Logo
image

অসম দ্বিতীয় শ্ৰেণীৰ নাগৰিক? সাফল্যৰ পাছতো বিতৰ্ক ক্ৰিকেট বিশেষজ্ঞৰ মন্তব্যত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন,২ নৱেম্বৰঃ অসমবাসীৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ ওচৰত নতশিৰ হৈ অৱশেষত প্ৰাক্তন ক্ৰিকেটাৰ তথা এতিয়াৰ ধাৰাভাষ্যকাৰ অশোক মালহোত্ৰাই অসমবাসীৰ ওচৰত নিচৰ্ত ক্ষমাপ্ৰাৰ্থনা কৰিবলৈ বাধ্য হৈছে৷ অশোক মালহোত্ৰাই মঙলবাৰে অসম আৰু বংগৰ মাজত অনুষ্ঠিত ছৈয়দ মুস্তাক আলী ক্ৰিকেটৰ ধাৰাভাষ্য প্ৰদান কৰোঁতে অসমৰ দলটোক ‘দ্বিতীয় শ্ৰেণীৰ নাগৰিক’ বুলি অপমানজনক আখ্যা দিছিল৷ বুধবাৰে অশোক মালহোত্ৰাই তেওঁৰ আপত্তিজনক মন্তব্যৰ বাবে নিচৰ্ত ক্ষমাপ্ৰাৰ্থনা কৰে৷ এক্স হেণ্ডলত অশোক মালহোত্ৰাই লিখে– ‘কালি বিয়লি অসম আৰু বংগৰ মাজৰ মেচত ধাৰাভাষ্য প্ৰদান কৰোঁতে মই দিয়া মন্তব্যত যদি অসমবাসীয়ে আঘাত পাইছে, তেন্তে মই তাৰবাবে ক্ষমাভিক্ষা বিচাৰিছোঁ৷ এই ঘটনাৰ বাবে মই গভীৰভাৱে দুঃখিত৷ মোৰ সেই মন্তব্য মুঠেই ইচ্ছাকৃত নাছিল, মই কেৱল অসম দলটোৰ খেলৰ উন্নতিৰ তুলনা কৰিবলৈ তেনে বাক্যাংশ ব্যৱহাৰ কৰিছিলোঁ৷ সেই বক্তব্যৰ বাবে মই গভীৰভাৱে মৰ্মাহত আৰু তাৰ বাবে নিচৰ্ত ক্ষমা বিচাৰিছোঁ৷’

মঙলবাৰে ম’হালিত অনুষ্ঠিত মুস্তাক আলী টি-২০ মেচখনত অসমে পশ্চিম বংগক ৮ উইকেটত পৰাস্ত কৰিছিল৷ সেই মেচৰ ধাৰাভাষ্য দি থকা অৱস্থাত প্ৰাক্তন ক্ৰিকেটাৰ অশোক মালহোত্ৰাই কৈছিল– ‘মই অসম দলটোৰ উন্নতি দেখি ভাল পাইছোঁ৷ কাৰণ আমি যেতিয়া বংগৰ হৈ খেলিছিলোঁ, তেতিয়া অসমৰ বিৰুদ্ধেও বহু মেচ খেলিছিলোঁ৷ মই সদায় কওঁ, তেতিয়া তেওঁলোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক আছিল আৰু বংগই তেওঁলোকক হেলাৰঙে পৰাস্ত কৰিছিল৷’ অশোক মালহোত্ৰাৰ এই মন্তব্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু অসমৰ বিভিন্ন লোকে তেওঁৰ অপমানসূচক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অসম ক্ৰিকেট সংস্থাৰ সভাপতি তৰংগ গগৈয়ে অশোক মালহোত্ৰাৰ বিৰুদ্ধে আপত্তি প্ৰদৰ্শন কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডলৈ এখন পত্ৰ প্ৰেৰণ কৰে আৰু সচিব জয় শ্বাহৰ সৈতে টেলিফোনত বাৰ্তালাপো কৰে৷ তাৰ পাছতে অশোক মালহোত্ৰাই এক্সত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে৷