Logo
image

কোন হ'ব 'ইণ্ডিয়া' মহাজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীঃ কি ক'লে মল্লিকাৰ্জুন খৰ্গেই?

ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপিছে৷ বিজেপিক আঁতৰাই শাসনৰ গাদী দখল কৰিবলৈ একত্ৰিত হৈছে বিৰোধী৷ মোদী চৰকাৰক শাসনৰ পৰা ওফৰাবলৈ বিৰোধীয়ে 'ইণ্ডিয়া' এলায়েন্স নামেৰে মহাজোঁট গঠন কৰিছে৷ 'ইণ্ডিয়া' এলায়েন্স গঠন হোৱাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ চৰ্চা অব্যাহত আছে৷ বিৰোধী শিবিৰৰ পৰা কোন প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব তাক লৈ জল্পনা-কল্পনা অব্যাহত আছে৷ 

চৰ্চা অব্যাহত থকাৰ মাজতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুই খৰ্গেই প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে৷  ২০২৪ৰ লোকসভা নিৰ্বাচনত 'ইণ্ডিয়া' মহাজোঁটৰ পৰা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব বুলি কৰা প্ৰশ্নৰ উত্তৰত দলৰ স্থিতি স্পষ্ট কৰি দিছে মল্লিকাৰ্জুন খৰ্গেই। খৰ্গেই কয় যে নিৰ্বাচিত হোৱাৰ পিছতহে 'ইণ্ডিয়া' মহাজোঁট একত্ৰিত হৈ এই সন্দৰ্ভত সিদ্ধান্ত ল'ব৷

উল্লেখ্য যে বুধবাৰে খৰ্গেই ছত্তীশগড়ৰ চুকমা জিলাত এখন নিৰ্বাচনী সভা সম্বোধন কৰে৷ নিৰ্বাচনী সভাৰ অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত খৰ্গেই কয় যে বিজেপিয়ে যিয়েই নকওক কিয়, ছত্তীশগড়ত কংগ্ৰেছে ৭৫ খনৰো অধিক আসনত জিকিব, তাতকৈ কম নহয়৷ লগতে কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে ছত্তীশগড়ত কংগ্ৰেছ পুনৰ শাসনলৈ আহিলে কৃষকৰ সমস্যা সমাধানৰ লগতে প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈকে শিক্ষাৰ্থীসকলক চৰকাৰে সহায় কৰিব৷