Logo
image

পিঁয়াজৰ দাম বঢ়াই নিৰ্বাচনী পুঁজি গোটাইছে বিজেপিয়েঃ অখিল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ অক্টোবৰঃ পিয়াঁজে কন্দুৱাইছে ৰাজ্যবাসীক৷ চেঞ্চুৰী কোবোৱাৰ দিশে গতি কৰিছে পিয়াঁজৰ মূল্যই৷ পিয়াঁজৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজৰ মূৰত যেন মাধমাৰ সোধাইছে৷ পূজাৰ পূৰ্বে প্ৰতি কিলো পিয়াঁজ ৪০ টকাত বিক্ৰী হৈছিল যদিও এতিয়া ৮০ টকাত ক্ৰয় কৰিবলগীয়া হৈছে ৰাইজে৷ মাত্ৰ এসপ্তাহৰ ভিতৰতে  দুগুণলৈ বৃদ্ধি পাইছে পিয়াঁজৰ মূল্য৷ পিয়াঁজৰ মূল্য আকাশলংঘী হোৱাৰ পাছতো গুৰুত্ব নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে উৎসস্থলীতে পিয়াঁজৰ দাম বৃদ্ধি হোৱাৰ দোহাই দি দায় সৰাৰ চেষ্টা চলাইছে মন্ত্ৰী দসে৷ আনকি যেতিয়া পিয়াঁজৰ যোগান বৃদ্ধি পাব তেতিয়া নিজেই নিজেই পিয়াঁজৰ মূল্য হ্ৰাস পাব বুলিও আজৱ যুক্তি দিয়া দেখা গ’ল মন্ত্ৰী ৰঞ্জিত দাসক৷ বজাৰত পিয়াঁজৰ মূল্যই জ্বলাকলা খুওৱাত এইবাৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী ঐক্যমঞ্চৰ মুখপাত্ৰ অখিল গগৈ৷ পিয়াঁজৰ দাম ১০০ টকা হোৱাত বাজপেয়ী চৰকাৰ পতন হোৱাৰ দৰে এইবাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰো পিয়াঁজৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে পতন হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে৷ বিজেপিয়ে পিয়াঁজৰ দাম বঢ়াই নিৰ্বাচনী পুঁজি গোটোৱাৰ অভিযোগ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়– ‘নিৰ্বাচনী কমিচনৰ বাবেই বৃদ্ধি কৰা হৈছে পিয়াঁজৰ মূল্য৷ বিজেপি চৰকাৰে বেপাৰীৰ পৰা নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰাৰ বাবেই পিয়াঁজৰ দাম বৃদ্ধি কৰিছে৷ পিয়াঁজেই নহয়, নিত্য ব্যৱহাৰ্য প্ৰতিটো সামগ্ৰীয়ে অভাৱনীয় মূল্য বৃদ্ধিৰে ৰাইজক কেকোঁৰা চেপা দিছে বিজেপি চৰকাৰে৷ বিজেপিয়ে মনত ৰখা ভাল– পিয়াঁজৰ মূল্য ১০০ টকা হোৱাৰ বাবেই বাজপেয়ী চৰকাৰ পৰাভূত হৈছিল৷ এতিয়া পিয়াঁজৰ দাম বৃদ্ধিয়েই মোদী চৰকাৰৰো পতনৰ অন্যতম কাৰক হ’ব৷ কম দিনৰ ভিতৰতে পিয়াঁজৰ মূল্যই ১০০ টকা স্পৰ্শ কৰিব৷’