Logo
image

মোবাইলৰ পোহৰত ডিব্ৰুগড়ৰ মেডিকেলত অস্ত্ৰোপচাৰ সম্পন্ন

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৩০ অক্টোবৰঃ বিদ্য়ুৎ নাই৷ মোবাইলৰ লাইটৰ পোহৰতে চিকিৎসা চলিছে উত্তৰ-পূবৰ চিকিৎসাৰ অন্যতম প্ৰাণকেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয়ত, চলিছে অস্ত্ৰোপচাৰ পৰ্যন্ত৷ ৰাজ্যৰ জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলোৱা অভিযানৰ মাজতে এইবাৰ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ পয়ালগা অৱস্থাই উদঙালে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলা-স্বৰূপ৷ দেওবাৰে সন্ধিয়াৰ ভাগত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা-অস্ত্ৰোপচাৰৰ নামত সংঘটিত আজৱ কাণ্ডই সচকিত কৰিছে সকলোকে৷ হাস্পতালত সন্ধিয়া ৫বজাৰ লগে লগে বিদ্য়ুৎ কৰ্তন হোৱাৰ ফলত মোবাইলৰ লাইটৰ পোহৰতে ৰোগীক চিকিৎসা কৰিবলগীয়া হয় চিকিৎসকে৷ এজন ৰোগীৰ অভিভাৱকে এএমচিএইচত চলা আজৱ কাণ্ড আবদ্ধ কৰি ৰাখিলে মোবাইলৰ কেমেৰাত৷ ইয়াৰ পাছতে ৰাজ্যৰ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ মহাৰজত জয়ন্তী বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত এই ভয়ংকৰ কাণ্ডত আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে৷ সঘনে বিদ্য়ুত কৰ্তন হোৱাৰ উপৰি  এএমচিত থকা জেনেৰেটৰেও সততে কাম নকৰে৷ ফলত ৰোগীক লৈ চলোৱা হয় আজৱ পৰীক্ষা৷ এই ঘটনাই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিপৰ্যস্ত ৰূপ পুনৰ উদঙাই দিলে৷