Logo
image

উক্তি-বক্ৰোক্তি

বিধানসভা নিৰ্বাচন হ’বলগীয়া ৰাজ্যকেইখনত কুকুৰতকৈ বেছি ঘূৰি ফুৰিছে ই ডি৷
– ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট

টিভি চাবই নোৱাৰি৷ সদায় দেখা পাওঁ চিনাকী দুই এজনে হাত দাঙি থাকে৷ এইবোৰৰ বাবে টিভি চেনেল চোৱাই বাদ দিছোঁ৷ 
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হীৰানন্দানি গ্ৰুপৰ চিইঅ’ই মোক কেৱল এখন স্কাৰ্ফ, কেইডালমান লিপষ্টিক আৰু মেকআপৰ কেইবিধমান সামগ্ৰী উপহাৰ দিছিল৷ নগদ দুই কোটি টকা দিয়া বুলি কৰা অভিযোগ সম্পূৰ্ণ মিছা৷ তেওঁক চৰকাৰী সাক্ষী বনোৱা হৈছে৷ পাৰিলে তেওঁ মোক নগদ ধন দিয়াৰ প্ৰমাণ দিয়ক৷ 
– তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰ

কংগ্ৰেছ আৰু বিজেপি ভাই ভাই৷ ৰাতি হিমন্তই যি কথা কয়, দিনত কংগ্ৰেছে সেইটো কথাকে কয়৷
– এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল

২০২৪ত কংগ্ৰেছ কেন্দ্ৰত ক্ষমতালৈ আহিলে দুঘণ্টাৰ ভিতৰতে জাতিভিত্তিক লোকপিয়ল কৰাৰ ঘোষণা কৰিব৷ ছত্তিশগড়ত ক্ষমতালৈ আহিলে কংগ্ৰেছে লগে লগে একেটা কাম কৰিব৷ 
– কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী

পিঁয়াজৰ দাম কমিলে প্ৰশ্ন নকৰে, কিন্তু দাম বাঢ়িলে প্ৰশ্ন কৰে৷ পিঁয়াজৰ দাম বৃদ্ধিক লৈ আমিও উদ্বিগ্ন৷ পিঁয়াজৰ দাম বাঢ়িলে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু ময়ো উদ্বিগ্ন হওঁ৷ পিঁয়াজৰ দাম হ্ৰাস-বৃদ্ধি হোৱাটো উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে৷ 
– যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

পেলেষ্টাইনৰ বিষয়টোক লৈ ভাৰত চৰকাৰ সম্পূৰ্ণ বিভ্ৰান্তিত থকা দেখা গৈছে৷ এদিন হঠাৎ প্ৰধানমন্ত্ৰীয়ে ইজৰাইলক পূৰ্ণ সমৰ্থন জনাই দিলে৷ তিনিদিন পাছত বৈদেশিক মন্ত্ৰণালয়ে পেলেষ্টাইনক সমৰ্থন কৰিলে৷ ভাৰতে কোনোকালেই ইজৰাইলক সমৰ্থন কৰা নাছিল৷ বৈদেশিক নীতি কেতিয়া সলনি হ’ল সেয়া কোনেও নাজানিলে৷ মুঠতে ইজৰাইল-পেলেষ্টাইন যুদ্ধক লৈ ভাৰত বিভ্ৰান্ত৷ 
– এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ

নিমন্ত্ৰণ জনোৱা সত্ত্বেও অমৃত কলহ উৎসৱৰ অন্তিম চৰকাৰী কাৰ্যসূচীত উপস্থিত নাথাকিল বিৰোধী বিধায়ক৷ তেওঁলোকক কৈছোঁ, চৰকাৰী অনুষ্ঠানলৈ নাহিলে চৰকাৰী কাম-কাজতো অংশগ্ৰহণ নকৰিব৷ সমষ্টিৰ বাবে আঁচনি বিচাৰি নাহিব কংগ্ৰেছী বিধায়ক৷
– মন্ত্ৰী পীয়ূষ হাজৰিকা

গাজাত শিশুৰ মৃত্যু, খাদ্য-পানী-ঔষধ অবিহনে লাখ লাখ মানুহে মৃত্যুৰ সৈতে যুঁজি থকা ঘটনাত ভাৰতে চকু মুদি আছে৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত যুদ্ধবিৰতিৰ প্ৰস্তাৱত ভাৰতে সন্মতি নজনোৱাটো লজ্জাৰ কথা৷ আজীৱন ভাৰতে পেলেষ্টাইনকে সমৰ্থন কৰি আছিল৷ 
– কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

খৰালি সোৱণশিৰি নৈৰ পানী শুকায়েই৷ মোতকৈ সোৱণশিৰিৰ বিষয়ে আনে ভালকৈ নাজানে৷ 
–বিধায়ক মানৱ ডেকা