Logo
image

৩ সমষ্টিতেই প্ৰাৰ্থী আজমল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ অক্টোবৰঃ আজমল পৰিয়ালৰ একনায়কত্ববাদক কেন্দ্ৰ কৰি শেহতীয়াভাৱে তীব্ৰ ক্ষোভ আৰু অসন্তোষৰ সৃষ্টি হৈছে এ আই ইউ ডি এফৰ অভ্যন্তৰত৷ মুখ খুলি দলৰ নেতা-বিধায়কসকলে ৰাজহুৱাভাৱে এই পৰ্যন্ত একো নকলেও যিকোনো মুহূৰ্তত আজমল ভাতৃদ্বয়ৰ স্বেচ্ছাচাৰিতক কেন্দ্ৰ কৰি দলৰ মজিয়াত বিদ্ৰোহ হোৱাৰ আশংকা প্ৰবল হৈ পৰিছে৷ ‘কংগ্ৰেছ’ আৰু ‘ইণ্ডিয়া’ৰ সহযোগী দল বিলাকৰ নেতাৰ দুৱাৰে দুৱাৰে ঘূৰিও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিৰোধী শিবিৰত ঠাই উলিয়াব নোৱাৰা আজমল বৰ্তমান অসমতো বিৰোধী শিবিৰৰ দ্বাৰা এলাগি হৈ পৰিছে৷ কংগ্ৰেছৰ নেতৃত্বত গঠিত ১২ দলীয় বিৰোধী ঐক্য মঞ্চত বহু চেষ্টাৰ পিছতো স্থান লাভ নকৰিলে  আজমল আৰু তেওঁৰ দল৷ যাৰ ফলত এতিয়া লোকসভাৰ আগন্তুক নিৰ্বাচন সন্মানৰ প্ৰশ্ন হৈ পৰিছে আজমল পৰিয়ালৰ বাবে৷ দলৰ একাংশ ক্ষোভিত বিধায়কৰ দাবী– বদৰুদ্দিন আজমলে ধুবুৰীৰ উপৰিও বৰপেটা বা নগাঁও লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ গোপনে ৰণকৌশল প্ৰস্তুত কৰিছে৷ আনহাতে তেওঁৰ ভাতৃ চিৰাজুদ্দিন আজমল ইয়াৰে যিকোনো এটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাব বিচাৰিছে আজমলে৷ ২০১৪ চনত চিৰাজুদ্দিন আজমল বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সংসদলৈ নিৰ্বাচিত হৈছিল৷ চিৰাজুদ্দিন আজমল বৰপেটাৰ পৰা নিৰ্বাচিত হোৱাৰ বিপৰীতে বদৰুদ্দিন আজমল সেইবাৰো ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল৷ অৱশ্যে আজমল পৰিয়ালৰ চকু কৰিমগঞ্জ সমষ্টিৰ ওপৰতো আছে৷ বৰপেটা বা নগাঁও লোকসভা সমষ্টিৰ ভিতৰত কোনো এটা সমষ্টি যদি আজমল বাহিনীয়ে এৰি দিবলগীয়া হয় তেন্তে কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব চিৰাজুদ্দিন আজমলে৷ আজমল ভাতৃ বৰ্তমান যমুনামুখ বিধানসভা সমষ্টিৰ বিধায়ক৷ আজমল পৰিয়ালৰ এই গোপন অভিসন্ধি এই পৰ্যন্ত দলৰ মজিয়াত আনুষ্ঠানিকভাৱে আলোচনা হোৱা নাই যদিও আজমলে নিজৰ ঘনিষ্ট মহলৰ আগত এই ৰণকৌশল সদৰি কৰিছে৷ সূত্ৰটোৰ মতে, অসমৰ পৰা যিকোনো প্ৰকাৰে অতি কমেও দুখন আসনত জয়ী হৈ ‘ইণ্ডিয়া’ত অন্তৰ্ভুক্ত হোৱাৰ আশা মনত পুহি ৰাখিছে আজমলে৷ কিন্তু আজমল বাহিনীৰ এই গোপন অভিসন্ধিক লৈ ক্ষোভিত হৈ পৰিছে দলৰ একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতা-বিধায়ক৷ যিহেতু আজমলে এ আই ইউ ডি এফ দলক নিজৰ কোম্পানীৰ দৰে পৰিচালিত কৰে আৰু তেওঁৰ কথাই দলৰ মজিয়াত চূড়ান্ত আৰু শেষ কথা সেয়ে লোকসভাৰ আগন্তুক নিৰ্বাচনত দুই আজমল ভাতৃয়ে তিনিটা কৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিলেও দলৰ মজিয়াত বাধা দিবলৈ যে কোনোবা নেতা-বিধায়কৰ সাহস হ’ব তাত সন্দেহ আছে৷ উল্লেখ্য যে শেহতীয়াভাৱে বদৰুদ্দিন আজমলে বাৰম্বাৰ দাবী কৰি আছে যে তেওঁৰ দলে তিনিটা সমষ্টি ক্ৰমে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জত নিশ্চিতভাৱে জয় লাভ কৰিব৷ সেয়ে জয়ৰ আশা থকা সমষ্টিকেইটা নিজৰ পৰিয়ালৰ মাজতে ৰখাৰ ৰণকৌশল ৰচনা কৰিছে আজমল ভাতৃদ্বয়ে৷ তেওঁলোকক এই ক্ষেত্ৰত সহায় কৰি আছে দলটোৰ একাংশ তোষামোদকাৰী নেতাই৷