অসমৰ শিক্ষানুষ্ঠানত ৰাষ্ট্ৰীয় শিক্ষানীতি সুগমনে?
শিক্ষা, সংস্কৃতি, ক্ৰীড়াৰ বিকাশৰ দ্বাৰা নতুন প্ৰজন্মক প্ৰকৃতাৰ্থত মানৱ সম্পদৰূপে গঢ়াৰ বাবে ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ লগতে অসম চৰকাৰেও অসংখ্য আঁচনি-প্ৰকল্পৰ উপৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ কম বয়সীয়া লোকৰে পৰিপূৰ্ণ এখন ৰাষ্ট্ৰৰ অগণন শিক্ষাৰ্থীক ভৱিষ্যতে যোগ্য, দক্ষ নাগৰিকৰূপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰ, ৰাজ্য চৰকাৰে লোৱা ব্যৱস্থাসমূহ সময়োপযোগী৷ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ প্ৰয়োগৰ পাছত আন্তঃবৈষয়িক পাঠ্যক্ৰম, বিদ্যায়তনিক বিষয়সমূহৰ লগতে ক্ৰীড়া সংস্কৃতি, দক্ষতা কেন্দ্ৰিক পাঠ্যক্ৰমৰ সংযোজনৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে নিজ পছন্দ অনুসৰি বিষয়, পাঠ্যক্ৰম নিৰ্বাচন কৰিব পৰা ব্যৱস্থাৰ ফলত পৰম্পৰাগতভাৱে চলি অহা শিক্ষা ব্যৱস্থা, শিক্ষা পদ্ধতিৰ এক আমূল পৰিৱৰ্তন ঘটিছে৷ স্কুলীয়া শিক্ষাৰ লগতে উচ্ছ শিক্ষাৰ ক্ষেত্ৰতো হোৱা এই পৰিৱৰ্তনসমূহৰ সৈতে খাপ খুৱাই শিক্ষা ব্যৱস্থাক লৈ যাব পাৰিলেহে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ প্ৰয়োগৰ মূল লক্ষ্য, উদ্দেশ্যসমূহ বাস্তৱায়িত হোৱাৰ সম্ভাৱনা আছে৷ দোহৰাৰ প্ৰয়োজন নাই যে নতুন দক্ষতা কেন্দ্ৰিক-কাৰিকৰী পাঠ্যক্ৰম, মূল্যবোধ শিক্ষাৰ পাঠ্যক্ৰম আৰু আন্তঃবৈষয়িক বহু বৈষয়িক পাঠ্যক্ৰমসমূহ সংযোজন কৰাৰ লগে লগে নতুন পাঠ্যপুথি, আন্তঃগাঁথনি আদিৰ প্ৰয়োজনৰ সমান্তৰালকৈ শিক্ষকৰ প্ৰশিক্ষণ, নতুন শিক্ষকৰ নিযুক্তি আদি বিষয়সমূহকো উপেক্ষা কৰিব নোৱাৰি৷ স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত পূৰ্বৰ ১০+২ ব্যৱস্থাৰ অৱসান ঘটাই ৫+৩+৩+৪ প্ৰয়োগ কৰাৰ লগে লগে চাৰিওটা স্তৰকো নতুন ৰূপত সজাই ভৱিষ্যত দিনৰ বাবে এক শক্তিশালী শিক্ষাৰ ভেটি গঠন প্ৰক্ৰিয়াক সৱল কৰাৰ সুযোগ আহি পৰিছে৷ প্ৰণিধানযোগ্য প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, উচ্ছ মাধ্যমিক শিক্ষাক সঠিকভাৱে গঢ় দিব নোৱাৰিলে উচ্চ শিক্ষাৰ গাঁথনিক কেতিয়াও শক্তিশালী কৰিব নোৱাৰি৷ লগতে নতুন শিক্ষানীতিয়ে ২০৩৫ চনৰ ভিতৰত উচ্চ শিক্ষাত শিক্ষাৰ্থীৰ অন্তৰ্ভুক্তিৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ যি লক্ষ্য স্থিৰ কৰিছে তাক ফলৱতী কৰিবলৈ হ’লে স্কুলীয়া শিক্ষাক সঠিকভাৱে গঢ়ি তোলাৰ গত্যন্তৰ নাই৷ লক্ষণীয়ভাৱে অসম চৰকাৰে উচ্ছ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহত বহুদিন ধৰি খালী হৈ থকা শিক্ষক-কৰ্মচাৰীৰ পদসমূহৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰি নিযুক্তিৰ ব্যৱস্থা কৰিছে যদিও পৰিৱৰ্তিত নতুন শিক্ষা ব্যৱস্থাৰ লগত সংগতি ৰাখি বৃদ্ধি পোৱা পাঠ্যক্ৰমসমূহৰ বিপৰীতে প্ৰায়বোৰ শিক্ষানুষ্ঠানতে অভাৱ থকা শিক্ষকসমূহৰ কেনেকৈ জোৰা মাৰিব তাৰ কোনো নিৰ্দেশনা নাই৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি ভাষাৰ যোগ্যতা পাঠ্যক্ৰম (এইচি)ৰ ক্ষেত্ৰত শিক্ষাৰ্থীয়ে হিন্দী বা অসমীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব৷ কিন্তু অসমৰ ৯৫ শতাংশ কলেজতে হিন্দী বিষয়টো নাই৷ ফলত ক্লাষ্টাৰিং পদ্ধতিৰ যোগেদিও এই বাধ্যতামূলক বিষয়টোত শিক্ষাদান সম্ভৱ নহয়৷ অৱধাৰিতভাৱে শিক্ষানুষ্ঠানসমূহে ঠিকাভিত্তিত বা অস্থায়ী শিক্ষক নিযুক্তিৰ অবিহনে অন্য কোনো পন্থা নাথাকিব৷ ঠিক তেনেদৰে কাৰিকৰী, স্কীল পাঠ্যক্ৰমৰ ক্ষেত্ৰত বহু নতুন পাঠ্যক্ৰম অসমৰ বিশ্ববিদ্যালয়সমূহে সংযোজন কৰিছে যদিও ইয়াৰ বাবে প্ৰয়োজনীয় শিক্ষক, লেবৰেটৰী আদি ব্যৱস্থাসমূহ কেনেকৈ জোৰা মাৰিব তাৰ কোনো উত্তৰ নাই৷ এই পাঠ্যক্ৰমসমূহৰ বহুতৰে কৰ্ছ ডিজাইন, পৰীক্ষা অনুষ্ঠিত কৰা আৰু মূল্যায়ন কৰা সকলো ব্যৱস্থা কলেজসমূহৰ ওপৰতে অৰ্পণ কৰা বাবে সংশ্লিষ্ট বিষয়ৰ যোগ্য শিক্ষকক অস্থায়ী ভিত্তিত হ’লেও নিযুক্তি দিয়াটো অতি প্ৰয়োজন৷ উল্লেখ্য ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ অনুসৰি চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰু নতুন নতুন বিষয়ৰ সংযোজনৰ বাবে পূৰ্বৰ তুলনাত কলেজ, বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি, নতুন শ্ৰেণীকোঠা, লেবৰেটৰী নিৰ্মাণ তৎকালে প্ৰয়োজন হৈ পৰিছে৷ প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান (পিএমইউএছএ)ৰ যোগেদি এই ক্ষেত্ৰত প্ৰাথমিক পদক্ষেপ লোৱা হৈছে যদিও এইখিনি সম্পূৰ্ণ হৈ আন্তঃগাঁথনি প্ৰস্তুত হোৱালৈ বহু সময়ৰ প্ৰয়োজন হ’ব৷ ইফালে ‘নাক’ৰ মূল্যায়নৰ ক্ষেত্ৰত বহু পূৰ্ব-চৰ্ত নিৰূপিত হোৱাৰ বাবেও অসমৰ উচ্চ শিক্ষানুষ্ঠানসমূহে উপৰিউক্ত দিশসমূহৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত৷ অসমৰ শৈক্ষিক খণ্ডত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ প্ৰয়োগ কৰি চৰকাৰৰ শিক্ষা বিভাগে এক যোগাত্মক ভূমিকা পালন কৰিছে৷ অৱশ্যে এখন নতুন আঁচনি গ্ৰহণ কৰাটোতে সফলতা নিহিত নাথাকে৷ নতুন শিক্ষানীতিত অন্তৰ্ভুক্ত সকলো দিশ কম সময়তে সমাধান কৰাটো সম্ভৱ নহয়৷ কিন্তু হুৰমূৰ কৰিলে মূল লক্ষ্যৰ পৰা বিচ্যুত হোৱাৰ সম্ভাৱনা অধিক হৈ পৰিব৷ সেয়েহে এই ক্ষেত্ৰত পৰ্যায়ক্ৰমে সকলো দিশ বিবেচনা কৰি অগ্ৰসৰ হ’লেহে শিক্ষাৰ্থী আৰু শিক্ষা ব্যৱস্থাৰ বাবে মংগলজনক হ’ব৷ চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ শিক্ষক, শিক্ষাৰ্থীক বহু অপ্ৰয়োজনীয় কামত জড়িত কৰাৰ পৰা বিৰত থকাৰ সময়ো সমাগত৷






