Logo
image

মোদী-হাছিনাৰ ৩টাকৈ উন্নয়নমূলক প্ৰকল্প উদ্বোধন

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বুধবাৰে যুটীয়াভাৱে ভাৰ্চুৱেলী তিনিটা প্ৰকল্পৰ শুভাৰম্ভ কৰে, ইয়াৰ ভিতৰত আছে ত্ৰিপুৰাৰ নিচিন্তাপুৰ আৰু গংগাসাগৰৰ মাজত এক গুৰুত্বপূৰ্ণ ৰে’ল সংযোগ।

নৰেন্দ্ৰ মোদী আৰু শ্বেখ হাছিনাই উদ্বোধন কৰা আন দুটা প্ৰকল্প হ’ল ৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ খুলনা-মংলা বন্দৰ ৰে’ল লাইন, আৰু বাংলাদেশৰ ৰামপালৰ মৈত্ৰী ছুপাৰ থাৰ্মেল পাৱাৰ প্লাণ্টৰ ইউনিট ২।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শ্বেখ হাছিনাৰ সৈতে হোৱা মত বিনিময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত-বাংলাদেশৰ সহযোগিতাৰ সফলতা উদযাপনৰ বাবে আমি পুনৰ এবাৰ সংযোগ স্থাপন কৰাটো আনন্দৰ বিষয়।

যোৱা ৯ বছৰত আমি একেলগে যি কাম কৰিছো সেয়া দশক দশক ধৰি হোৱা নাই বুলিও তেওঁ কয়।