Logo
image

সঘনাই ডিঙি শুকালে সাৱধান হওক

ৰাতি শোৱাৰ পাছত সাৰ পালে পিয়াহ লগাটো স্বাভাৱিক কথা৷ কিন্তু শুবলৈ যোৱাৰ পাছত সঘনাই ডিঙি শুকাই যোৱা যেন অনুভৱ হলে সাৱধান হওক৷ এয়া কোনো ৰোগৰ লক্ষণো হ’ব পাৰে৷ অৱশ্যে অন্যান্য কাৰণতো ডিঙি শুকাব পাৰে৷ উল্লেখ কৰা হ’ল তেনে কেইটামান কাৰণ–

🟥বহু সময়ত বহুতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা বাবে ঔষধ সেৱন কৰিবলগীয়া হয়৷ দীৰ্ঘদিন ধৰি ঔষধ সেৱন কৰাৰ বাবেও নিশা শোৱাৰ সময়ত বা টোপনিৰ পৰা সাৰ পালেই ডিঙি শুকাই যোৱা যেন ভাব হ’ব পাৰে৷ 

🟥 বহুতে টোপনিৰ সময়ত  নাকৰ পৰিৱৰ্তে মুখেৰে শ্বাস-প্ৰশ্বাস লয়৷ এই বাবেও ডিঙি শুকাব পাৰে৷

🟥 ধুমপান বা মদ্যপানৰ বাবেও এনেকুৱা হ’ব পাৰে৷

🟥ডায়েবেটিছজনিত ৰোগত ভুগিলেও ডিঙি শুকাই যোৱা যেন অনুভৱ হ’ব পাৰে৷ এনেকুৱা হ’লে চিকিৎসকৰ পৰামৰ্শ লওঁক৷