Logo
image

শিবিৰত সতীৰ্থৰ গুলীতেই নিহত পাঠশালাৰ বিভাকৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ অক্টোবৰঃ পুনৰ অসমীয়া যুৱকৰ তেজেৰে ৰাঙলী হ’ল আলফা স্বাধীনৰ শিবিৰ৷ স্বাধীন অসমৰ সপোন বুকুত বান্ধি বহু আশাৰে বিদ্ৰোহী সংগঠনটোত যোগদান কৰা তেজাল যুৱকে শত্ৰুৰ সৈতে সাহসেৰে যুঁজ দি শ্বহীদ হোৱাৰ বিপৰীতে সতীৰ্থৰ গুলীতে এতিয়া এজন এজনকৈ প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে৷ আলফাৰ ম্যানমাৰ শিবিৰত ৩৫টা বসন্ত বিদ্ৰোহী সংগঠনটোক দিয়া জ্যেষ্ঠ নেতাৰ পৰা আৰম্ভ কৰি সৌ সিদিনা যোগদান কৰা তেজাল যুৱক-যুৱতীকো সংগঠনৰ সংবিধান উলংঘনৰ অজুহাতেৰে তথাকথিত বিচাৰৰ নামত মৃত্যুদণ্ডৰ চৰম শাস্তি প্ৰদান কৰিছে শীৰ্ষ নেতৃত্বই৷ আলফাৰ নিম্ন পৰিষদৰ উপ-সভাপতি লখিমপুৰৰ লাচিত হাজৰিকা ওৰফে এ জে শিৰোনাম অসম ওৰফে চেলিম আলী আৰু তিনিচুকীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং খেলুৱৈ নয়নমণি চেতিয়া ওৰফে ইহম চেতিয়া ওৰফে বৰ্ণালী অসমক যৌন কেলেংকাৰিৰ অভিযোগত মৃত্যুদণ্ড দিয়া ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই পুনৰবাৰ আন দুজন সদস্যক ম্যানমাৰৰ শিবিৰত মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ আলফা নেতৃত্বই মৃত্যুদণ্ডৰ শাস্তিৰ নামত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা এজন যুৱক হৈছে পাঠশালাৰ বিভাকৰ কলিতা৷ প্ৰতিভাৱান সমৰ কলা খেলুৱৈ ২৪ বছৰীয়া বিভাকৰে ২০২২ চনৰ ৯ মাৰ্চত ঘৰৰ পৰা পলাই গৈ আলফাত যোগদান কৰিছিল৷ আলফাত বিভাকৰ কলিতাক প্ৰণৱ অসম নামেৰে পৰিচয় দিয়া হৈছে৷ বিভাকৰক ম্যানমাৰৰ শিবিৰত মৃত্যুদণ্ড দিয়া কথা আলফা শিবিৰৰ পৰা পলাই অহা তিনিচুকীয়াৰ এজন যুৱকে বিভাকৰৰ পিতৃ-মাতৃ পুৰুষোত্তম কলিতা আৰু ঝৰ্ণা কলিতাক অৱগত কৰিছে৷ তিনিচুকীয়াৰ যুৱকজনে দাবী কৰা মতে আলফা শিবিৰৰ পৰা পলায়ন কৰাৰ চেষ্টা চলাই ধৰা পৰাৰ বাবেই মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল পাঠশালাৰ যুৱক বিভাকৰ কলিতাৰ লগতে আন এজন সদস্যকো৷ আলফাৰ শিবিৰৰ পৰা পলায়ন কৰি অৰুণাচলত আছাম ৰাইফল্‌ছৰ হাতত আত্মসমৰ্পণ কৰা তিনিচুকীয়াৰ আলফা সদস্যজনে বিভাকৰক গুলীয়াই হত্যা কৰাৰ কথা ৪-৫ দিন পূৰ্বে বিভাকৰৰ পাঠশালাৰ ঘৰত উপস্থিত হৈ পিতৃ-মাতৃক অৱগত কৰে৷ আলফা সদস্যজনে বিভাকৰক পিতৃ-মাতৃক জানিবলৈ দিয়া অনুসৰি ম্যানমাৰৰ শিবিৰত আলফাৰ ১৫০-২০০ সদস্য আছে৷ কিন্তু সদস্যসকলৰ মাজত খাদ্যৰ ব্যাপক নাটনিয়ে দেখা দিছে৷ পৰিমল চাউলৰ ভাত আৰু লাই শাকৰ সিদ্ধ পানী খাবলৈ বাধ্য কৰোৱা হৈছিল সদস্যসকলক৷ খোৱা-বোৱাত অসুবিধা পোৱাৰ বাবেই বিভাকৰে আন এজন সদস্যৰ সৈতে শিবিৰৰ পৰা গোপনে পলায়নৰ চেষ্টা চলাইছিল যদিও শেষমুহূৰ্তত সতীৰ্থৰ হাতত ধৰা পৰে৷ ইয়াৰ পাছতেই তথাকথিত বিছাৰৰ নামত আলফাৰ সদ্য মৃত শীৰ্ষ নেতা লাচিত হাজৰিকাই কোনোবা এটা দিনত বিভাকৰক মৃত্যুদণ্ডৰে দণ্ডিত কৰে৷ এই খবৰ লাভ কৰাৰ পাছতেই পাঠশালাৰ বিভাকৰ কলিতা নামৰ প্ৰতিভাৱান খেলুৱৈজনৰ দুৰ্ভগীয়া পিতৃ-মাতৃৰে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক পুত্ৰৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ বাবে আহ্বান জনাইছে৷