Logo
image

এয়াৰ মাৰ্শ্বাল পি কে বৰবৰাৰ দেহাৱসানঃ ভাৰত-পাকিস্তানৰ যুদ্ধত ভূমিকা আছিল অতুলনীয়

নতুন দিল্লীৰ প্ৰতিনিধি আৰু 'আমাৰ অসমৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৩০ অক্টোবৰঃ ভাৰতীয় বায়ু সেনাৰ দ্বিতীয় সৰ্বোচ্চ পদ উপ-সেনাধ্যক্ষ তথা ভাইচ চীফ অফ এয়াৰ ষ্টাফ পদ লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী ব্যক্তি, এয়াৰ মাৰ্শ্বাল প্ৰণৱ কুমাৰ বৰবৰাৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সোমবাৰে পুৱা চিকিৎসাধীন অৱস্থাত নতুন দিল্লীৰ আৰ্মী ৰিছার্চ এণ্ড ৰেফাৰেল হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৭৩ বছৰ। বৰবৰাই ইহসংসাৰত পত্নী, পুত্ৰ আৰু কন্যাক এৰি থৈ যায়। 

উল্লেখ্য যে উত্তৰ পূবৰ পৰা ভাৰতীয় বায়ু সেনাত দ্বিতীয় সৰ্বোচ্চ পদ অলংকৃত কৰা প্রথম গৰাকী উচ্চপদস্থ বিষয়া হিচাপে বৰবৰাই ভাৰতীয় বায়ুসেনাৰ ভাইচ চীফ অফ ষ্টাফ হিচাপে ২০০৯ চনৰ জুন মাহৰ পৰা ২০১০ চনৰ ৩১ ডিচেম্বৰলৈকে সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল৷ ১৯৫০ চনৰ ১০ ডিচেম্বৰত শ্বিলঙত জন্ম গ্রহণ কৰা বৰবৰাই ১৯৭০ চনৰ ১৩ ভাৰতীয় বায়ুসেনাত পাইলট অফিচাৰ হিচাপে কমিচনড লাভ কৰিছিল। এজন সুদক্ষ যুঁজাৰু বিমানৰ পাইলট হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বৰবৰাই ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি বাংলাদেশৰ স্বাধীনতা লাভত অৰিহণা যোগাইছিল।  নিজৰ কৰ্মজীৱনত বায়ুসেনাৰ বিমানত ৩৫০০ ঘন্টাৰো অধিক সময় অভিজ্ঞতাৰে পুষ্ট বৰবৰাই অন্যতম সফলতা হিচাপে বিশ্বৰ সৰ্বোচ্চ স্থানত অৱস্থিত চীন সীমান্তৰ লাডাখৰ দৌলতবেগ অল্ডি বায়ুসেনাৰ বিমানবন্দৰ ৪৩ বছৰ পিছত সম্পূর্ণ নিজা উদ্যোগত পুনৰ সক্ৰিয় কৰি তুলিছিল। 

বিমানবন্দৰটো ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পিছত পৰিত্যক্ত অৱস্থাত আছিল। বৰবৰাই মস্কোৰ ভাৰতীয় দূতাবাসৰ এয়াৰ এটাচী হিচাপেও দায়িত্ব পালন কৰিছিল। কৰ্ম জীৱনত দেখুওৱা পাৰদৰ্শিতাৰ বাবে তেঁও ৰাষ্ট্ৰপতিৰ সন্মানীয় সহায়ক (এইডছ-ডি-কেম্প),  বিশিষ্ট সেৱা মেডেল আৰু বায়ুসেনা মেডেল লাভ কৰিছিল। জানিব পৰা মতে, মঙলবাৰে পুৱা ১০ বজাত নতুন দিল্লীৰ ব্ৰাৰ স্কোৱাৰত থকা আৰ্মী ক্রিমেছন গ্রাউণ্ডত সামৰিক মর্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হব।