চাহ নে কফি? কোনটো উপকাৰী
চাহ আৰু কফি উভয়ৰে উপকাৰিতা আছে যদিও ইয়াৰ মাজতে কোনোটোৰ উপকাৰিতা ব্যক্তি বিশেষে কম বেছি হ’ব পাৰে৷
বিশেষকৈ কোনো ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হোৱাসকলৰ বাবে কেতিয়াবা চাহ বা কফি দুয়োটাই উপকাৰী নহ’বও পাৰে৷
🟥উচ্ছ কেফেইনযুক্ত কফিয়ে শৰীৰ উষ্ণ কৰি ৰাখে৷ সেইবাবে শীতপ্ৰধান দেশত চাহৰ তুলনাত কফি বেছিকৈ খোৱা হয়৷
🟥 চাহ পানে হৃদৰোগ হোৱাত বাধা দিয়ে৷ তদুপৰি চাহে ষ্টোক হোৱাৰ আশংকা হ্ৰাস কৰে৷ চাহ নিয়মীয়াকৈ খালে কেন্সাৰ প্ৰতিৰোধক হিচাপে কাম কৰে৷
🟥 চাহ আৰু কফি উভয়তে এণ্টি অক্সিডেণ্ট আছে৷ এই এন্টি অক্সিডেণ্টে শৰীৰত থকা দূষিত পদাৰ্থ বাহিৰ কৰি দিয়ে৷
🟥 চাহত প্ৰচুৰ পৰিয়ামানে ক্যাটেচিন থাকে আৰু কফিত প্ৰচুৰ পৰিমাণে ক্লোৰোজেনিক এচিড থাকে৷ এই দুয়োবিধ উপদানেই শৰীৰ বাবে উপকাৰী৷
🟥 কফিত থকা কেফেইনে শৰীৰৰ শক্তি বৃদ্ধি কৰে৷
🟥 কফিতকৈ চাহ নিয়মীয়াকৈ খালে শৰীৰত পানীৰ পৰিমাণ অটুট থাকে৷
🟥 চাহৰ তুলনাত কফি খালে দাঁতত দাগ পৰাৰ আশংকা থাকে৷
🟥 চাহে হজম শক্তি বৃদ্ধি কৰে তাৰ বিপৰীতে কফি খালে এচিডিটি আৰু হজমত সমস্যাৰ সৃষ্টি কৰে৷ অৱশ্যে চাহ আৰু কফি দুয়োটাই মাত্ৰাধিক খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷