Logo
image

ইডিৰ কাৰ্যালয়ত হাজিৰ নহ'ল অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্ক: দিল্লীৰ আবকাৰী নীতি সন্দৰ্ভত সোধা-পোছাৰ বাবে বৃহস্পতিবাৰে তদন্তকাৰী সংস্থা ইডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত নহয় দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল । ইয়াৰ পৰিৱৰ্তে, আগন্তুক বিধানসভা নিৰ্বাচনৰ প্রচাৰৰ বাবে আজি তেওঁ পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানৰ সৈতে মধ্যপ্রদেশলৈ ৰাওনা হ'ব । উল্লেখ্য যে, যোৱা ৩০ অক্টোবৰত ইডিয়ে চমন জাৰি কৰিছিল কেজৰিৱাললৈ । ২ নবেম্বৰত কেজৰিৱালক সোধা-পোছাৰ বাবে ইডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকিবলৈ জাননী প্ৰেৰণ কৰিছিল। এই সন্দৰ্ভত  কেজৰিৱালে কয় যে ইডিয়ে তেওঁলৈ প্ৰেৰণ কৰা জাননী অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্য  প্রণোদিত। লগতে বিজেপিৰ নিৰ্দেশত ইডিয়ে এই জাননী প্ৰেৰণ কৰা বুলি কয় কেজৰিৱালে । পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্রচাৰত তেওঁ যাতে উপস্থিত থাকিব নোৱাৰে তাৰবাবে  বিজেপিয়ে এই ব্যৱস্থা কৰিছে বুলি অভিযোগ তুলিছে কেজৰিৱালে।

ইতিমধ্য়ে তিনিদিন পূৰ্বে মনীষ ছিছোদিয়াৰ জামিন নামঞ্জুৰ কৰি উচ্ছতম ন্যায়ালয়ে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰিত ৩১৮ কোটি  টকাৰ লেনদেনৰ অভিযোগ প্ৰায় প্ৰতিষ্ঠিত বুলি মন্তব্য কৰিছিল৷ উচ্ছতম ন্যায়ালয়ৰ সেই পৰ্যবেক্ষণ আৰু ছিছোদিয়াৰ জামিন নাকচৰ নিৰ্দেশে ইডিক যথেষ্ট সাহস দিছে৷ 

ইফালে ইডিয়ে বৃহস্পতিবাৰে (২ নৱেম্বৰ) দিল্লী চৰকাৰৰ মন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা ৰাজ কুমাৰ আনন্দৰ কাৰ্যালয়, চৌহদতো অভিযান চলায়।