Logo
image

'গতানুগতিক পদ্ধতিৰ পৰিৱৰ্তে বিজ্ঞানসন্মত পদ্ধতিৰে কৃষিকাৰ্য': খানাপাৰাত 'পেকেজ অৱ প্ৰেক্টিছ' সন্দৰ্ভত কৰ্মশালা

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে ‘পেকেজ অৱ প্ৰেক্টিছ, ২০২৩'ৰ সন্দৰ্ভত এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ কৃষি সঞ্চালকালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ যুটীয়া উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হয়। ‘পেকেজ অৱ প্ৰেক্টিছ’ বুলিলে গতানুগতিক কৃষি পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক কৃষি পদ্ধতি ৰূপায়ণ কৰি কৃষি উৎপাদন বৃদ্ধিৰ প্ৰক্ৰিয়াক বুজোৱা হয়। এই ‘পেকেজ অৱ প্ৰেক্টিছ’ কৃষি সম্প্ৰসাৰণৰ ক্ষেত্ৰখনৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলা ৷ 

উল্লেখ্য যে কৃষিমন্ত্ৰী অতুল বৰাই এই কৰ্মশালাখনৰ সফলতা কামনা কৰি প্ৰেৰণ কৰা এক শুভেচ্ছাবাণীত পৰিৱৰ্তিত জলবায়ুৰ লগত ভাৰসাম্য ৰক্ষা কৰিব পৰা কৃষি প্ৰযুক্তি, কৃষি যান্ত্ৰিকীকৰণ, জৈৱিক শস্য  ইত্যাদিৰ কৃষিখণ্ডত সংযোজনত গুৰুত্ব আৰোপ কৰে৷

কৃষি সঞ্চালক ভাস্কৰ পেগুৱে এই কৰ্মশালাত ৰাজ্যৰ বিভিন্ন জিলাৰপৰা অংশগ্ৰহণ কৰা জিলা কৃষি বিষয়াসকলক উদ্দ্যেশি কয় যে  'পেকেজ অৱ প্ৰেক্টিছ'ৰ প্ৰয়োগে শস্যৰ উৎপাদনশীলতা বৃদ্ধিৰ লগতে অসমৰ কৃষিখণ্ডত শস্যৰ বৈচিত্ৰ্য বৃদ্ধিত অৰিহণা যোগাব৷ লগতে তেওঁ এই কৰ্মশালাত কৃষি বিষয়াসকলে লাভ কৰা নতুন কৃষি প্ৰযুক্তিৰ, পৰিৱেশ অনুকূল বীজ, কৃষি যান্ত্ৰিকীকৰণ ইত্যাদি সম্পৰ্কীয় জ্ঞান নিজ নিজ জিলাৰ কৃষিখণ্ডত প্ৰয়োগ তথা প্ৰচাৰ কৰি কৃষকৰ আয় বৃদ্ধিৰ লগতে কৃষিখণ্ডৰ উন্নয়নত গুৰুত্ব আৰোপ কৰে ৷

কৰ্মশালাত উপস্থিত থাকি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাই 'পেকেজ অৱ প্ৰেক্টিছ'ৰ দিহা-পৰামৰ্শসমূহ ক্ষিপ্ৰতাৰে কৃষি বিষয়াৰ জৰিয়তে কৃষক ৰাইজৰ মাজলৈ লৈ যোৱাতো নিতান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰে৷ লগতে তেওঁ অসম কৃষি বিশ্ববিদ্যালয় তথা অসম কৃষি বিভাগে উমৈহতীয়াকৈ প্ৰস্তুত কৰা হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন কৃষি উন্নয়ন পৰিকল্পনাৰ জৰিয়তে অসমৰ কৃষিখণ্ডৰ উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰে ৷

এই কৰ্মশালাখনত উদ্যানশস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ সঞ্চালক মৌচম হাজৰিকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক ড° মনোৰঞ্জন নেওগ প্ৰমুখ্যে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট আৰু খানাপাৰাৰ জ্যেষ্ঠ কৃষি বিজ্ঞানীসকল তথা কৃষি বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷