Logo
image

দ্বিতীয় বিবাহ বনাম চৰকাৰী নিৰ্দেশ

২৭ অক্টোবৰৰ পৰা হঠাৎ সৰৱ হ’ল অসমৰ সংবাদ মহল৷ কাৰণটো হৈছে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে ৰাজ্য চৰকাৰৰ এক নিৰ্দেশ৷ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবে স্বাক্ষৰ কৰা উক্ত নিৰ্দেশত ৰাজ্য চৰকাৰৰ প্ৰতিজন কৰ্মচাৰীক [পুৰুষ বা মহিলা] সাৱধান কৰা হৈছে দ্বিতীয় বিবাহ সম্পৰ্কত৷ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ কোনো কৰ্মচাৰীয়ে চৰকাৰৰ বিনা অনুমতিত কৰিব নোৱাৰিব দ্বিতীয় বিবাহ৷ যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে দ্বিতীয় বিবাহত বহিছে, তেওঁলোকৰ বিৰুদ্ধে চলোৱা হ’ব বিভাগীয় অনুসন্ধান আৰু আৰোপ কৰা হ’ব শাস্তিমূলক ব্যৱস্থা৷

অসম চৰকাৰে ৰূপায়ণ কৰা The Assam Civil Services (conduct) Rules-১৯৬৫ চনৰ Rule-২৬ মৰ্মে যিজন কৰ্মচাৰীৰ প্ৰথমা পত্নী জীৱিত আছে বা যিজন কৰ্মচাৰীৰ প্ৰথম পতি জীৱিত আছে, তেনে কৰ্মচাৰীয়ে দ্বিতীয় পত্নী বা দ্বিতীয় স্বামী গ্ৰহণ কৰাটো দণ্ডনীয়৷ যি কৰ্মচাৰীৰ প্ৰথম পত্নী বা প্ৰথম স্বামীৰ মৃত্যু হৈছে, তেনে কৰ্মচাৰীয়ে দ্বিতীয় বিবাহৰ পূৰ্বে চৰকাৰৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক৷ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য উক্ত চৰকাৰী নিৰ্দেশাৱলীৰ পূৰ্বেও থকা ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৪ মৰ্মে এজন ব্যক্তিয়ে প্ৰথম পত্নী বা প্ৰথম স্বামী থকা অৱস্থাত দ্বিতীয় বিবাহ কৰালে কমেও সাত বছৰৰ কাৰাবাস খাটিব লাগে৷

অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা উল্লেখ কৰিছে যে এজন ব্যক্তিৰ দুগৰাকী পত্নী থকা মানে দুগৰাকী পত্নীয়ে আৱেদন কৰে চৰকাৰী পেন্সনৰ৷ অসম চৰকাৰৰ ওচৰত তেনে বহুতো আৱেদন অমীমাংসিত অৱস্থাত আছে, যাৰ বাবে নিষ্পত্তি কৰিব পৰা নাই পেন্সনৰ ফাইল৷ এজন কৰ্মচাৰীৰ পেন্সনৰ ওপৰত দুগৰাকী পত্নীৰ আৱেদনে নিশ্চিতভাৱে স্থবিৰ কৰে চৰকাৰী সিদ্ধান্তৰ৷ বৰ্তমান অসম চৰকাৰৰ বিভিন্ন বিভাগত তেনেবোৰ আৱেদনে এটা কথাই পৰিষ্কাৰ কৰে যে চৰকাৰী নিৰ্দেশ থকাৰ পাছতো একাংশ কৰ্মচাৰীয়ে কৰি আহিছে নিয়মৰ উলংঘা৷ কিছুদিন পূৰ্বে ফ’ৰ্বছ কাকতে প্ৰকাশ কৰা তথ্য মতে, ভাৰতত একাংশ পুৰুষে প্ৰথম পত্নীৰ লগত বিবাহ বিচ্চেদ নোহোৱাকৈ দ্বিতীয় পত্নী গ্ৰহণ কৰাৰ অভিযোগ ক্ৰমবৰ্ধমান৷ কাকতখনৰ মতে, দ্বিতীয় পত্নী গ্ৰহণৰ পাছত হোৱা বিবাহ বিচ্চেদৰ হাৰ ৬০ শতাংশ৷ অৰ্থাৎ ভাৰতৰ বিবাহ বিচ্চেদৰ হাৰ এক শতাংশ হোৱাৰ বিপৰীতে দ্বিতীয় বিবাহ কৰা স্বামী-স্ত্ৰীৰ মাজত হোৱা বিবাহ বিচ্চেদৰ হাৰ ৬০ শতাংশ৷

পাৰিবাৰিক জীৱনত এজন ব্যক্তিৰ দ্বিতীয় বিবাহ হোৱাৰ ক্ষেত্ৰত থাকে অনেক কাৰণ৷ পত্নীৰ সৈতে মত-বিৰোধ হৈ সহবাস নকৰা, পত্নীৰ শয্যাগত অৱস্থা, পত্নীৰ অকাল বিয়োগত সন্তানৰ লালন-পালন কৰাৰ স্বাৰ্থত, পত্নীৰ বিয়োগৰ পাছত বৃদ্ধকালৰ লগৰীয়া বিচাৰি, সন্তান জন্ম দিয়াৰ পাছতেই পত্নীৰ বিয়োগ হোৱা, আদি কাৰণত এজন ব্যক্তিয়ে দ্বিতীয় বিবাহ কৰা দেখিবলৈ পোৱা যায়৷ আনহাতে, সমাজত এনে কিছুমান ব্যক্তি আছে যিসকলে নিজৰ পত্নী বা সন্তানৰ অগোচৰে গোপনে কৰাই দ্বিতীয় বিবাহ৷ চাকৰিসূত্ৰে পৰিয়ালৰ পৰা দূৰৈত থকা পুৰুষ বা মহিলাৰ ক্ষেত্ৰত দ্বিতীয় বিবাহ গোপনে হয় যদিও তেনে বিবাহৰ নাথাকে আইনৰ স্বীকৃতি৷ ফলত অৱসৰৰ পূৰ্বে দুয়োগৰাকী পত্নীৰ মাজত আৰম্ভ হয় পেন্সনৰ দাবী৷ এনেবোৰ কাৰণতেই অসম চৰকাৰৰ পাৰ্ছনেল বিভাগত পৰি আছে শতাধিক পেন্সনৰ প্ৰস্তাৱ৷

বিবাহ এটা সামাজিক প্ৰথা, য’ত জড়িত হৈ থাকে দুজন ব্যক্তিৰ ভৱিষ্যৎ৷ প্ৰেম বিবাহেই হওক কিম্বা আয়োজিত বিবাহেই হওক, এগৰাকী কন্যাৰ জীৱনটো স্বামীৰ ঘৰত সুৰক্ষিত হোৱাটো নিৰ্ভৰ কৰে বিবাহৰ বান্ধোনত৷ আস্থা, বিশ্বাস আৰু সহযোগিতাৰ মাজত স্থাপন পোৱা বৈবাহিক বান্ধোনত দেখা নাযায় বিবাহ বিচ্চেদ বা দ্বিতীয় বিবাহৰ প্ৰয়োজনীয়তা৷ বৈবাহিক জীৱনত জন্ম লোৱা প্ৰতিটো সন্তানে বিচাৰে পিতৃ-মাতৃৰ মৰম৷ পিতৃ-মাতৃৰ মাজত হোৱা কাজিয়া বা দ্বন্দ্বৰ প্ৰধান উপভোক্তা সন্তানেই হয়৷ সমাজত এনে কিছুমান স্বামী আছে যি নিজৰ পত্নীৰ মৃত্যুৰ পাছত সন্তানৰ লালন-পালন কৰি পাৰ কৰে জীৱন৷ সেইদৰে এনে বহুতো পত্নী আছে যিসকলে স্বামীৰ মৃত্যু হোৱাৰ পাছতো, গোটেই জীৱন সন্তানৰ লগতেই পাৰ কৰে৷ আধুনিকতাৰ পৰশত মানৱীয় মূল্যবোধক অৱজ্ঞা কৰা একাংশ স্বামী-স্ত্ৰীৰ মাজতে দেখিবলৈ পোৱা যায় অবৈধ সম্পৰ্ক বা দ্বিতীয় বিবাহৰ প্ৰাসংগিকতা৷