Logo
image

৯ ঘণ্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ বৈভৱ গেহলটঃ ১৬ নৱেম্বৰত পুনৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ

ডিজিটেল ডেস্কঃ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপদৰ সন্মুখীন হৈছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট৷ ইডিৰ জেৰাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী গেহলটৰ পুত্ৰ বৈভৱ গেহলট৷ ৰাজস্থান ক্ৰিকেট এছ'চিয়েচনৰ অধ্যক্ষ বৈভৱ গেহলটে বৈদেশিক মুদ্ৰা নিয়ামক আইন উলংঘনৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) তদন্তৰ সন্মুখীন হৈছে।

সোমবাৰে পুৱা দিল্লীৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) কাৰ্যালয়ত উপস্থিত হয় বৈভৱ গেহলট৷ ৯ ঘণ্টা ধৰি জোৰা চলোৱা অন্তত ১৬ নৱেম্বৰত পুনৰ তেওঁক ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছে৷ জানিব পৰা মতে, ইডিৰ জেৰাত বৈদেশিক মুদ্ৰা নিয়ামক আইন উলংঘন কৰাৰ অভিযোগ প্ৰত্যাখান কৰিছে বৈ|ৱ গেহলটে৷

যোৱা ২৫ অক্টোবৰত সোধা-পোছাৰ বাবে বৈভৱ গেহলটক চমন জাৰি কৰিছিল ইডিয়ে। বৈভৱে ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে ৩০ অক্টোবৰলৈকে সময় বিচাৰিছিল। ইয়াৰ পিছত তেওঁৰ কোম্পানীৰ সৈতে সম্পৰ্কিত নথিপত্ৰ লৈ ইডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল।