Logo
image

আধালৈ হ্ৰাস পালে এলআইচিৰ লাভৰ পৰিমাণ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ নৱেম্বৰঃ দেশৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ জীৱন বীমা কোম্পানী এল আই চিৰ চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকত লাভৰ পৰিমাণ বিগত বছৰৰ তুলনাত পঞ্চাশ শতাংশ হ্ৰাস পাইছে৷ আনহাতে, জিএছটি ফাঁকি দি একাংশ এজেণ্টক বিধি উলংঘা কৰি কমিছন প্ৰদান কৰাৰ বাবে এল আই চিক ২৯০ কোটি টকাৰ জিএছটি পৰিশোধ কৰিবলৈ কেন্দ্ৰীয় কৰ বিভাগে নিৰ্দেশ জাৰি কৰিছে৷ তদুপৰি ২০১২ চনৰ পৰা একেৰাহে আয়কৰ ফাঁকি দি অহা এল আই চিক আয়কৰ বিভাগে ৮৪ কোটি টকা জৰিমনাসহ আদায় দিবলৈ জাননী প্ৰেৰণ কৰিছে৷ চলিত বছৰৰ আৰম্ভণিতে বিতৰ্কিত উদ্যোগপতি গৌতম আদানিৰ কোম্পানীৰ শ্বেয়াৰ ক্ৰয় কৰি বিপদ আৰু বিতৰ্কৰ গৰাহত পৰা দেশৰ বৃহৎ জীৱন বীমা কোম্পানীটো সম্প্ৰতি বহু আৰ্থিক সমস্যাত ভাৰাক্ৰান্ত হৈ বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ এনে সময়ত চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিক অৰ্থাৎ জুলাই, আগষ্ট, ছেপ্টেম্বৰত এল  আই চিৰ লাভৰ পৰিমাণ বিগত বছৰৰ একেই ত্ৰিমাসিকৰ তুলনাত পঞ্চাশ শতাংশ হ্ৰাস পোৱাৰ খবৰ প্ৰকাশিত হোৱাটো দেশৰ বিত্তীয় খণ্ডৰ বাবে হতাশাৰ বিষয় হিচাপে পৰিগণিত হৈছে৷ উল্লেখ্য, শুকুৰবাৰে  প্ৰকাশিত খবৰ অনুসৰি বছৰৰ দ্বিতীয় ত্ৰিমাসিকত এল আই চিৰ লাভৰ পৰিমাণ হৈছে ৭,৯২৫ কোটি টকা৷ এবছৰৰ পূৰ্বে ঠিক এই ত্ৰিমাসিকত এল আই চিৰ লাভৰ পৰিমাণ আছিল ১৫,৯৫২ কোটি টকা৷ একেসময়তে এল আই চিৰ প্ৰিমিয়ামৰ পৰিমাণো উল্লেখনীয়ভাৱে হ্ৰাস পাইছে৷ যোৱা ছেপ্টেম্বৰলৈকে বছৰৰ দ্বিতীয়টো ত্ৰিমাসিকত এল আই চিৰ প্ৰিমিয়াম সংগ্ৰহ হৈছে ১,০৭,৩৯১ কোটি টকা৷ এবছৰৰ পূৰ্বে ঠিক এই ত্ৰিমাসিকত এল আই চিৰ প্ৰিমিয়াম সংগ্ৰহ আছিল ৰ,৩২,৬৩২ কোটি টকা৷ এল আই চিৰ মুঠ আয়ৰ পৰিমাণো এবছৰৰ পূৰ্বতকৈ ২২,০০০ কোটি টকাতকৈ অধিক হ্ৰাস পাইছে৷ চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকত এল আই চিৰ মুঠ আয় হৈছে ২,০১,৫৮৭ কোটি টকা৷ অথচ এবছৰৰ পূৰ্বে ঠিক একে সময়তে এল আই চিৰ মুঠ আয় আছিল ২,২২,২১৫ কোটি টকা৷ 

চলিত বছৰৰ আৰম্ভণিতে গৌতম আদানিৰ ডুবন্ত সংস্থাত বিশাল অৰ্থ বিনিয়োগ কৰি থকাৰ বাবে দেশজুৰি প্ৰবল সমালোচনাৰ সন্মুখীন হৈছিল এল আই চি৷ মাৰ্কিন সংস্থা হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ফলত দেশৰ শ্বেয়াৰ বজাৰত আদানি গোষ্ঠী নিঃশেষ হৈ গৈছিল আৰু এল আই চিয়ে হেৰুৱাইছিল তাত বিনিয়োগ কৰি থোৱা ধন৷ এল আই চিয়ে তেতিয়া বাধ্য হৈ জনাইছিল যে, কোম্পানীৰ মুঠ সম্পত্তিৰ এক শতাংশহে তেওঁলোকে আদানিৰ সংস্থাত বিনিয়োগ কৰিছে৷ পিছে আদানিৰ শ্বেয়াৰৰ দৰ নিম্নগামী হৈ থকা অৱস্থাতো যেতিয়া এল আই চিয়ে পুনৰ সেই ডুবন্ত কোম্পানীত বিনিয়োগ কৰিছিল, তেতিয়া চৰ্চা হৈছিল– আদানিৰ সৈতে সখ্যতা থকা বিজেপি চৰকাৰৰ নিৰ্দেশতে এল আই চিয়ে সেই সংস্থাত বিনিয়োগ কৰি থাকিবলৈ বাধ্য হৈছে৷ অৱশেষত এল আই চিয়ে আদানিৰ কোম্পানীত বিনিয়োগ কৰা সমস্ত ধন হেৰুৱাবলগীয়া হৈছিল৷ 

১৯৫৬ চনত মাত্ৰ পাঁচ কোটি টকা মুলধনেৰে ব্যৱসায় আৰম্ভ কৰা এল আই চিৰ এতিয়া মুঠ সম্পত্তিৰ পৰিমাণ ৪০ লাখ কোটিৰো অধিক৷ পিছে এই ধনৰ সিংহভাগেই কোম্পানীটোৱে আয় কৰিছে দেশৰ তেনেই সাধাৰণ গ্ৰাহকৰ পৰা৷ বিগত ২০ বছৰ ধৰি দেশত বীমা খণ্ডৰ ব্যৱসায়ৰ অভাৱনীয় গতিত উত্থান ঘটিছে৷ কিন্তু এল আই চিক বিগত প্ৰায় ৭০ বছৰ ধৰি তিল তিলকৈ ধন জমা কৰি দেশৰ বৃহত্তম বীমা কোম্পানীত পৰিণত কৰিছে ঘাইকৈ নিম্ন মধ্যবিত্ত, মধ্যবিত্ত ভাৰতীয়ই৷ বেংকত একাউণ্ট খুলি নোপোৱা ভাৰতীয়ৰো এল আই চি পলিচি আছে৷ অৰ্থাৎ দেশৰ নাগৰিকৰ ধনেৰেই চহকী হৈছে এল আই চি৷ সেয়ে এল আই চিৰ প্ৰতিটো টকাৰ লোকচানত দেশৰ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত উদ্বিগ্ন হয়– কিজানি তেওঁৰ সঞ্চিত ধনকেইটা হেৰাই যায়৷ 

সেই সাধাৰণ গ্ৰাহকৰ উদ্বিগ্নতা উপলব্ধি নকৰা এল আই চিয়ে বীমা খণ্ডৰ নিয়ামক সংস্থা আই আৰ ডি এ আৰু দেশৰ কৰ ব্যৱস্থাৰ বিধি উলংঘা কৰি বিশাল পৰিমাণৰ জৰিমনাৰ সন্মুখীন হৈছে৷ জি এছ টি ফাঁকি দিয়া এল আই চিয়ে জৰিমনা আৰু সূদসহ জিএছটি ভৰিব লাগিব ১৬.৭ কোটি টকা৷ উল্লেখ্য, বীমা কোম্পানীসমূহে এবিধ বিশেষ এজেণ্ট নিয়োগ কৰি তেওঁলোকক জিএছটি কৰ্তন নকৰাকৈ বিভিন্ন ট্ৰেইনিঙৰ নামত কমিছনৰ ধন দিয়ে৷ কোম্পানীভেদে তেনে এজেণ্টৰ নাম ভিন ভিন৷ সম্প্ৰতি জি এছ টি কৰ্তৃপক্ষই বীমা কোম্পানীৰ তেনে জি এছ টি ফাঁকি দিয়া দেশৰ প্ৰায় সকলো বীমা কোম্পানীত তালাচী চলাই আছে আৰু কোটি কোটি টকাৰ জি এছ টি ফাঁকি ধৰা পেলাইছে৷ এই ধন তৃতীয় পক্ষৰ ‘ভেণ্ডাৰ’ৰ যোগে আদায় দিয়ে৷ এইক্ষেত্ৰত এল আই চিয়ো ব্যতিক্ৰম নহয়, তেওঁলোকে এজেণ্টৰ কমিছনৰ পৰা জি এছ টি কৰ্তন নকৰে৷ আনহাতে, এল আই চিয়ে ৮৪ কোটি টকাৰ আয়কৰো ফাঁকি দিছে৷ সেই ধনো ভৰিব লাগিব কোম্পানীটোৱে৷ ২০১২-১৩ বিত্তীয় বৰ্ষত এলআইচিয়ে ১২.৬১ কোটি, ২০১৮-১৯ বিত্তীয় বৰ্ষত এলআইচিয়ে ৩৩.৮২ কোটি আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত এলআইচিয়ে ৩৭.৫৮ কোটি টকা আয়কৰ আদায় দিয়া নাই৷ সেই সমস্ত ধন ভৰিব লাগিব কোম্পানীটোৱে৷