Logo
image

কংগ্ৰেছৰ নেতা-বিধায়কলৈ আহিছে বিজেপিৰ ‘অ’ফাৰ’

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ নৱেম্বৰঃ কংগ্ৰেছৰ নেতা-বিধায়কলৈ আহিছে বিজেপিৰ অ’ফাৰ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাৰ্যতঃ আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিলে বিশেষ অ’ফাৰ৷ বিজেপিয়ে কংগ্ৰেছৰ শীৰ্ষ নেতা ভূপেন বৰা, ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈক দিছে বিশেষ অ’ফাৰ৷ ভূপেন বৰাৰ বাবে ২৫ কোটি, ৰকিবুল হুছেইনৰ বাবে ৩০ কোটি আৰু গৌৰৱ গগৈৰ বাবে ৪০ কোটি টকাৰ বাম্পাৰ অ’ফাৰ দিয়া বুলি কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্লই৷ ইয়াৰ পাছতে সোমবাৰে নগাঁৱত সংবাদ মেল পাতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমালোচনাৰে থকা সৰকা কৰে বিজেপিক৷ তেওঁ কয়–লখিমপুৰত বিজেপি দলৰ দুজনকৈ সভাপতি কংগ্ৰেছ দলত যোগদান কৰিলে৷ তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক চিনি নাপাওঁ বুলি ক’লে৷ কাৰ্বি আংলঙত জয়ৰাম ইংলেঙে কংগ্ৰেছত যোগদান কৰিলে তেতিয়াও তেওঁক মুখ্যমন্ত্ৰীয়ে চিনি নাপাওঁ বুলি ক’লে৷ বিজেপিত কোনোবা এজনে যোগদান কৰিলে সেইটো বাৰে বাৰে ওলায়েই থাকে৷ তাৰ বাবে কংগ্ৰেছক প্ৰশ্ন কৰি থাকে৷ কিন্তু বিজেপিক প্ৰশ্ন নকৰে৷ তেজপুৰত আজি এইদৰে এক সংবাদমেলত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ নগাঁও কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই বিজেপিত যোগদান কৰা সন্দৰ্ভত এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে৷ তেওঁ কয়– এনেবোৰ কথাৰ সকলো উত্তৰ ২০২৪ৰ লোকসভা নিৰ্বাচনতে পোৱা যাব৷ ইয়াৰ উত্তৰ ৰাইজেই দিব৷ আনহাতে সম্প্ৰতি বিজেপিয়ে ১০কোটি, ১৫কোটি আৰু ২৫কোটি টকাৰে চাহবাগিছাত ঘূৰা মানুহজনৰ মুখখন বা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈ থকা মানুহজনৰ মুখখন বন্ধ কৰাৰ বাবে এক দৰদাম কৰি চোৱা বুলিও উল্লেখ কৰি কয় যে, বিজেপিয়ে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নোবাৰে৷ কিন্তু এইবোৰ কথা কোৱা মানুহক কিনিবলৈ ২৫কোটি খৰচ কৰিব৷ সেই টকা চাহশ্ৰমিকক নিদিয়ে কিয় বুলি প্ৰশ্ন কৰা বৰাই আৰু কয় যে, আমি শ্ৰীমন্ত শংকৰদেৱ, চ্যুকাফা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাক গুৰু হিচাপে মানো৷ তেওঁলোকে আমাক বিক্ৰী হ’বলৈ শিকোৱা নাই৷ ক্ৰেতা সকলেহে এইবোৰ কিনা বিকাৰ কথা চিন্তা কৰে৷ লোকসভা নিৰ্বাচনত নিজেই তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়ে তেওঁ ভবা নাই বুলি মন্তব্য কৰি বৰাই কয়– আমাৰ ১৫টা দলৰ মাজত নিৰ্বাচনী মিত্ৰতা হৈছে৷ কংগ্ৰেছৰে ৮৪জনে টিকট বিচাৰিছে৷ গতিকে তেওঁ লগতে কয়– মোৰ কথা আমাৰ দলৰ হাইকমাণ্ডে চিন্তা কৰিব৷ মই ইতিমধ্যে হাইকমাণ্ডক কৈছোঁ মই অসম প্ৰদেশ কংগ্ৰেছৰ কথা আৰু ৰাজ্যত লোকসভা নিৰ্বাচনৰ কথা চিন্তা কৰিম৷ আপোনালোকে মোৰ কথা চিন্তা কৰিব৷ ইপিনে, সাংসদ গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা নে কাজিৰঙা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া এই পৰ্যন্ত নিশ্চিত কৰা হোৱা নাই বুলিও মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়, অহা তিনি ডিচেম্বৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ আবেদনবোৰ গ্ৰহণ কৰা হ’ব আৰু তাৰপিচতহে এইবোৰ বিষয় থিৰাং কৰা হ’ব৷ আনহাতে বদৰুদ্দিন আজমলৰ প্ৰসংগত উত্থাপিত প্ৰশ্নৰ উত্তৰত বৰাই কয় যে আজমল কংগ্ৰেছৰ ৱাজেদ আলি চৌধুৰীৰ বিৰুদ্ধে বিধানসভা নিৰ্বাচনত পৰাজিত হৈছে গতিকে আজমলকলৈ একাংশই প্ৰচাৰ চলাই আছে৷ কোনোবাই তেওঁক পৰিকল্পিতভাৱে ডাঙৰ সজাই এইদৰে প্ৰচাৰ চলাই আছে৷ তেওঁ কয় যে বৰ্তমান বিজেপি চৰকাৰৰ দিনত ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিয়ে চৰম সীমা অতিক্ৰম কৰিছে৷ কংগ্ৰেছ দলে শাসনলৈ আহিলে এছ আই টি গঠন কৰি এই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ তদন্ত কৰিব৷ বিজেপিয়ে বৰ্তমান মানুহ কিনিবলৈ ওলাইছে ২৫ কোটি ৫০ কোটি টকাৰে৷ এই টকা ক’ৰ পৰা আহিছে? এয়া ৰাইজৰ টকা৷ যিহেতু বিজেপি দলৰ চৰকাৰ শাসনত আছে সেইবাবে তেওঁলোকৰ ঘৰত তদন্ত নহয়৷ বৰাই দাবী কৰে যে, তিনি ডিচেম্বৰত ঘোষিত হ’বলগীয়া পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল কংগ্ৰেছৰ সপক্ষে ৫-০ হ’ব৷