Logo
image

ওজন নিয়ন্ত্ৰণৰ বাবে কম কেলৰিযুক্ত খাদ্য খাওক

বহুতৰ বাবে মেদবহুলতা এটা গুৰুতৰ সমস্যা৷ ওজন বৃদ্ধি পোৱাৰ ফলত বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ সেয়েহে ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে কম কেলৰিযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে৷ এনে খাদ্যই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে মেদবহুলতাৰ পৰাও ৰক্ষা কৰে৷

🔴তৰমুজঃ ওজন কমাবৰ বাবে তৰমুজ অতি উত্তম৷ প্ৰতি ১০০ গ্ৰাম তৰমুজত ৩০ কাউণ্টমানহে কেলৰি থাকে৷ বাকী ৯২ শতাংশই জলীয় উপাদান থাকে৷ নিয়মীয়াকৈ তৰমুজ খালে শৰীৰত কেতিয়াও পানীৰ পৰিমাণ কমি নাযায়৷

🔴 চালাদ বা ছুপঃ যিকোনো ধৰণৰ ফল-মূলৰ চালাদ বা ছুপ খালেও শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷ ই ৰোগ-প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে৷

🔴 গাজৰঃ গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ থাকে৷ গাজৰ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ তদুপৰি ১২০ গ্ৰাম গাজৰত মাত্ৰ ৫০ কেলৰিহে থাকে৷

🔴বিলাহীঃ বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে৷ ১০০ গ্ৰাম বিলাহীত কেলৰিৰ পৰিমাণ ১৮৷ সেইবাবে বিলাহী নিয়মীয়াকৈ খালেও ওজন নিয়ন্ত্ৰণত থাকে আৰু ৰোগ প্ৰতিৰোধত সহায় কৰে৷