Logo
image

মাথোঁ বৰপেটা অগপক এৰি দি লোকসভা ভোটত নামিব বিজেপি

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ২ নৱেম্বৰঃ আগন্তুক লোকসভা নিৰ্বাচনত ১২ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে৷ মিত্ৰ দল অগপ আৰু ইউপিপিএলক এৰি দিব একোটাকৈ সমষ্টি৷ মঙলবাৰে নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ দিল্লীৰ চৰকাৰী বাসভৱনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত বৈঠকৰ পাছতে এই কথা ঘোষণা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই৷ কলিতাৰ মতে– যোৱা দুটা লোকসভা নিৰ্বাচনত এখনো আসন নথকা অগপই এইবাৰ এখন আসন লাভ কৰিব৷ বিজয় নিশ্চিত এনেকুৱা এটা সমষ্টি অগপক এৰি দিয়া হ’ব৷ কেৱল এখন নিশ্চিত আসন এৰি দিয়াৰ কথাহে তেওঁ ব্যক্ত কৰে৷ উল্লেখ্য, মূলতঃ লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বাবেই কালি সন্ধিয়া দিল্লীলৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশা নাড্ডাৰ ঘৰত বৈঠকত মিলিত হয়৷ ৰাজ্যৰ ১৪খন আসনৰ ভিতৰত ১২খন আসনত কিদৰে জয় সম্ভৱ সেয়াই আছিল আলোচনাৰ মূল উদ্দেশ্য৷ লগতে বৰ্তমানৰ সাংসদসকলৰ ভিতৰত সকলোকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰি নে নোৱাৰি সেই সন্দৰ্ভতো কালি নিশাৰ বৈঠকত আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷ মুঠতে বৰ্তমানৰ সকলো বিজেপি সাংসদে যে পুনৰ টিকট লাভ নকৰে সেয়া কালিৰ বৈঠকৰ পিছত স্পষ্ট হৈ পৰিছে৷ আনহাতে, অসমত ‘ইণ্ডিয়া’ জোঁটৰ কোনো ভেটী নাই বুলি মন্তব্য কৰি ৰাজ্যিক ভৱেশ কলিতাই সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে অসমত তেওঁলোক যিমানে আস্ফালন নকৰক কিয় বিজেপিয়েই সৰহ সংখ্যক আসনত জয়লাভ কৰিব৷ অসমত ইণ্ডিয়া জোঁটক কটাক্ষ কৰি কলিতাই কয়– বিৰোধী জোঁটত এনেকুৱাও দল আছে যাৰ গাওঁ পঞ্চায়ত কিম্বা নগৰ পালিকাত এজনো প্ৰতিনিধি নাই৷ এনেকুৱাও দল আছে যাৰ সভাপতি, সম্পাদক আনকি বুথ সভাপতিও একেজন ব্যক্তি৷ মন কৰিব লগীয়া যে কালি নিশাৰ বৈঠকত অংশ গ্ৰহণ কৰা মুখ্যমন্ত্ৰীয়ে আজি পুৱাৰ ভাগত গুৱাহাটীলৈ উভতি যায় যদিও আজি নিশা পুনৰ তেওঁ দিল্লীলৈ ঘূৰি অহাৰ কথা৷ ছত্তিশগড়ৰ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ বাবে কাইলৈ পুৱা তেওঁ ৰায়পুৰলৈ উৰা মাৰিব৷ আমাৰ হাতত পৰা তথ্য মতে অগপক এৰি দিয়া হ’ব বৰপেটা সমষ্টি৷ আনহাতে, ইউপিপিএলক এৰি দিয়া হ’ব কোকৰাঝাৰ লোকসভা সমষ্টি৷ উল্লেখ্য, অগপই কমেও ৩টা সমষ্টি দাবী কৰি আহিছিল৷ উজনি অসমত অন্ততঃ এটা সমষ্টি এৰি দিবলৈ অগপ নেতৃত্বই বিজেপিৰ ওচৰত আৰ্জি পেচ কৰিছিল৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিপিএফ দল এনডিএত চামিল হোৱাৰো ইংগিত দিছে৷ কিন্তু বিপিএফক লোকসভা নিৰ্বাচনত আসন এৰি নিদিলে এনডিএত চামিল হ’ব নে নাই সেয়া আজিৰ তাৰিখত নিশ্চিত নহয়৷ স্মৰ্তব্য, মুখ্যমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰিছে যে এইবাৰ লোকসভা নিৰ্বাচনত চাৰে এঘাৰখন আসন লাভ কৰিব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে৷