লিভাৰ সুৰক্ষিত কৰি ৰাখিবলৈ খাওক এইবোৰ ছুপাৰ ফুড
লিভাৰ বা যকৃৎ মানৱ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ৷ ই শৰীৰৰ মুখ্য কাৰ্য সম্পাদন কৰে৷ সহজ ভাষাত ক’বলৈ গ’লে আপুনি যি খায় সেয়া হজম কৰাত সহায় কৰে লিভাৰে৷ ই মানৱ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰে৷ লিভাৰে মুখ্যতঃ প্ৰ’টিন প্ৰস্তুত কৰে আৰু অত্যাৱশ্যকীয় পুষ্টিক চৰ্বিলৈ ৰূপান্তৰ কৰে৷ সেয়ে লিভাৰৰ যত্ন লোৱাটো অতি জৰুৰী৷ কিয়নো লিভাৰ স্বাস্থ্যৱান হ’লেহে মানুহৰ শৰীৰ স্বাস্থ্যৱান হ’ব৷ অন্যথা আপুনি বহু ৰোগত আক্ৰান্ত হ’ব পাৰে৷ লিভাৰ সুৰক্ষিত কৰি ৰাখিবলৈ এইসমূহ খাদ্য খাওক, যি খাদ্য ঔষধতকৈ কোনোগুণে কম নহয়৷
[১] বেৰীঃ লিভাৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ বিভিন্ন প্ৰকাৰৰ বেৰী যেনে– ব্লুবেৰী, ষ্ট্ৰ’বেৰী, ক্ৰেনবেৰী আদি খাব পাৰে৷ বেৰীসমূহত পলিফেনল নামৰ এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ ই মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ লগতে লিভাৰ সুৰক্ষিত কৰি ৰাখে৷
[২] সেউজীয়া শাক-পাচলিঃ সেউজীয়া শাক-পাচলি স্বাস্থ্যৰ বাবে অতি উপযোগী৷ পাচলিত পটাছিয়াম, মেগনেছিয়াম আৰু মেংগানিজ থাকে৷ ই লিভাৰত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু ক্ষতিকাৰক ৰসায়নিক পদাৰ্থ ধবংস কৰাত সহায় কৰে৷ সেইদৰে সেউজীয়া শাক-পাচলিত বহুতো পুষ্টি থাকে৷ যিয়ে মানুহক শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা সুৰক্ষিত কৰে৷
[৩] নেমু জাতীয় ফলঃ নেমু জাতীয় ফলে লিভাৰৰ ঔষধৰ দৰেই কাম কৰে৷ নেমু জাতীয় ফলত চাইট্ৰিক এচিড, ভিটামিন চি, পটাছিয়াম পোৱা যায়৷ ই শৰীৰৰ শ্ৰীবৃদ্ধি কৰে আৰু লিভাৰক বিষমুক্ত কৰাত সহায় কৰে৷
[৪] ছালগোমঃ ছালগোম ওৰফে বীতৰুট লিভাৰৰ বাবে অতি উপকাৰী৷ ই শৰীৰৰ ওজন হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰে৷ ছালগোমত এণ্টিঅক্সিডেণ্ট গুণাগুণ থাকে৷ ই লিভাৰক সুৰক্ষিত কৰি ৰাখে৷ ছালগোমে বিষমুক্তকৰণ এনজাইম বৃদ্ধি কৰাত সহায় কৰে৷
[৫] নহৰুঃ নহৰুৱে লিভাৰ পৰিষ্কাৰ কৰে৷ নহৰুত চেলেনিয়াম নামৰ এবিধ খনিজ থাকে৷ তদুপৰি নহৰুত ভিটামিন চি আৰু ভিটামিন বি-৬ পৰ্যাপ্ত পৰিমাণে পোৱা যায়৷ যি লিভাৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷
তদুপৰি কল, আপেল প্ৰতিদিনে খাদ্য তালিকাত ৰখাটো নিতান্তই প্ৰয়োজন৷ কলে খাদ্য সহজে হজম কৰে৷ আপেলত থকা পেক্টটিন উপাদানে কলেষ্টেৰল, পাচনতন্ত্ৰ সংশোধন কৰে৷