Logo
image

মোদী চৰকাৰক আক্ৰমণ মমতাৰঃ নিৰ্বাচনৰ পূৰ্বে বিৰোধীক গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে

ডিজিটেল ডেস্কঃ দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ইডিয়ে চমন জাৰি কৰাৰ পিছতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ মমতা বেনাৰ্জীয়ে স্পষ্টকৈ কয় যে নিৰ্বাচনৰ পূৰ্বে প্ৰতিজন বিৰোধী নেতাক গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰ ৰচিছে মোদী চৰকাৰে৷ 

মমতা বেনাৰ্জীয়ে কয়, "অৰবিন্দ কেজৰিৱাললৈ জাননী প্ৰেৰণ কৰা হৈছে। সকলোকে জাননী প্ৰেৰণ কৰা হৈছে। ৫-৬জন সাংসদে কৈছে যে তেওঁলোকৰ ফোন হেক কৰা হৈছে। এনে পৰিস্থিতিত বিদেশত ভাৰতৰ ছবি কি হ'ব। আমি কোনো কাৰণতে দেশক সৰু হ'বলৈ দিব নোৱাৰোঁ৷"

লগতে মমতা বেনাৰ্জীয়ে কয় যে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰতিজন বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছে৷ বিজেপিয়ে কেৱল নিৰ্বাচনত জনতাই তেওঁলোকৰ পক্ষত ভোট দিয়াটো বিচাৰে৷ বিজেপিৰ ষড়যন্ত্ৰৰ কথা উল্লেখ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হুংকাৰ দিয়ে যে ১৬ নৱেম্বৰৰ ভিতৰত এমজি এনৰেগাৰ বকেয়া পৰিশোধ নকৰিলে তৃণমূল কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে পৰৱৰ্তী কাৰ্যপন্থা ঘোষণা কৰিব৷