Logo
image

কংগ্ৰেছ নেতা শৰৎ বৰকটকী প্ৰয়াত, আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ৩১ অক্টোবৰঃ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, দলবাগান উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক অধ্যক্ষ তথা জ্যেষ্ঠ ৰাজনীতিক শৰৎ বৰকটকীৰ কালি পুৱতি নিশা ১.৩০বজাত গুৱাহাটী মেডিকেল কলেজত দেহাৱসান হোৱাত চৰাইদেউ জিলাত শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত জ্যেষ্ঠ কংগ্ৰেছ নেতাজনৰ বয়স হৈছিল ৮৮ বছৰ৷ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰত শিক্ষা, গড়কাপ্টানিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন মন্ত্ৰীজনে দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসাধীন অৱস্থাতে জ্যেষ্ঠ ৰাজনীতিকজনে আজি শেষ নিশ্বাস ত্যাগ কৰে৷ উল্লেখ্য, অবিভক্ত শিৱসাগৰ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত হেমচন্দ্ৰ বৰকটকীৰ ঔৰসত আৰু চন্দ্ৰপ্ৰভা খাউণ্ডৰ গৰ্ভত ১৯৩৫ চনৰ ১৮ নৱেম্বৰত জন্মগ্ৰহণ কৰা শৰৎ বৰকটকীয়ে মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক বিদ্যালয়তে শিক্ষা জীৱনৰ পাতনি মেলি শিৱসাগৰ বেজবৰুৱা হাইস্কুলত হাইস্কুলীয়া শিক্ষা, যোৰহাট জগন্নাথ বৰুৱা কলেজৰ স্নাতক আৰু পৰৱৰ্তী সময়ত [১৯৭০-৭২] ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি টি ডিগ্ৰী গ্ৰহণ কৰে৷ আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি নাগালেণ্ডত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰি তাত কিছুদিন শিক্ষকতা কৰাৰ পাছত ১৯৫৯চনত দলবাগান উচ্ছ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰে৷ ১৯৮৫ চনত উচ্ছতৰ মাধ্যমিকলৈ উন্নীত হোৱা উক্ত বিদ্যালয়ৰ পৰাই ১৯৯১চনত বৰকটকীয়ে অধ্যক্ষ হিচাপে অৱসৰগ্ৰহণ কৰে৷ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সহপাঠী জ্যেষ্ঠ ৰাজনীতিকজনে ১৯৬৮চনৰ পৰাই ৰাজনীতিৰ সৈতে সংপৃক্ত হৈ পৰে৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি সোণাৰি মণ্ডল কংগ্ৰেছৰ সম্পাদক-সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে সত্তৰ দশকতে শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল৷ ১৯৭২চনৰ পৰাই সোণাৰি বিধানসভা সমষ্টিৰ পৰা সাধাৰণ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল যদিও ১৯৯১চনত তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই সোণাৰি সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে৷ নিৰ্বাচনত প্ৰথমবাৰ অৱতীৰ্ণ হৈয়ে অগপৰ শক্তিশালী প্ৰাৰ্থী ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই বিপুল ভোটত পৰাস্ত কৰি হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ মন্ত্ৰীপদ লাভ কৰে৷ ১৯৯৬চনৰ সাধাৰণ নিৰ্বাচনতো অগপৰ প্ৰবল ঢৌৰ মাজতো বৰকটকীয়ে সোণাৰি সমষ্টি নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল৷ ২০০১চনৰ নিৰ্বাচনতো বিপুল ভোটত জয়ী হৈ তৰুণ গগৈ মন্ত্ৰীসভাত গড়কাপ্টানিমন্ত্ৰী হিচাপে দায়িত্বভাৰ লাভ কৰিছিল৷ ২০১১ চনৰ সাধাৰণ নিৰ্বাচনতো জয়ী হৈ তৰুণ গগৈ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল৷ ২০১৬চনতো বৰকটকীয়ে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছিল যদিও সেই সময়ত দেশজুৰি সৃষ্টি মোদী ঢৌ আৰু অসমৰ পৰিৱৰ্তনকামী জনতাই কংগ্ৰেছ দলক শাসনৰ গাদীৰ পৰা নমাইছিল আৰু বৰকটকীয়ে সদ্যপদত্যাগী ছাত্ৰনেতা তপন কুমাৰ গগৈৰ হাতত পৰাস্ত হৈছিল৷ লগে লগে অৱসান ঘটিছিল সোণাৰি সমষ্টিত শৰৎ বৰকটকীৰ বিশ বছৰীয়া ৰাজত্বৰ৷ ১৯৯১চনৰ পৰা ২০১১চনলৈকে সুদীৰ্ঘ ২০বছৰ কাল সোণাৰি সমষ্টিত নিজৰ প্ৰভূত্ব বজাই ৰাখিবলৈ সক্ষম হোৱা জ্যেষ্ঠ ৰাজনীতিক শৰৎ বৰকটকীয়ে কংগ্ৰেছ দল আৰু চৰকাৰত লাভ কৰিছিল গুৰুত্বপূৰ্ণ পদবী আৰু দায়িত্ব৷ শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা ৰুচিশীল ৰাজনীতিক শৰৎ বৰকটকী ৰাজনীতিত এজন ভদ্ৰ ৰাজনীতিক হিচাপে পৰিচিত আছিল৷ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ সৈতে অতি সু-সম্পৰ্ক থকা জ্যেষ্ঠ ৰাজনীতিকজনে সততাৰ ৰাজনীতি কৰিয়ে জীৱন অতিবাহিত কৰিছিল৷ অন্তৰংগ সহপাঠী বন্ধু তৰুণ গগৈয়ে তৃতীয়টো শাসনকালত সতীৰ্থৰ প্ৰৰোচনাত পৰি নিজৰেই অন্যতম প্ৰিয় বন্ধুক মন্ত্ৰিত্ব কৰ্তন কৰি মানসিক আঘাত দিছিল যদিও বৰকটকীয়ে সহপাঠী বন্ধু তৰুণ গগৈৰ বিৰুদ্ধে কোনো উচ্ছ-বাচ্য প্ৰয়োগ কৰা নাছিল৷ এনে এজন সৎ ৰাজনীতিকৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰাৰ লগতে বিশেষকৈ প্ৰিয় নেতাজনৰ প্ৰয়াণত শোকস্তব্ধ হৈ পৰিছে সোণাৰি সমষ্টিবাসী৷ অসম হাইস্কুল শিক্ষক সন্থাকে ধৰি বহু অৰাজনৈতিক সংগঠনৰ সৈতেও জড়িত জ্যেষ্ঠ ৰাজনীতিকজনৰ মৃত্যুত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক মাণিক গগৈ, জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মিণ্টু তাঁতী, চৰাইদেউ জিলা সমিতিৰ সভাপতি টংকেশ্বৰ কোঁৱৰ, সম্পাদক কপিল চেতিয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সুৰুয দিহিঙীয়া, সম্পাদক উৎপল গগৈ,  চৰাইদেউ জিলা কংগ্ৰেছ কমিটীকে ধৰি জিলাখনৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে জ্যেষ্ঠ ৰাজনীতিকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷ আনহাতে, জ্যেষ্ঠ ৰাজনীতিকজনে প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে অৱসৰগ্ৰহণ কৰা দলবাগান উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিষ্ঠাপক অধ্যক্ষজনৰ প্ৰতিমূতিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক শোকসভা অনুষ্ঠিত কৰে৷ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকি শিক্ষাগুৰুজনাক সোঁৱৰি আৱেগিক হৈ পৰে৷ জ্যেষ্ঠ ৰাজনীতিকজনৰ শৱদেহ পৰিয়ালৰ লোকে গুৱাহাটীৰ পৰা চৰাইদেউ অভিমুখে আনি আছে৷ আজি নিশাটো ৰাজনীতিকজনে জীৱনৰ এছোৱা সময় অতিবাহিত কৰা নিমনাগড়ৰ পুৰণি বাসগৃহত শৱদেহ ৰখাৰ পাছত আজি পুৱা ১১বজাত সোণাৰিৰ ৰাজীৱ ভৱনত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ব্যৱস্থা কৰিছে৷ তাতে জ্যেষ্ঠ ৰাজনীতিকজনক চৰাইদেউৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ উল্লেখ্য, মৃত্যুৰ সময়ত প্ৰাক্তন মন্ত্ৰীজনে পত্নী বীণা বৰকটকী, দুই পুত্ৰ অনুজ বৰকটকী আৰু ৰণোজ বৰকটকী, একমাত্ৰ কন্য মৌচুমী বৰকটকীৰ লগতে দুই বোৱাৰী, জোঁৱাই, নাতি-নাতিনীসহ বহুতো আত্মীয়-স্বজন আৰু শুভাকাংক্ষীক এৰি থৈ গৈছে৷

শৰৎ বৰকটকী মৃত্যুত সোণাৰিত শোকৰ ছাঁ

‘আমাৰ অসম’ৰ সোণাৰিৰ বিশেষ প্ৰতিবেদকঃ চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ পাঁচবাৰৰ বিধায়ক তথা দুবাৰকৈ শিক্ষামন্ত্ৰী আৰু গড়কাপ্টানি মন্ত্ৰী হোৱাৰ গৌৰৱৰ অধিকাৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ[৮৮] দেওবাৰে নিশা ৰ-৩৬ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ তেওঁ ১৯৯১চনৰ পৰা ২০১৬ চনলৈকে ১০৬নং সোণাৰি বিধানসভা সমষ্টিৰ পাঁচবাৰৰ বিধায়ক আছিল৷ প্ৰয়াত বৰকটকী ২৫বছৰ কাল সোণাৰি সমষ্টিৰ বিধায়ক আছিল৷ বিধায়ক হোৱাৰ পূৰ্বে প্ৰয়াত বৰকটকী দ’ল বাগান উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছিল৷ তেওঁ এজন কৃতী শিক্ষক আৰু প্ৰশাসক আছিল৷ বিধায়ক আৰু মন্ত্ৰী হিচাবে শৰৎ বৰকটকীয়ে সোণাৰি সমষ্টিত কৰা বহুকেইটা অতি উল্পেখনীয় কামৰ ভিতৰত ২০১৫ চনৰ ১৫আগষ্টত চৰাইদেউ মহকুমাক জিলা পৰ্যায়লৈ উন্নীতকৰণ কৰা৷ প্ৰয়াত বৰকটকী এজন বিজ্ঞ ৰাজনীতিবিদ হোৱাৰ লগতে তেওঁ এজন দক্ষ ক্ৰীড়া সংগঠক আছিল৷ তেওঁ অসম ফুটবল সন্থাৰ সভাপতি, অসম ছেপাক টেক্ৰ’ সন্থা সভাপতিৰ পদ অলংকৃত কৰাৰ লগতে তেওঁ দীৰ্ঘদিন চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সভাপতিৰ পদত আছিল৷ সোণাৰিত প্ৰয়াত শৰৎ বৰকটকীক সোণাৰিবাসী ৰাইজে ‘কটকী চাৰ’ বুলি সন্মান কৰিছিল৷ কটকী চাৰৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ সোণাৰিত গভীৰ শোকৰ ছাঁ পেলায়৷ চাৰৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পাছত বহু গুণমুগ্ধ সোণাৰিস্থ বাসভবনত সমবেত হোৱা পৰিলক্ষিত হয়৷

ৰাজীৱ ভৱনত অন্তিম শ্ৰদ্ধা, ভাগ ল’লে আলফাৰ সভাপতিয়েও

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ অসমৰ সোণাৰী বিধানসভা সমষ্টিৰ পৰা ১৯৯১ চনৰ পৰা ২০১৬ চনলৈ কংগ্ৰেছ দলৰ পৰা একেৰাহে পাঁচবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা প্ৰয়াত মুখ্যমন্ত্ৰীদ্বয় হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ নেতৃত্বাধীন মন্ত্ৰীসভাত দুবাৰকৈ কেবিনেট মন্ত্ৰীৰ পদ অলংকৃত কৰা, ৰাজ্যৰ এগৰাকী বৰ্ষীয়ান ৰাজনীতিক শৰৎ বৰকটকীৰ চিকিৎসাধীন অৱস্থাত দেওবাৰে মাজনিশা ১.৩৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত [জিএমচিএইছ] মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৮ বছৰ৷ ১৯৩৫ চনত তেতিয়াৰ অধিবক্তা শিৱসাগৰ জিলাৰ মথুৰাপুৰত জন্মগ্ৰহণ কৰা শৰৎ বৰকটকী বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ ১৬ অক্টোবৰৰ পৰা জি এম চি এইছত আই চি ইউত চিকিৎসাধীন হৈ আছিল৷ আনকি ২৫ অক্টোবৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জি এম চি এইছলৈ গৈ শৰৎ বৰকটকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দৰকাৰ হ’লে বাহিৰৰ পৰা বিশেষজ্ঞ চিকিৎসক অনা হ’ব বুলিও ঘোষণা কৰিছিল৷ ইফালে সোমবাৰে পুৱা শৰৎ বৰকটকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত গভীৰ শোকৰ ছাঁ পৰে৷ পুৱাই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীকে ধৰি দলটোৰ বহু নেতা-কৰ্মী, অসংখ্য গুণমুগ্ধ লোক জি এম চি এইছত উপস্থিত হৈ শোসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে৷ পুৱা ১০ মান বজাত এখন পুষ্পসজ্জিত বাহনৰে শৰৎ বৰকটীৰ নশ্বৰ দেহ সমদল কৰি প্ৰথমতে গুৱাহাটীৰ শৰণীয়াস্থিত বাসগৃহলৈ নিয়া হয়৷ তাৰ পাছত তেওঁৰ নশ্বৰদেহ তেওঁ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ পল্টনবজাৰস্থিত মুখ্য কাৰ্যালয়লৈ অনা হয়৷ তাত অসম শাখাৰ উপ-সভাপতি বলীন বুলি, মুনীন্দ্ৰ শইকীয়া, সাধাৰণ সম্পাদক সুমেৰ সিং গৌড়, সম্পাদক হৰিপ্ৰসাদ শইকীয়া, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, শ্ৰমিক নেতা ক্ৰমে– অমিত, বৰুণ সৰকাৰ, মাণিক দাস, আনন্দ বৰদলৈ, এন চি পিৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেব অধিকাৰীকে ধৰি কেবাজনো বিশিষ্ট লোক ৰাজ্যিক পৰিবহন কৰ্মচাৰী সন্থা, অসম চাহ মজদুৰ সংঘকে ধৰি বিভিন্ন ট্ৰেড ইউনিয়নৰ প্ৰতিনিধিয়ে নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ তাৰ পাছত তেওঁৰ নশ্বৰ দেহ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীব ভৱনলৈ অনা হয়৷ তাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, উপ-সভাপতি বলীন কুলি, ববিতা শৰ্মা, হিৰণ্য বৰা, মঞ্জুশ্ৰী পাঠক, নৱজ্যোতি তালুকদাৰ, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ, অকণ বৰাকে ধৰি কেবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু মুস্তাক গোলাম ওছমানিকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মী, আলফা নেতা অৰবিন্দ ৰাজখোৱাই নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ তাৰ পাছত তেওঁৰ নশ্বৰ দেহ সোণাৰীৰ নিজ গৃহলৈ নিয়া হয়৷ মঙলবাৰে দিনৰ ভাগত ৰাজ্যিক মৰ্যদাৰে সোণাৰীত শেষকৃত্য সম্পন্ন কৰা হ’ব৷ ইফালে বৰ্ষীয়ান ৰাজনীতিকে আৰু প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ মৃত্যুত বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে গভীৰ শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ এটা শোক বাৰ্তাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়–বিশিষ্ট ৰাজনীতিবিদগৰাকীয়ে ৰাজ্যৰ জনসাধাৰণৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি গৈছে৷ তেওঁ সোণাৰী সমষ্টিৰ পৰা বিকাশৰ বাবে বিকাশৰ বাবে যি অৰিহণা আগবঢ়াই গ’ল সেয়া সদায়ে স্মৰণীয় হৈ থাকিব৷ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে তেওঁৰ মৃত্যু অপূৰণীয় ক্ষতিৰ লগতে সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শৰৎ বৰকটকীৰ শেষকৃত সম্পন্ন কৰা হ’ব বুলি সদৰি কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ তেনেদৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটী, কংগ্ৰেছ সেৱা দল, ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখা, এন এফ ৰে’লৱে এম্পলাইজ ইউনিয়ন, ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাকে ধৰি বিভিন্ন দল-সংগঠন, ট্ৰেড ইউনিয়ন আদিয়ে শৰৎ বৰকটকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷