Logo
image

জিপি সিঙক পৰেশ বৰুৱাৰ চৰম ভাবুকি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ অক্টোবৰঃ তথাকথিত বিচাৰৰ জৰিয়তে সতীৰ্থক মৃত্যু দণ্ডৰে দণ্ডিত কৰি ক’লা ইতিহাস ৰচিছে বিপ্লৱ সংগঠন আলফা স্বাধীনে৷ মাত্ৰ এটা বছৰৰ ব্যৱধানতে আলফাই ম্যানমাৰৰ শিবিৰত বিচাৰৰ নামত ৭ জন তেজাল যুৱক-যুৱতীক হত্যা কৰাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰিলে৷ আলফা নেতৃত্বই একপক্ষীয় বিচাৰৰ জৰিয়তে দিয়া মৃত্যুদণ্ডৰ কথা  গোপন ৰখাৰ চেষ্টা চলাই আহিলেও পলমকৈ হ’লেও সেয়া এটা এটাকৈ পোহৰলৈ আহিছে৷ দিনচেৰেক পূৰ্বে আলফা নেতৃত্বই সাধাৰণ পৰিষদৰ উপ-সভাপতি লাচিত হাজৰিকা ওৰফে এ জেদ অসম আৰু প্ৰতিভাৱন খেলুৱৈ নয়নমণি চেতিয়া ওৰফে বৰ্ণালী অসমক যৌন কেলেংকাৰিৰ অপৰাধত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড প্ৰদান কৰিছিল৷ লাচিত হাজৰিকা আৰু নয়নমণি চেতিয়াৰ মৃত্যুদণ্ডৰ ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই এইবাৰ পাঠশালাৰ বিভাকৰ কলিতা আৰু কামপুৰৰ তন্ময় বৰা নামৰ দুজন যুৱকক মৃত্যুদণ্ডৰ ঘটনা পোহৰলৈ আহিছে৷ ম্যানমাৰ শিবিৰত তেজাল যুৱকদ্বয়ক গুলীয়াই হত্যা কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক সমালোচনাৰ লক্ষ্য কৰি লৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে৷ ডিজিপি জি পি সিঙে সামাজিক মাধ্যমত পৰেশ বৰুৱাৰ নাম নোলোৱাকৈ এটা পোষ্টত কটাক্ষ কৰে এইদৰে–‘আপুনি তেওঁলোকক ঘৰলৈ যাবলৈ দিব লাগিছিল৷ কিয় মাৰিব লাগে সিহঁতক?’ আন এটা পোষ্টত ডিজিপিয়ে যুৱ প্ৰজন্মক উদ্দেশ্য কৰি কয়– ‘অসমৰ ডেকা বন্ধুসকল, স্বৈৰাচাৰী সংগঠনৰ বাবে জীৱন নষ্ট নকৰিব৷’ জি পি সিঙৰ এই সমালোচনাৰ পাছতেই উভটি ধৰিছে আলফা স্বাধীনে৷ বিবৃতি যোগে আলফা নেতৃত্বই বিভাকৰ কলিতা আৰু তন্ময় বৰাৰ মৃত্যুদণ্ডৰ ঘটনা স্পষ্ট কৰি জি পি সিঙক চৰম সকীয়নি প্ৰদান কৰে৷ এই সন্দৰ্ভত ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰা এটা ই-মেইল বিবৃতিত আলফাৰ প্ৰচাৰ গোটৰ সদস্য কেপ্টেইন ৰুমেল অসমে কয়– বিগত ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত ভ্ৰাম্যমাণ মুখ্য কাৰ্য্যলায়ৰ পৰা দ্বীপ অসম আৰু প্ৰণৱ অসমে প্ৰয়াত এ জেদ শিৰোনাম অসমৰ পৃষ্ঠপোষকতাত শিবিৰৰ পৰা পলায়ন কৰে আৰু ১৮ ছেপ্টেম্বৰৰ পুৱা আমাৰ পহৰাৰ দায়িত্বত থকা সদস্যৰ হাতত আটক হয়৷ আটক হোৱাৰ পাছত দুয়োজনকে শিবিৰলৈ ঘূৰাই অনাৰ পৰিবৰ্তে এ. জেদ. শিৰোনাম অসমে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰে৷ পৰৱৰ্তী সময়ত এ. জেদ. শিৰোনাম অসমৰ ওপৰত হোৱা বিচাৰত দুয়োজন সংঘৰ্ষত নিহত হয় বুলি জানিবলৈ দিয়ে যদিও উক্ত সংঘৰ্ষ যে অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ দৰেই অনৃত আছিল সেয়া প্ৰমাণিত হয়৷ যাৰ পৰিপ্ৰেক্ষিতত সদস্যদ্বয়ৰ হত্যাৰ অপৰাধ এ. জেদ. শিৰোনাম অসমৰ মৃত্যুদণ্ডৰ অন্য এক প্ৰধান কাৰক হৈ পৰে৷ আমাৰ সংগঠনত উদ্ভৱ হোৱা এনেবোৰ আসোঁৱাহ দূৰ কৰিবলৈ সংগঠনৰ সংবিধান আৰু বিচাৰ বিধিৰ দ্বাৰা যথোচিৎ প্ৰচেষ্টা হাতত লৈ তাক কাৰ্য্যকৰী কৰা হৈছে৷ বিপৰীতে অসম আৰক্ষী প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কি কৰিছে? ডি জি পি [বিশেষ] হিচাপে আপুনি দায়িত্বভাৰ লোৱাৰ পাছত অসম আৰক্ষীত ক’ত কিমান ভুৱা এনকাউণ্টাৰ, আৰক্ষীৰ দ্বাৰা যৌন নিৰ্যাতন, শাৰীৰিক নিৰ্যাতন, আৰক্ষীৰ ক’লা টকা-নকল সোণ-ড্ৰাগছৰ ব্যৱসায়, আৰক্ষীৰ দ্বাৰা ধনদাবী, আৰক্ষী সদস্যৰ আত্মহত্যা ইত্যাদি ঘটনা সংঘটিত হ’ল সেয়া খবৰ ৰাখিছেনে? আপোনালোকৰ কু-কীৰ্তি কুলাই-পাচিয়ে নধৰাকৈ কোনটো অপৰাধৰ সৈতে জড়িত নাই? দুৰ্ভাগ্যক্ৰমে আমাৰ Once in a blue moon.৷ তথাপিও সেই ঘটনাৰ সুবিচাৰৰ ক্ষেত্ৰত আমি কোনোদিনেই কৃপণালি কৰা নাই৷ ‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]’ সংগঠনৰ বিচাৰ সদায় ভাৰতীয় ন্যায় ব্যৱস্থাতকৈ ঊদ্ধৰ্ত, য’ত বাস্তৱতা থাকে আৰু কেৱল সত্যটোহে প্ৰতিফলিত হয়৷ আপোনালোকৰ তথা-কথিত আদালতত সঁচাটোক মিছা কৰাৰ প্ৰৱণতা আলফা [স্বাধীন]ৰ আদালতত নাই৷ গতিকে আমাৰ বিবৃতি তথা বাৰ্তাসমূহত মূৰ ঘমোৱাতকৈ আপুনি আপোনাৰ নিজৰ বিভাগটো নিকা আৰু স্বচ্ছ কৰিবলৈ মনোনিৱেশ কৰক৷ Wash your ass first.৷ আপুনি যিদৰে এখন সংবিধান অনুপালন কৰে ঠিক সেইদৰে আমিও আমাৰ সংবিধানখন মানি চলো তথা ইয়াৰ প্ৰতি আমি প্ৰতিজন নেতা, বিষয়া, সদস্য-সদস্যাই শ্ৰদ্ধাশীল৷ ডি জি পি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, খিলঞ্জীয়া শব্দটো আপোনাৰ মুখত ‘ঘঁৰিয়ালৰ চকুপানী সদৃশ’ এই শব্দটোৱে আপোনাৰ মুখত শোভা নেপাই সেয়া আপুনি মনত ৰখাৰ প্ৰয়োজন৷ কেব/কা বিৰোধী আন্দোলনৰ সময়ত আপুনি বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৈ থকাৰ অৱস্থাত আপুনিয়ে ৬জনকৈ খিলঞ্জীয়া ফুলকুমলীয়া নিৰীহ যুৱকক গুলিয়াই হত্যা কৰা নাছিলনে? ১৯৯৬ চনৰ পৰা ২০০০ চনলৈ অসম ৰক্তাক্ত কৰা তদানীন্তন ডি জি পি শ্ৰীবাস্তৱৰ সৈতে লগ গৈ গুপ্ত হত্যাৰ চৰ্দাৰ আপুনিয়েই হোৱা নাছিলনে? তেতিয়া ক’ত আছিল আপোনাৰ আজিৰ খিলঞ্জীয়াৰ প্ৰতি থকা দৰদ? ডি জি পি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, প্ৰয়াত আৰক্ষী উপপৰিদৰ্শক জোনমনি ৰাভাও জানো ভূমিপুত্ৰ খিলঞ্জীয়া নাছিল? তেওঁক হত্যা কৰিবলৈ আপুনি দেখোন উত্তৰ প্ৰদেশৰ পৰা ট্ৰাক ড্ৰাইভাৰ ভাড়াত লৈ আহিল! আজিও কিয় জোনমনিৰ পৰিয়ালক ন্যায় দিব পৰা নাই? আপোনাৰ ন্যায় আশাত বন্দী হৈ জোনমনিৰ ককাইয়েকেও ইহলীলা সামৰিলে; এয়া খিলঞ্জীয়াৰ প্ৰতি আপোনাৰ কেনে প্ৰীতি? ডি জি পি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, প্ৰাক্তন ডি জি পি শ্ৰীবাস্তৱে যিদৰে নেগুৰ দাঙি অসমৰ পৰা পলাই যাবলৈ বাধ্য হৈছিল, সেই দিন নি(য় আপোনাৰো আহিব৷ সময়ৰ চকৰি সদায় কেৱল আপোনাৰ পক্ষে ঘূৰিব বুলি ভাবি লোৱাতো ভুল৷ সেয়েহে কৈছো, কেমেৰাৰ সন্মুখত আমাৰ বিৰুদ্ধত দুটামান কথা কৈ আমাৰ ভাৱমূৰ্ত্তি বিনাশ কৰাৰ প্ৰয়োজন নাই আৰু তেনে কৰিবও নোৱাৰে৷ কাৰণ শেষৰজন স্বাধীনতাকামী থলগিৰি জীয়াই থকালৈকে ‘‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]’’ সংগঠন জীয়াই থাকিব৷’ লক্ষণীয়ভাৱে আলফাৰ এই বিবৃতিযোগে এই চৰম ভাবুকি দিয়াৰ পাছতেই পুনৰ সামাজিক মাধ্যম যোগে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে পৰেশ বৰুৱাক উদ্দেশ্যি কয়– মোক যিমান বিচাৰে সমালোচনা কৰে কৰক, কিন্তু অসমৰ জনসাধাৰণৰ প্ৰতি ২০০ বছৰীয়া সেৱাৰ গৌৰৱোজ্জ্বল ইতিহাস থকা মোৰ অসম আৰক্ষীক লৈ কুৎচিত আৰু স্লেং ভাষা ব্যৱহাৰ নকৰিব৷ অনুগ্ৰহ কৰি মই অনুৰোধ কৰিছো৷

আলফাই মৃত্যুদণ্ড দিয়াৰ যুক্তিযুক্ততা নাইঃ ড॰ গোহাঁই

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ ‘আলফাই মৃত্যুদণ্ড দিয়াৰ কোনোধৰণৰ যুক্তিযুক্ততা নাই৷ তেওঁলোকৰ খাদ্যাভ্যাসৰ বাবে এজন যুৱকে শিবিৰত থাকিব নোৱাৰি পলাই অহাৰ বাবে বিশ্বাসঘাতক আখ্যা দি গুলীয়াই মাৰিলে৷ এই বিষয় সন্দৰ্ভত ৰাইজেও মত প্ৰকাশ কৰিছে৷ আলফাৰ কিছুমান কথাৰ আমি সদায় বিৰোধী৷’– এই ভাষ্য বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ ড॰ হীৰেন গোহাঁইৰ৷ আলফা স্বাধীনৰ শিবিৰত সঘনে আলফা কেডাৰৰ গুলীত সতীৰ্থ নিহত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইদৰে কয় ড॰ গোহাঁয়ে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দেওবাৰে বিশিষ্ট বুদ্ধিজীৱীজনে কয়– ‘তেওঁলোকে এইধৰণে মৃত্যুদণ্ড দিয়া ঘটনা গ্ৰহণযোগ্য নহয়৷ মানুহ যেন এতিয়া আৱৰ্জনাত পৰিণত হৈছে৷ মানুহৰ জীৱনৰ কোনো মূল্য নাই৷ থলুৱা মানুহে মাটি নাপায়৷ থলুৱা মানুহক উচ্ছেদ কৰি বাহিৰৰ বণিয়াক মাটি বিলাই দিয়া হৈছে৷ আমাৰ যুৱ প্ৰজন্মৰ বহুতে এম এ পাছ কৰি চাকৰি নাপায়৷ বহুতে উপায় নাপাই চৰকাৰৰ দালালি কৰিছে৷ অৱশ্যে আজিকালি মুছলমান খেদা এটা নতুন চাকৰি ওলাইছে৷ যুৱ প্ৰজন্মক কাম কৰাৰ উপযুক্ত পৰিবেশ দিব নোৱৰাৰ বাবে চৰকাৰ দায়ী৷ ইয়াৰ বাবে আলফাও কিছু পৰিমাণে দায়ী৷’ আলোচনাপন্থী আলফাৰ প্ৰস্তাৱিত শান্তি চুক্তি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ড॰ হীৰেন গোহাঁইয়ে কয়– ‘আলফাৰ দাবীৰ যুক্তিযুক্ততা নাই৷ মই ভিত্তিবৰ্ষ ১৯৫১ৰ সমৰ্থক যদিও বৰ্তমান পৰিস্থিতিত ১৯৫১ চন ভিত্তি বৰ্ষ হোৱা অসম্ভৱ৷ সেয়েহে মই অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ পক্ষপাতী৷ বিৰোধী সফল হ’লে ৰাইজৰ ভাল হ’ব৷ ময়ো ভাল পাম৷’ আনহাতে, বৃহৎ নদীবান্ধ সন্দৰ্ভত ড॰ গোহাঁয়ে কয়– ‘সোৱণশিৰি নদী যিধৰণে শুকাইছে, এয়া স্বভাৱিক নহয়৷ ইয়াৰ বাবে ভয়ংকৰ পৰিস্থিতি হ’ব পাৰে৷ পূৰ্বে এনে দৃশ্য আমি কেতিয়াও দেখা নাছিলোঁ৷ তাত বাৰে বাৰে ভূমিস্খলন হয়৷ তাৰ পাহাৰবোৰত কেৱল ৰঙামাটিৰ গুড়ি আছে৷  নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্পত ডাঙৰ বিপদ হ’ব বুলি আমি আগতেই কৈছিলোঁ৷ কিন্তু চৰকাৰে কৈছিল নহয় বুলি৷ ফলাফল ৩/৪ বছৰত দেখি আহিছে ৰাইজে৷ তাত প্ৰকৃতিৰ নিয়মৰ সাংঘাতিকভাবে উলংঘন কৰা হৈছে৷ তাত পুৰ্বেও পাহাৰ খহিছে, শ্ৰমিক আহত হৈছে, শ্ৰমিকৰ মৃত্যুপৰ্যন্ত হৈছে৷ চৰকাৰে নদীবান্ধৰ পানী লাহে লাহে এৰি দিয়াৰ ব্যৱস্থা কৰক৷ নহ’লে ভয়ংকৰ বিপদ হ’ব৷ এই নদীবান্ধ বন্ধ কৰিবলৈ চৰকাৰক দাবী জনালোঁ৷’