ডায়েবেটিছ ৰোগীৰ এইবোৰ শাক-পাচলি উপকাৰী
সমগ্ৰ বিশ্বত দ্ৰুতগতিত বাঢ়িছে ডায়েবেটিছ ৰোগ৷ একমাত্ৰ বয়স্ক লোকেই নহয়, তৰুণো ডায়েবেটিছৰ কবলত পৰিছে৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে দুৰ্বল জীৱন-যাপন তথা মানসিক চাপৰ কাৰণে ডায়েবেটিছ দ্ৰুতগতিত বাঢ়িছে৷ প্ৰকৃততে ইয়াৰ কোনো প্ৰতিকাৰ নাই, বৰঞ্চ নিয়ন্ত্ৰণ কৰিব পাৰি৷
ডায়েবেটিছ ৰোগীসকলে খাদ্যাভাসৰ ক্ষেত্ৰত বিশেষ খেয়াল ৰখা অতি প্ৰয়োজন৷ বিশেষকৈ খাদ্য তালিকাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত৷ বাছি বাছি খাব লাগে, এনে কিছু খাদ্য যি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰি ৰাখে৷ খাদ্য তালিকাত সেউজীয়া সতেজ শাক-পাচলি অন্তৰ্ভুক্ত কৰা উচিত, যাতে প্ৰয়োজনীয় পুষ্টি পায়৷ সেউজীয়া শাক-পাচলিয়ে ডায়েবেটিছ ৰোগীৰ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত বিশেষভাৱে সহায় কৰে৷ সতেজ শাক-পাচলি খোৱাতো মাত্ৰ ডায়েবেটিছ আক্ৰান্তসকলৰ বাবেই নহয়, অনেক গুৰুতৰ ৰোগৰ ক্ষেত্ৰতো ই উপকাৰী৷ এতিয়া ডায়েবেটিছ ৰোগীসকলে কি কি শাক-পাচলি খোৱা উচিত–তাক জানো আহক৷
◾ শাকঃ পালেং শাক স্বাস্থ্যৰ বাবে মহৌষধ স্বৰূপ৷ পালেং শাক আইৰণেৰে সমৃদ্ধ৷ এনে ধৰণৰ শাকত পুষ্টি উপাদান পোৱা যায়৷ ডায়েবেটিছ ৰোগীসকলৰ কাৰণে আশীৰ্বাদ স্বৰূপ৷ এক গৱেষণাৰ দ্বাৰা জনা গৈছে যে পালেং শাকে ইনচুলিন সংবেদনশীলতা উন্নত কৰে৷ ডায়েবেটিছ ৰোগীয়ে পালেং শাকৰ জুচ বনাই খাব পাৰে৷
◾ বিলাহীঃ বিলাহী ডায়েবেটিছ ৰোগীৰ কাৰণে খুবেই উপকাৰী৷ বিলাহীত আছে লাইকোপেন নামৰ এবিধ এণ্টিঅক্সিডেণ্ট, যি তেজৰ শৰ্কৰাক নিয়ন্ত্ৰণত ৰাখে৷ বিলাহীত থকা ভিটামিন-চিৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়৷ তদুপৰি বিলাহী খোৱাতো হাৰ্টৰ কাৰণেও ভাল৷
◾ ভেন্দিঃ ভেন্দিত ফাইবাৰৰ পৰিমাণ অধিক থাকে৷ গৱেষণাৰ দ্বাৰা জনা গৈছে যে ভেন্দি খালে তেজৰ শৰ্কৰাৰ মাত্ৰা কমে৷ তদুপৰি ডায়েবেটিছৰ উপৰিও অনেক ৰোগৰ ক্ষেত্ৰত ভেন্দি উপকাৰী বুলি গৱেষণাযোগে বিশেষজ্ঞসকলে প্ৰমাণ কৰিছে৷