Logo
image

ইউৰিক এচিডৰ পৰা কিডনী ষ্টনো হ’ব পাৰে, হাত সাৰিবলৈ এইখিনি কৰক

ইউৰিক এচিড শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ এই এচিডৰ ফলত শৰীৰত টক্সিনৰ পৰিমাণ বৃদ্ধি পায়৷ ইউৰিক এচিড বাঢ়ি গ’লে ইয়াৰ পৰাও কিডনী ষ্টন হোৱাৰ আশংকা থাকে৷ ইউৰিক এচিড বৃদ্ধি পালে কিডনীয়ে সঠিকভাৱে কাম কৰিব নোৱৰা হয়৷ সেইবাবে ইউৰিক এচিড নিয়ন্ত্ৰণত বিশেষভাৱে গুৰুত্ব দিব লাগে৷

◾হালধিঃ হালধিত কাৰকিউমিন নামৰ এটা বিশেষ যৌগ থাকে৷ যাৰ বাবে ইউৰিক এচিডত আক্ৰান্ত হ’লে হালধিৰ ৰস খালেও উপশম পাব পাৰি৷ হালধিত থকা এণ্টিঅক্সিডেণ্টে ইউৰিক এছিদৰ পৰা হোৱা গাঁঠিৰ বিষ হ্ৰাস কৰে৷

◾ আদা দিয়া চাহঃ ইউৰিক এচিডত আদাও অতি উপকাৰী৷ আদাতো প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ দৈনিক কমেও দুকাপ আদা দিয়া চাহ খালে এই ক্ষেত্ৰত যথেষ্ট সুফল পাব পাৰি৷

◾আপেলঃ আপেলত থকা ঔষধি গুণে ইউৰিক এচিড নিয়ন্ত্ৰণত সহায় কৰে৷ আপেলৰ জুইছ খালেও এইক্ষেত্ৰত যথেষ্ট উপকাৰ পোৱা যায়৷ এইদৰে ইউৰিক এচিড বৃদ্ধি পোৱাত যতন ল’লে ইয়াৰ পৰা হ’ব পৰা কিডনী ষ্টনকো বাধা দিব পৰা যায়৷