুনীয়া কৰি ৰখাটো প্ৰতিজন নাগৰিকৰে কৰ্তব্য হোৱা উচিত৷

গুৱাহাটী মহানগৰখনক সুন্দৰ কৰি ৰখাত ইয়াৰ দাঁতি-কাষৰীয়া পাহাৰবোৰৰ আছে উল্লেখযোগ্য বৰঙণি৷ কিন্তু সময় যিমানেই আগবাঢ়ি গৈছে, সিমানেই গুৱাহাটীৰ পাহাৰবোৰো টকলা হৈ যোৱাও হয়তো বহুতেই প্ৰত্যক্ষ কৰিছে৷ বহু লোকে গুৱাহাটীত এটুকুৰা মাটি লাভৰ আশাত পাহাৰবোৰ ধবংস কৰি ঘৰ পাতি লোৱাৰ দৃশ্যও ইয়াত তেনেই সুলভ৷ ইয়াৰ ফলত এফালে যেনেদৰে মহানগৰৰ প্ৰাকৃতিক সৌন্দৰ্য ক্ৰমাৎ টুটি আহিছে, ঠিক সেইদৰে পাহাৰৰ বুকুত ঘৰ সাজি লোৱাসকলৰ জীৱনলৈও ই কঢ়িয়াই আনিছে ভয়ানক ভৱিষ্যতৰ ইংগিত৷ অবৈধ এনে খননৰ বাবে বাৰিষা ভূমিস্খলনৰ ফলত মৃত্যুক সাবটি লোৱা ঘটনাই প্ৰতিবছৰে সংবাদ শিৰোনাম দখল কৰে৷ ইয়াৰ উপৰি এচাম নাগৰিকৰ এনে কাণ্ডৰ বাবেই বনৰীয়া জীৱ-জন্তুই মাজে-সময়ে গুৱাহাটীৰ পদপথত সন্ত্ৰাসৰ সৃষ্টি কৰে৷ হাতী, নাহৰফুটুকী আদিৰ আশ্ৰয়স্থল কাঢ়ি লোৱাৰ বাবেই ক্ষুব্ধ জীৱ-জন্তুৰ ৰোষত পৰে মানৱ জাতি৷ অবৈধ দখলৰ এনে সমস্যায়ো ক্ৰমাৎ ভাৰাক্ৰান্ত কৰিছে গুৱাহাটী মহানগৰক৷ 

এনে সন্ধিক্ষণত গুৱাহাটীক ভালপোৱা প্ৰতিজন দায়িত্বশীল নাগৰিকে নিজৰ দায়িত্বশীলতাৰ পৰিচয় দিয়াটো সময়ৰে আহ্বান৷  গুৱাহাটীক সুস্থ, সৌন্দৰ্যশালী ৰূপত গঢ়ি তোলাত প্ৰতিজন নাগৰিকৰে যে দায়িত্ব আছে, সেই কথাও উপলব্ধি কৰা উচিত প্ৰতিজন মহানগৰবাসীয়ে৷ সকলো ক্ষেত্ৰতে চৰকাৰ-প্ৰশাসনক দোষাৰোপ কৰাতকৈ সময়সাপেক্ষে আমি নিজৰ গাতো চিকুটি চোৱাৰো প্ৰয়োজন আছে৷

ফোনঃ ৯৪৩৫০-১৪৬৭৬