Logo
image

আৱৰ্জনাৰে ভৰিছে কাজিৰঙা, মন্ত্ৰী জয়ন্তমল্লক কটাক্ষ দলৰে বিধায়কৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ নৱেম্বৰঃ কৃষিমন্ত্ৰী অতুল বৰা আৰু কৃষি বিভাগক টুইটাৰত মুকলি সমালোচনা কৰাৰ পাছত এইবাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু পৰ্যটন বিভাগৰ কাম-কাজক লৈ সামাজিক মাধ্যমত তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভ প্ৰকাশ কৰিছে বিজেপি দলৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই৷ ইয়াৰ পূৰ্বে অসম বিধানসভাই ১২৬জন বিধায়কক দিয়া লেপটপক লৈও প্ৰশ্ন উত্থাপন কৰিছিল বিধায়ক শইকীয়াই৷ সততে নিজৰ দল আৰু চৰকাৰক সমালোচনা কৰি অহা বিধায়ক শইকীয়াই খুমটাই সমষ্টিৰ এগৰাকী মহিলা কৃষকে আলুৰ বীজ নোপোৱা বুলি কৃষি বিভাগক জবাবদিহি কৰি বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰীক তীব্ৰ সমালোচনা কৰিছিল৷ ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ আগষ্ট মাহত সকলোকে আচম্বিত কৰি বিধায়ক শইকীয়াই সংবাদ মাধ্যমক সম্বোধন কৰি এখন পত্ৰ ৰাজহুৱা কৰে য’ত তেওঁ স্পষ্টভাৱে উল্লেখ কৰে যে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত যদি অসমত কংগ্ৰেছে ৯ খন আসন লাভ কৰে তেন্তে তেওঁ পদত্যাগ কৰিব৷ বিধায়কজনৰ এনে কাম-কাজৰ ফলত সময়ে সময়ে অস্বস্তিত পৰিবলগীয়া হৈছে বিজেপি দল আৰু চৰকাৰ৷ সময়ে সময়ে নিজৰে দল আৰু চৰকাৰক বিমোৰত পেলাই অহা বিধায়ক শইকীয়াই মঙলবাৰে টুইটাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লেতেৰা পৰিৱেশৰ তিনিখনকৈ ফটো আপলোড কৰি কয়– কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক’লা অধ্যায়... বহু পৰ্যটকে এই বিষয়ে কৈছে৷ মই নিজেও লেতেৰাৰ এনে বহু ছবি অসম বিধানসভাত জমা দিছিলোঁ৷ কিন্তু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ নেতৃত্বাধীন পৰ্যটন বিভাগে এই পৰ্যন্ত কোনো উদ্যোগ নল’লে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভিকেন্দ্ৰ কঁহৰা চাৰিআলি জাবৰেৰে পৰিপূৰ্ণ৷ ‘গুণগত পৰ্যটন’ প্ৰদানৰ ক্ষেত্ৰত বিভাগ দায়বদ্ধ নহয় নেকি? নে কেৱল ৰাজহ সংগ্ৰহ কৰাটোৱেই তেওঁলোকৰ দায়িত্ব? বিদেশী পৰ্যটকৰ সন্মুখত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনেকুৱা লেতেৰা ছবি এখন উপস্থাপন কৰিবলগীয়া হোৱাৰ বাবে লজ্জিত হৈছোঁ৷