Logo
image

মানৱতাৰ পৰিচয়

বিশ্ব ব্ৰহ্মাণ্ডত মানৱক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়৷ সৃষ্টিৰ পৰাই মানৱ আৰু জীৱ-জন্তুৰ মাজত থকা পাৰ্থক্যবোৰে বুজাই দিয়ে মানৱৰ শ্ৰেষ্ঠতাৰ অনেক উদাহৰণ৷ কিন্তু পৰিতাপৰ কথা যে জীৱ-জন্তুৰ মাজত থকা মিলা-প্ৰীতি আৰু মানৱৰ মাজত থকা মিলা-প্ৰীতিবোৰে কাচিৎহে প্ৰমাণ কৰে জীৱশ্ৰেষ্ঠ মানৱৰ মানৱতা৷ ২০১৫ চনত আমেৰিকাৰ বিখ্যাত বাতৰি কাকত ‘দ্য নিউয়ৰ্ক টাইমছ্‌’ত প্ৰকাশিত হৈছিল জেম্‌ছ ৰবাৰ্টছন নামৰ এজন শ্ৰমিকৰ জীৱন কাহিনী৷ আমেৰিকাৰ ডেট্ৰইড চহৰৰ পৰা দৈনিক ২১ কিলোমিটাৰ খোজকাঢ়ি ৰিচেষ্টাৰ হিল্‌ছত থকা কাৰখানাত শ্ৰমিক হিচাপে নিয়োজিত ৰবাৰ্টছনৰ জীৱনটো আছিল কষ্টৰ মাজত৷ পুৱা ৮ বজাত গন্তব্য স্থানলৈ পদব্ৰজে আগবঢ়া ৰবাৰ্টছন পুৱা ১০ বজাত উপস্থিত হৈ পুনৰ বিয়লি পাঁচ বজাত আৰম্ভ কৰিছিল ওভটনি যাত্ৰা৷ শীতকালত বৰফ আৰু গ্ৰীষ্মকালত বৰষুণৰ বাধা নেওচি নিয়মিত ২১ কিলোমিটাৰ খোজকাঢ়ি দায়িত্ব সম্পাদন কৰা ৰবাৰ্টছনৰ কাহিনী কাকতত প্ৰকাশ হোৱাৰ পাছত সহায়ৰ হাত আগবঢ়ালে বহুতো আমেৰিকান নাগৰিকে৷ মাত্ৰ দহ দিনত ৰবাৰ্টছনৰ সাহায্যত সংগ্ৰহ হ’ল ৩,৬০,০০০ ডলাৰ আৰু বিখ্যাত চেভ্ৰলেট কোম্পানীয়ে ৰবাৰ্টছনলৈ আগবঢ়ালে এখন গাড়ী৷ আমেৰিকান নাগৰিকৰ মানৱীয়তাত অভিভূত ৰবাৰ্টছনে শেষত নাগৰিকৰ সাহায্য বন্ধ কৰিবলৈ অনুৰোধ জনালে৷ বিচাৰ্যৰ বিষয়টো হৈছে প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশৰ মাজতো কোনোদিনেই কৰ্মস্থানত দেৰিকৈ উপস্থিত হোৱা বা সময়ৰ পূৰ্বে কামৰ পৰা ওভটনি যাত্ৰা কৰাৰ অভিযোগ নাছিল ৰবাৰ্টছনৰ কৰ্ম জীৱনত৷

অসমত থকা চৰকাৰী কাৰ্যালয়বোৰত পুৱাৰ কাম-কাজ আৰম্ভ হয় দহ বজাত৷ কিন্তু সত্যটো হৈছে সোমবাৰে পুৱা নিৰ্দিষ্ট সময়ত কাৰ্যালয়ত উপস্থিত নহয় বহুতো কৰ্মচাৰী৷ সেইদৰে সপ্তাহৰ শেষৰ দিনটোত অৰ্থাৎ শনিবাৰে দিনৰ বাৰ বজাৰ পৰাই কৰ্মচাৰীসকলে ত্যাগ কৰে কৰ্মস্থান৷ কাৰ্যালয়ত কৰ্মচাৰীৰ পলম উপস্থিতি স’ততে দেখিবলৈ পোৱা যায় গ্ৰামাঞ্চলত থকা চৰকাৰী কাৰ্যালয়বোৰত৷ মাজে মাজে কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতিৰ বাতৰি প্ৰকাশ হয় সংবাদ মাধ্যমত৷ বাতৰি প্ৰকাশৰ পাছত কিছুদিন ঠিকেই থাকে৷ কিন্তু কিছুদিনৰ পাছত পুনৰ আৰম্ভ হয় একেই পৰম্পৰা– কাৰ্যালয়ত অনিয়মীয়া উপস্থিতি৷ নিজৰ দায়িত্ব কৰ্তব্যখিনিক নিয়মীয়াকৈ সম্পাদন কৰা কাৰ্যটোক মানৱীয়তাৰ উচিত নিদৰ্শন বুলি কোৱা হয়৷ চৰকাৰী কাম মানেই জনসেৱা৷ জনসেৱাটো গৌণ কৰি, ব্যক্তিগত সমস্যাসমূহক মুখ্য কৰা কৰা চৰকাৰী কৰ্মচাৰীয়ে এবাৰ চিন্তা কৰক– চাকৰি জীৱনৰ সফলতাখিনি৷

অসমত একাংশ চৰকাৰী কৰ্মচাৰীসকলেই যে নিজৰ দায়িত্ব কৰ্তব্যৰ প্ৰতি উদাসীন তেনে নহয়৷ জনপ্ৰতিনিধি হিচাপে শাসনৰ বাঘজৰী ধৰি থকা মন্ত্ৰী বা বিধায়কসকলৰো একেই সমস্যা৷ কোনো এখন সভাত নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ উপস্থিত হোৱা, মন্ত্ৰীসকলে নিজৰ কাৰ্যালয়ত উপস্থিত নথকা, বাসগৃহত সাক্ষাতৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰি থকা দৰ্শনাৰ্থীক কথা কোৱাৰ সুযোগ নিদিয়া ইত্যাদি পৰিক্ৰমা স’ততে দেখিবলৈ পোৱা যায় জনপ্ৰতিনিধিৰ মাজত৷ মন্ত্ৰী-বিধায়কৰ শীত-তাপ নিয়ন্ত্ৰিত বাসগৃহৰ সমুখত প্ৰচণ্ড গৰমক বা প্ৰচণ্ড শীতক আওকাণ কৰি ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰি থকা নাগৰিকৰ হৃদয়ত জ্বলি থকা জুইকুৰা দেখা নাপায় জনপ্ৰতিনিধিয়ে৷

সাম্প্ৰতিক সময়ত মানৱতাৰ জ্বলন্ত নিদৰ্শন ক’ত পোৱা যায়? চিকিৎসালয়ত নে বজাৰত নে চৰকাৰী কাৰ্যালয়ত? শাৰীৰিক অসুস্থতাত পৰি চিকিৎসালয়ৰ বিচনাত শুই থকা এজন ৰোগীৰ কাৰণে চিকিৎসকৰ দুটা আশ্বাস, নাৰ্ছৰ এটা মিঠা কথাই শিকায় মানৱতা৷ বজাৰৰ মাজত লগ পোৱা পৰিচিত বা অপৰিচিত ব্যক্তিৰ সন্মুখত নিজকে সভ্য ৰূপত ৰখাটো মানৱতা৷ শাৰীৰিকভাৱে প্ৰতিবন্ধকতা থকা ব্যক্তিৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাটো মানৱতা৷ বিপদত পৰি নিশা আৰক্ষী থানালৈ ঢাপলি মেলা ব্যক্তিৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা, পেঞ্চনৰ আশাত কাৰ্যালয়ত সঘনে উপস্থিত হোৱা অৱসৰী ব্যক্তিজনৰ সমস্যা উপলব্ধি কৰা, পৰীক্ষাত উপস্থিত থকাৰ পাছতো ফলাফলৰ তালিকাত অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক আশ্বাস দিয়া, দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা, জীৱনযুদ্ধত পদে পদে ব্যৰ্থ হোৱা নিবনুৱাজনক দুটা সু-পৰামৰ্শ দিয়া, ৰাজনৈতিক নেতাৰ দ্বাৰা শোষিত বা নিস্পেষিতজনৰ কাষত ন্যায়ৰ স্বাৰ্থত থিয় দিয়া, নিশ্চিত মৃত্যুৰ দিশে আগবঢ়া ৰুগীয়া ব্যক্তিজনৰ মুখত দুটা কথা কৈ সাহস দিয়া ইত্যাদি কৰ্মত থকা মানৱতা৷

সাম্প্ৰতিক সময়ত মানৱতা বোলা শব্দটোৱেই নিৰুদ্দেশ হৈছে মানৱ জীৱনৰ পৰা৷ সভ্যতা-সংস্কৃতিৰ শিখৰত আৰোহণ কৰা বিশ্বৰ ধনী ৰাষ্ট্ৰসমূহৰ প্ৰৰোচনাত চলি থকা যুদ্ধবোৰত শয্যাগত হৈছে মানৱতা৷ ৭ অক্টোবৰৰ পৰা চলি থকা ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধত ইতিমধ্যে নিহত হৈছে চাৰি হাজাৰৰ অধিক শিশু৷ জন্ম লৈ সুন্দৰ পৃথিৱীখনত জীৱনৰ সোণোৱালী দিন আৰম্ভ কৰা গাজা ষ্ট্ৰীপৰ শিশুসকলৰ ওপৰত বৰষিছে বোমা৷ নাই একো চিন্তা, নাই কোনো বাধা৷ শিশু হত্যাৰ যুদ্ধবোৰে এটা কথাকেই বুজাই দিছে– পৃথিৱীৰ পৰা নিৰুদ্দেশ হৈছে মানৱতা৷