কেঁচা অমিতাৰ উপকাৰী গুণৰ বিষয়ে জানি থওক
অমিতা স্বাস্থ্যৰ বাবে উপকাৰী৷ বছৰৰ সকলো সময়তে অমিতা সহজলভ্য৷ অমিতা কেঁচা বা পকা দুয়োটা অৱস্থাতে খাব পাৰি৷ ১০০ গ্ৰাম ওজনৰ এটা কেঁচা অমিতাত ৭.২ গ্ৰাম শৰ্কৰা তথা ভিটামিন চি ৫৭ মিলিগ্ৰাম, ছডিয়াম ৬.০ মিলিগ্ৰাম, পটাছিয়াম ৬৯ মিলিগ্ৰাম, খনিজ ০.৫ মিলিগ্ৰাম আৰু ০.১ মিলিগ্ৰাম ফেট বা চৰ্বি থাকে৷ বিভিন্ন ৰোগত অমিতাই মহৌষধৰ দৰে কাম কৰে৷ উল্লেখ কৰা হ’ল কেঁচা অমিতাৰ উপকাৰিতাসমূহ–
◾ ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেঁচা অমিতা অতি গুৰুত্বপূৰ্ণ৷ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ বা ফাইবাৰ থাকে৷ কেঁচা অমিতাই মেদ কমোৱাৰ ক্ষেত্ৰত সহায় কৰে৷
◾পেটৰ সমস্যাত ভোগাসকলে কেঁচা অমিতা চালাড হিচাপে খাব পাৰে৷
◾ কেঁচা অমিতাত থকা ফাইবাৰে কোষ্ঠকাঠিন্য, এচিডিটি আৰু পাইলছ তথা ডায়েৰিয়াৰ সমস্যা দূৰ কৰাত সহায় কৰে৷ মানুহৰ শৰীৰটো ভিতৰৰ পৰা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত অমিতা খুবেই কাৰ্যকৰী৷
◾ কেঁচা অমিতাই তেজ সৰবৰাহ স্বাভাৱিক কৰি ৰখাত সহায় কৰে৷ তদুপৰি ই দেহত জমা হোৱা ছডিয়াম আঁতৰায়৷ ছডিয়ামে হূদৰোগৰ আশংকা বঢ়ায়৷ নিয়মীয়াকৈ কেঁচা অমিতা খালে উচ্ছ ৰক্তচাপৰ সমস্যাৰ পৰা মুক্তি পোৱা যায়৷
◾ কেঁচা অমিতাত বিভিন্ন ধৰণৰ প্ৰাকৃতিক এনজাইম থাকে৷ ইয়াৰ ভিতৰত দুটা উল্লেখযোগ্য এনজাইম হৈছে ছাইম’পেপিন আৰু পেপিন৷ এই দুবিধ এনজাইমে প্ৰ’টিন চৰ্বি আৰু কাৰ্বহাইড্ৰেট ভঙোৱাত সহায় কৰে৷
◾নিয়মীয়াকৈ কেঁচা অমিতা খালে ছালৰ সমস্যা দূৰ হয়৷ বিশেষকৈ শালমন বা ছালত দেখা দিয়া দাগ আঁতৰ কৰাত সহায় কৰে কেঁচা অমিতাই৷ ছালৰ মৃতকোষৰ সমস্যা দূৰ কৰিব পাৰে কেঁচা অমিতাই
◾ যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে, তেওঁলোকে কেঁচা অমিতা খোৱাৰ অভ্যাস কৰিলে উপকাৰ পাব৷ কেঁচা অমিতা জুচ বনায়ো খাব পাৰি৷ কেঁচা অমিতা বা ইয়াৰ জুচে তেজত শৰ্কৰাৰ মাত্ৰা কমোৱাৰ লগতে ইনছুলিনৰপৰিমাণ বঢ়ায়৷
◾ দৈনিক দুপৰীয়া আৰু নিশাৰ আহাৰৰ সৈতে এটুকুৰা কেঁচা অমিতা চোবাই খাওক৷ ইয়াৰ পাছত এগিলাচ পানী খালে পেট পৰিষ্কাৰ হয়৷ এই উপায়েৰে গেষ্ট্ৰিক আৰু বদহজমৰ সমস্যাৰ পৰা সকাহ পাব পৰা যায়৷
◾ কেঁচা অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ই, অ’ আৰু ভিটামিন এ থাকে৷ ইয়াত থকা এণ্টি অক্সিডেণ্টে অতিৰিক্ত কেল’ৰি আৰু চৰ্বিৰ পৰিমাণ কমায়৷