Logo
image

ডালিমত আছে এইসমূহ ঔষধি গুণ

থলুৱাভাৱে পোৱা ফল-মূলৰ ভিতৰত ডালিম অতি পুষ্টকৰ খাদ্য৷ শাৰীৰিক দুৰ্বলতা গুচাবলৈ ডালিম খাব লাগে৷ শৰীৰটোক ক্ষতিকৰা কিছুমান অপ্ৰয়োজনীয় পদাৰ্থক ডালিমে নিয়ন্ত্ৰণ কৰে৷ সেই বাবে ডালিম মানুহে খোৱা উচিত৷ এইবিধ ফল যকৃত, হৃদপিণ্ড, বৃক্কৰ সু-ৰক্ষাৰ কবচ বুলি ক’ব পাৰি৷ যি কোনো ধৰণৰ কৰ্কট ৰোগৰ কোষক নাশ কৰিব পাৰে এইবিধ ফলে৷ ডালিভৰ ৰসে জ্বৰ, কাহ, শ্বাস, অৰুচি, গ্ৰহণী, কফ, বায়ু পিত্ত, আদি বহু ৰোগৰ উপকাৰী ফল৷ তদুপৰি ডামিলত আছে বহু ঔষধি গুণাগুণ৷ 

🔷 গৰ্ভৱতী মহিলা আৰু গৰ্ভত থকা সন্তানৰ স্বাস্থ্য সু-ৰক্ষাৰ বাবে ডালিম বা ডালিমৰ ৰস খোৱাটো অতি প্ৰয়োজন৷ মহিলাৰ আতি ঋতু স্ৰাৱত ডালিম খালে উপকাৰত আহে৷ 

🔷 ডলিমৰ আন এক উৎকৃষ্ট গুণ হ’ল ই মুখমণ্ডল আৰু ছালত বয়সৰ চাপ পৰিবলৈ নিদিয়ে৷ ইয়াৰ ৰস বা ফল নিয়মীয়াকৈ খালে আয়ুষ বৃদ্ধি পায়৷

🔷 স্মৃতি শক্তি বৃদ্ধি কৰাৰ লগতে আলজাইমা ৰোগৰ পৰা হাত সাৰি থাকিবলৈ ডালিম খাব পাৰে৷ ডালিমৰ ৰসে তৃষ্ণা দূৰ কৰিব পাৰে৷ সেইদৰে হজমী শক্তি বৃদ্ধি কৰে এইবিধ ফলে৷ 

🔷 ডালিমে শৰীৰৰ ভিটামিন চিৰ সমতা ৰক্ষা কৰিব পাৰে৷ ডালিমৰ ৰসে পেটৰ বহু ৰোগ নিৰাময় কৰিব পাৰে৷ 

🔷 শিশুৱে টোপনিত দাঁত কামুৰিলে বা পেলু হ’লে ডালিমৰ শিপা বা চালৰ ৰস খালে উপকাৰ আহে৷ 

🔷 ডালিমৰ ৰসত অলপ চেনি দি খালে হিকটি অহা বন্ধ হয়৷ 

🔷 ডালিভৰ ৰসে জ্বৰ, কাহ, শ্বাস, অৰুচি, গ্ৰহণী, কফ, বায়ু পিত্ত, আদি বহু ৰোগৰ উপকাৰী ফল৷ কিন্তু খালি পেটত বা ৰাতি  ডলিম খাব নেলাগে৷