Logo
image

ভেণ্ডি খালেও পাব অনেক উপকাৰ

ভেণ্ডিত আছে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ গুণ৷ আন শাকপাচলিত সাধাৰণতে উপলব্ধ নোহোৱা বহুতো ঔষধিগুণো ভেণ্ডিত পোৱা যায়৷ 

কেন্সাৰ প্ৰতিৰোধঃ খাদ্য তালিকাত নিয়মীয়াকৈ ভেণ্ডিৰ ব্যঞ্জন ৰাখিলে কেন্সাৰৰ দৰে কঠিন ৰোগৰ আশংকাও হ্ৰাস পায়৷ এক গৱেণাত প্ৰকাশ পোৱা মতে অন্য পাচলিৰ তুলনাত ভেণ্ডিত এণ্টি অক্সিডেণ্ট বেছিকৈ থাকে৷ যাৰ বাবে ভেণ্ডি নিয়মীয়াকৈ খালে কেন্সাৰৰ কোষ প্ৰতিৰোধত সহায় কৰে৷ 

কলেষ্টেৰল নিয়ন্ত্ৰণঃ ভেণ্ডিত থকা এণ্টি অক্সিডেণ্টে কলেষ্টেৰেল নিয়ন্ত্ৰণত সহায় কৰে৷ যাৰ বাবে কলেষ্টেৰল জাতীয় সমস্যাৰ পৰা ভেণ্ডি খালে বহু পৰিমাণে হাত সাৰি থাকিব পাৰে৷ 

গৰ্ভৱতী মহিলাৰ বাবে উত্তমঃ ভেণ্ডিত প্ৰচুৰ পৰিমাণে ভিটামিন বি-৯ আৰু ফলিক এচিড থাকে৷ যাৰ বাবে ভেণ্ডি খালে গৰ্ভৱতী মহিলাৰ লগতে শিশুটি স্নায়ুবিক সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে৷ 

ভিটামিন চিৰ ভাণ্ডাৰঃ ভেণ্ডিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ সেয়েহে ভেণ্ডি নিয়মীয়াকৈ খালে ভিটামিন চিৰ কেতিয়াও অভাৱ নহয়৷ 

মগজুৰ কাৰ্যশক্তি বৃদ্ধিঃ ভেণ্ডিত থকা ভিটামিন বি -৯ য়ে মগজুৰ কাৰ্যশক্তি বৃদ্ধিত সহায় কৰে৷ সেইবাবে নিয়মীয়াকৈ ভেণ্ডি খালে  মগজুৰ কাৰ্যশক্তি বৃদ্ধিৰ  লগতে স্মৃতি শক্তি অটুট থাকে৷