Logo
image

উক্তি-বক্ৰোক্তি

⚫সেই শিশুবোৰ, সেই মহিলাবোৰ, সেই বৃদ্ধ-বৃদ্ধাবোৰক বোমা 

মাৰি মাৰি হত্যা কৰিছে৷ এই হত্যাৰ কোনো বৈধ কাৰণ নাই৷ 

কোনো যুক্তি নাই৷ ইজৰাইলে এনেদৰে এফালৰ পৰা 

পেলেষ্টাইনত কৰা হত্যাযজ্ঞ বন্ধ কৰক৷ 

– ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁ


⚫মুখ্যমন্ত্ৰী আমাৰ বছ নহয়৷ শংকৰ সংঘৰ সভা বা আন ক’ৰবালৈ 

গ’লে মই মুখ্যমন্ত্ৰীক সুধি যাম নেকি? মোৰ ভাষণ শুনি সকলোৱে 

প্ৰশংসা কৰিছে৷ 

– এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল


বিশ্বৰ নেতাসকলে হামাছক ধিক্কাৰ দিয়ক৷ ইজৰাইলক ধিক্কাৰ 

দিব নালাগে৷ হামাছে আজি যি অপৰাধ ইজৰাইলত কৰিছে,

কাইলৈ সেই অপৰাধ পেৰিছ, নিউয়ৰ্ক বা পৃথিৱীৰ যিকোনো 

স্থানত সংঘটিত কৰিব পাৰে৷ 

– ইজৰাইলৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতান্যাহু


বিজেপি চৰকাৰে দুমুখীয়া নীতি গ্ৰহণ কৰে৷ আফতাবুদ্দিন 

মোল্লাৰ বক্তব্য আমি সমৰ্থন নকৰোঁ৷ কিন্তু শিলাদিত্য দেৱ আৰু 

বদৰুদ্দিন আজমলে একেৰাহে সাম্প্ৰদায়িক মন্তব্য কৰি থাকে৷ 

বিজেপি চৰকাৰে তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ নকৰে৷ 

– কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ


হিজবুল্লা নামৰ সন্ত্ৰাসবাদী সংগঠনটো বেছ স্মাৰ্ট৷ তেওঁলোকে 

কৰিছে যিমান তাতকৈ বেছি প্ৰচাৰ চলাবলৈ সক্ষম হৈছে৷ 

ইজৰাইলে নিজৰ জনসংযোগ উন্নত কৰা প্ৰয়োজন৷ তেওঁলোকে 

কিয় পেলেষ্টাইনত উপৰ্যুপৰি আক্ৰমণ কৰি আছে সেয়া বিশ্বক 

ভালকৈ বুজাব পৰা নাই৷ 

– প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প


চিনেমা, গানত ৰাজনীতি আহিব নাপায়৷ যতীন বৰাই ধুনীয়াকৈ 

এখন চিনেমা বনাইছে, সকলোৱে চাওক৷ আমি চাই ভাল 

পাইছোঁ৷ বহুতে চাইছে, কিছুমানে বিতৰ্ক কৰি আছে৷ 

– জুবিন গাৰ্গ


সঁচা কথা ক’বলৈ গ’লে মই ভাৰতলৈ আহি এইবাৰ অশেষ মৰম 

লাভ কৰিছোঁ৷ আমাৰ দলটোৱেও ভাৰতত সীমাহীন সমৰ্থন 

পাইছে৷ মই নিজে ইমান ভাল খেলিব নোৱাৰিলোঁ৷ দলৰ প্ৰদৰ্শনো 

সন্তোষজনক নহ’ল৷ কিন্তু এনে সত্ত্বেও ভাৰতীয় দৰ্শকৰ পৰা আমি 

বিশ্বকাপৰ আটাইকেইখন মেচত অকুণ্ঠ সমৰ্থন লাভ কৰিলোঁ৷ 

ভাৰতবাসীক মই ধন্যবাদ জনাইছোঁ৷

– পাক ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজম


মিষ্টাৰ আদানি, এইবাৰ মহুৱাৰ টিকট কটা যাব বুলি কৈ নিজৰ 

সময় নষ্ট নকৰিব৷ মোক খলনায়িকা সজোৱাৰ চেষ্টা চলোৱা 

হৈছিল৷ কিন্তু দেখিছোঁ, এতিয়া মই নায়িকাহে হৈ উঠিছোঁ৷ এইবাৰ মোৰ বিজয়ৰ ব্যৱধান দুগুণ হ’ব৷ 

– তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ