Logo
image

দিল্লীৰ বায়ু প্ৰদূষণ সমস্যাৰ স্থায়ী সমাধান সম্ভৱ হ’বনে

শীতকাল আগমনৰ লগে লগে দেশৰ ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ সমস্যাই এক গুৰুতৰ ৰূপ লোৱা দেখা যায়৷ বিগত কেইটামান দিন ধৰি দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী এলেকাৰ বায়ুৰ মান সূচাংক  আছিল অতি নিম্নমানৰ৷ ইয়াৰ বাবে উচ্ছতম ন্যায়ালয়েও প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে কি ব্যৱস্থা লোৱা হৈছে তাৰ তথ্য বিচাৰিছে দিল্লীৰ লগতে চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাব আৰু ৰাজস্থান চৰকাৰৰ পৰা৷ বায়ু প্ৰদূষণৰ পৰা সৰ্বসাধাৰণক সকাহ দিয়াৰ লক্ষ্যৰে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী এলেকাত পহিলা নৱেম্বৰৰ পৰা কেৱল চি এন জিচালিত আৰু ইলেক্ট্ৰিক বাছ চলাচলতহে অনুমতি দিয়া হৈছে৷ কেৱল দিল্লীয়েই নহয়, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশতো অনুৰূপ ব্যৱস্থা লোৱা হ’ব পাৰে৷ দিল্লীত আটচবাজী জ্বলোৱাটো নিষিদ্ধ কৰা হৈছে যদিও দশেৰা উৎসৱৰ সময়ত বিভিন্ন স্থানত আটচবাজী জ্বলোৱা হৈছিল আৰু তেতিয়াৰ পৰা প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি পোৱা বুলি বাতৰি প্ৰকাশ পাইছে৷ ইপিনে, শেহতীয়াভাৱে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ কমিটীয়ে এক নিৰ্দেশযোগে অহা বছৰৰ পহিলা জানুৱাৰীলৈ ৰাজধানী এলেকাত আটচবাজীৰ ব্যৱহাৰ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিছে৷ আটচবাজী প্ৰস্তুতকৰণ, মজুতকৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা থাকিব৷ আৰু কিছুদিন পাছত আছে পোহৰৰ উৎসৱ দীপাৱলী৷ দীপাৱলীৰ সময়ত আটচবাজী জ্বলোৱাটো যিহেতু হিন্দু সমাজত এক পৰম্পৰাৰ দৰে হৈ পৰিছে, সেয়েহে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ কমিটীৰ নিৰ্দেশনাই বহু লোকক অসন্তুষ্ট কৰিছে৷

দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পোৱাৰ মূলতে কল-কাৰখানৰ পৰা নিৰ্গত ধোঁৱা, চহৰখনত প্ৰতিদিনে চলাচল হোৱা প্ৰায় ৩৫ লাখ ব্যক্তিগত যান-বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু চুবুৰীয়া ৰাজ্যবোৰত শস্য চপোৱাৰ পাছত অৱশিষ্টখিনি খেতিপথাৰতে জ্বলোৱাৰ ফলত উৎপন্ন হোৱা ধোঁৱা৷ বায়ু প্ৰদূষণে জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত বাহিৰলৈ ওলালেও মাস্ক পিন্ধি ওলাবলৈ সতৰ্ক কৰি দিয়া হৈছে৷ আনহাতে এই সময়ছোৱাত আৱৰ্জনা আদি দহন নকৰিবলৈও প্ৰশাসনক সতৰ্ক কৰা হৈছে৷ বিশেষজ্ঞসকলৰ মতে, পৰিৱেশ প্ৰদূষণৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই ব্যৱস্থা লোৱা নহ’লে ২০৫০ চনলৈ পৰিৱেশজনিত কাৰণত মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানৰ দুগুণ হ’ব৷ ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ দেশবোৰত শেহতীয়াভাৱে সৃষ্টি হোৱা বায়ু প্ৰদূষণৰ ফলত  হাপানী,  ক্ৰনিক ব্ৰংকাইটিছ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷  পৰিৱেশ বিশেষজ্ঞসকলৰ মতে, পঞ্জাব আৰু হাৰিয়ানাত শস্য চপোৱাৰ পাছত অৱশিষ্টবোৰ খেতিপথাৰত জ্বলোৱাৰ ফলত তাৰ পৰা ওলোৱা ধোঁৱাই দিল্লীৰ বায়ু প্ৰদূষণ বৃদ্ধি কৰিছে৷ এনেদৰে শস্য পথাৰৰ অৱশিষ্ট জ্বলোৱাত নিষেধাজ্ঞা আৰোপ কৰিও সুফল পাব পৰা নাই৷ দিল্লীৰ বায়ু প্ৰদূষণৰ সমস্যাই যে কেৱল জনস্বাস্থ্যৰ প্ৰতিয়ে ভাবুকিৰ সৃষ্টি কৰিছে তেনে নহয়, এই সমস্যাই অৰ্থনীতিতো প্ৰভাৱ পেলাৱ পাৰে৷ চহৰখনত অক্টোবৰৰ পৰা  ডিচেম্বৰ মাহলৈ বায়ু প্ৰদূষণৰ মাত্ৰা আটাইতকৈ বেছি হয়৷  সাধাৰণতে এই সময়ছোৱাত ভালেসংখ্যক বিদেশী পৰ্যটকে দিল্লী ভ্ৰমণ কৰে৷ বায়ু প্ৰদূষণ দিল্লী চহৰৰ বাবে যি ভয়াৱহ সমস্যা হৈ পৰিছে, তালৈ চাই চহৰখনলৈ বিদেশী পৰ্যটকৰ আগমন হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ দিল্লী চহৰত সৃষ্টি হোৱা বায়ু প্ৰদূষণ এনে ভয়াৱহ হৈ পৰিছে যে এই প্ৰদূষণৰ পৰা মানৱ দেহত হ’ব পৰা ক্ষতিপ্ৰতিদিনে ১৫-২০টা চিগাৰেট সেৱনৰ ফলত হ’ব পৰা প্ৰভাৱৰ সমান৷ বায়ু প্ৰদূষণ কেৱল ভাৰতৰে সমস্যা নহয়৷ বিশ্বৰ কেইবাখনো দেশত এই সমস্যা চিন্তাৰ কাৰণ হৈ পৰিছে৷ যিবোৰ দেশত প্ৰদূষণজনিত কাৰণত মৃত্যুৰ হাৰ চিন্তাজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে, সেই দেশবোৰত পৰিৱেশ সম্পৰ্কীয় নীতি দুৰ্বল বুলি মত পোষণ কৰাৰ লগতে সেই দেশবোৰ এতিয়াও পুৰণি প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰিছে৷ যিহেতু ভাৰততে প্ৰদূষণকেন্দ্ৰিক মৃত্যুৰ হাৰ সৰ্বাধিক, সেয়েহে এই সমস্যা সমাধানত ভাৰতেই আগভাগ লোৱা উচিত৷ সমস্যাটোৰ গুৰুত্ব উপলব্ধি কৰি  চৰকাৰে জৰুৰী ব্যৱস্থা নল’লে  পৰৱৰ্তী সয়মত অধিক জটিল পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে৷